ৰাজ্যৰ দুখন পঞ্চায়তলৈ ৰাষ্ট্ৰীয় বঁটা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ডিচেম্বৰ : ৰাজ্যৰ পঞ্চায়ত বিভাগৰ সফলতাৰ শিতানত সংযোগ হ’ল আন এক অধ্যায়৷ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাত অসমৰ দুখন পঞ্চায়তে লাভ কৰিবলৈ সক্ষম হৈছে দুটাকৈ সন্মানীয় বঁটা৷ দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ ৯ টা মূল বিষয়বস্তু শিতানত শিশু অনুকূল পঞ্চায়ত শিতানত মাজুলী জিলাৰ উজনী মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনৰ শ্ৰেষ্ঠ গাওঁ পঞ্চায়ত শিতানত নগাঁৱ জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বেৱেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
অহা ১১ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰীৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব৷ অনুষ্ঠানত ৰাজ্যৰ পঞ্চায়ত বিভাগৰ উচ্ছ পদস্থ বিষয়াৰ লগতে অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰা উক্ত পঞ্চায়তৰ প্ৰতিনিধিয়ে এই বঁটা গ্ৰহণ কৰিব৷ এই সন্মানীয় বঁটা দুটা লাভ কৰাৰ বাবে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পঞ্চায়ত দুখনৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰৰী সকলক অভিনন্দন জনাইছে৷ এই বঁটাই অসমৰ গ্ৰামাঞ্চল তথা তৃণমূল পৰ্যায়ৰ উন্নয়নৰ ধাৰা প্ৰতিফলন কৰিছে বুলি মত ব্যক্ত কৰিছে মন্ত্ৰী দাসে৷ এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীজনে কয়–‘অসমৰ দুখনকৈ গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত হোৱাত মই অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ৷ ‘ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৪’ৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ শাখাৰ শিশুৰ বাবে অনুকূল পঞ্চায়ত শীৰ্ষক বিষয়ৰ পুৰস্কাৰত মাজুলী জিলাৰ উজনি মাজুলীৰ উন্নয়ন খণ্ডৰ জেংৰাই গাঁও পঞ্চায়তে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ শাখাৰ শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শ্ৰেণীত নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তে দ্বিতীয় স্থান লাভ সক্ষম হৈছে৷ এই গৌৰৱৰ মুহূৰ্তত বিভাগীয় মন্ত্ৰী হিচাবে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুয়োখন পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে নিৰ্বাচিত সদস্যসকলৰ লগতে গঞা ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ৷’