কেনেকৈ অপহৰণকাৰীৰ ফান্দত পৰিছিল সুনীল পাল?, মুখ খুলিছে কমেডিয়ানজনে
ডিজিটেল ডেস্কঃ বলীউডৰ চিনেমাৰ কায়দাৰে অপহৰণ কৰা হৈছিল কৌতুক অভিনেতা সুনীল পালক৷ সুনীল পালক অপহৰণ কৰিবলৈ এক বৃহৎ ফান্দ পাতিছিল অপহৰণকাৰীয়ে৷ সুনীলক ফান্দত পেলাবলৈ এটা ভুৱা শ্ব'ৰ আয়োজন কৰিছিল অপহৰণকাৰীয়ে৷ ২ ডিচেম্বৰত হৰিদ্বাৰত এটা শ্ব'ৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কমেডিয়ানজনক৷ চুক্তি নিশ্চিত কৰিবলৈ সুনীল পালৰ একাউণ্টত জমা দিয়া হৈছিল আগধন।
শ্ব'ৰ বাবে প্ৰথমে দিল্লীত উপস্থিত হৈছিল সুনীল পাল৷ দিল্লীৰ সীমান্তৰ পৰাই অপহৰণৰ কৰা হৈছিল তেওঁক৷ অনুৰাগীৰ বেশত অহা অপহৰণকাৰীয়ে প্ৰথমে চেল্ফি উঠাৰ চলেৰে কাষ চাপিছিল সুনীল পালৰ৷ তাৰ পিছত গাড়ীৰ ভিতৰলৈ ঠেলা মাৰি ভৰাই চকুত ক'লা কাপোৰ বান্ধি তেওঁক লৈ গৈছিল কোনো এক অজ্ঞাত স্থানলৈ৷
অপহৰণকাৰীয়ে মুক্তিপণৰ বাবে সুনীল পালক দাবী কৰিছিল ২০ লাখ টকা৷ মুক্তিপণৰ দৰদামৰ পাছত চাৰে সাত লাখ টকাত সুনীল পালক মুক্তি দিবলৈ সাজু হৈছিল অপহৰণকাৰী৷ চাৰে সাত লাখ টকা দি অপহৰণকাৰীৰ কবলৰ পৰা কোনো মতে ৰক্ষা পৰিছিল সুনীল৷
উল্লেখ্য যে ২ ডিচেম্বৰত সুনীল পাল নিৰুদ্দেশ হোৱা খবৰ ওলাইছিল৷ ইয়াৰ পিছতে তেওঁৰ পত্নীয়ে আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল৷ কিন্তু এদিনৰ পাছতে অৰ্থাৎ ৩ ডিচেম্বৰত সন্ধান ওলাইছিল সুনীল পালৰ৷ সামাজিক মাধ্যমত এই ঘটনাৰ পিছতে ট্ৰ'লৰো সন্মুখীন হৈছিল কমেডিয়ানজন৷ একাংশই ক'ব খোঁজে, এয়া আছিল সুনীল পালৰ পাব্লিচিটী ষ্টাণ্ট৷ কিন্তু শেহতীয়াকৈ সুনীল পালে তেওঁৰ লগত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত মুখ খুলিছে৷ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে ট্ৰ'লাৰ্ছৰ৷ সুনীল পালে কয় যে তেওঁৰ পৰিয়ালৰ সকলো তথ্য আছিল অপিহৰণকাৰীৰ ওচৰত৷ মুক্তিপণৰ বাবে সাৰে সাত লাখ টকা দিয়াৰ পাছত ঘৰলৈ আহিবৰ বাবে ফ্লাইটৰ টিকট কৰিবলৈ ২০ হাজাৰ টকা সুনীল পালক দিছিল অপহৰণকাৰীয়ে ৷