Logo
image

কুঁৱলীৰ মাজেৰে আহিছে শীতঃ বৰষুণৰো সম্ভাৱনা

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৭ ডিচেম্বৰঃ গোলকীয় উষ্ণতা, জলবায়ুৰ পৰিৱৰ্তন, অবাধ বনধংস আদিৰ বাবে দেৰিকৈ আহিছে শীত৷ যাৰ বাবে দুই-তিনি দশক আগলৈকে আহিন মাহত পৰিবলগীয়া শীতৰ বাবে এতিয়া আঘোণ মাহলৈকে অপেক্ষা কৰিবলগীয়া হৈছে। ইফালে আঘোণ মাহৰ প্ৰথম দুটা সপ্তাহ পৰ্যন্ত দিনৰ ভাগত শীতৰ আমেজ অনুভৱ নোহোৱাৰ পাছত তৃতীয় সপ্তাহ অৰ্থাৎ পহিলা ডিচেম্বৰৰ পৰাহে পলমকৈ হ'লেও দিনৰ ভাগত শীতৰ আমেজ অনুভৱ হৈছে। আগতে আঘোণ মাহ আৰম্ভ হোৱাৰ পূৰ্বেই কুঁৱলীয়ে বাট ভেটি ধৰিছিল। কিন্তু জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ বাবে পলমকৈহে আহিছে কুঁৱলীও। 



এক কথাত কুঁৱলীৰ মাজেৰেহে উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমলৈ পলমকৈ আহিছে শীত।‌ অৱশ্যে তুলনামূলকভাৱে গছ-গছনি, অৰণ্য, জলাশয় আদি থকা অঞ্চল, গাড়ী-মটৰ কমকৈ চলাচল কৰা গ্ৰামাঞ্চলত দিনৰ ভাগত বিগত কিছুদিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি পালেও গুৱাহাটীৰ দৰে গছ-গছনি কম থকা চহৰত দিনৰ ভাগত এতিয়াও কিছু গৰম অনুভূত হৈ আছে। অৱশ্যে বিয়লিৰ পাছত শীতৰ মাদকতাই সকলোকে চুই গৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত বিয়লিৰ পিছত চলি থকা এজাক পাতলীয়া চেঁচা বতাহে নমাই আনিছে শীতৰ মাদকতা। সন্ধিয়াৰে পৰা শীতৰ জঠৰতা বৈ আহিছে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলবাসীৰ প্রাত্যহিক জীৱনলৈ। 

আনহাতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি আগন্তুক মঙলবাৰৰ পৰা ৰাজ্যত শীতৰ প্ৰকোপ কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনকি চুবুৰীয়া মেঘালয়, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰো সম্ভাৱনা আছে। বৰ্তমান বেছিভাগ ঠাইতে তাপমাত্ৰা স্বাভাৱিক হৈ আছে যদিও আগন্তুক তিনি-চাৰিদিনত তাপমাত্ৰা কিছু নিম্নগামী হৈ স্বভাৱিকতকৈ এক বা দুই ডিগ্ৰী চেলচিয়াছ কমি যোৱাৰ সম্ভাৱনা আছে। 

আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়ৰ লগতে অসমৰ ডিমা হাছাও, বৰাক উপত্যকা আৰু ধুবুৰীকে ধৰি পশ্চিম অসম, বি টি চিৰ ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাব। আগন্তুক তিনি-চাৰিদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত অতি পাতলীয়া বৰষুণ হোৱাৰ লগতে দিনৰ ভাগত সৰ্বাধিক তাপমাত্ৰা ২৬ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন ঠাইত মাজনিশাৰ পৰা পুৱতি নিশালৈকে এতিয়াও গছ-গছনিকে ধৰি প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকা অঞ্চলসমূহত কিছু ডাঠ কুঁৱলী পৰাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ সতৰ্কতা জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।  

আনকি শীতৰ সমান্তৰালভাৱে সন্ধিয়াৰ পাছত ডাঠ আচ্ছাদনে ৰাজ্যৰ বেছিভাগ অঞ্চল ঢাকি ৰাখিব। ইফালে, আকাশ ডাৱৰীয়া হৈ থকা বাবে সন্ধিয়াপর্যন্ত ৰাজ্যৰ বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাব। আনহাতে শনিবাৰ সন্ধিয়াপর্যন্ত ৰাজ্যৰ কেতবোৰ নগৰ-চহৰত সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল এনেধৰণৰ- গুৱাহাটীত ২৫.৫ ডিগ্রী চেলচিয়াছ, ডিব্ৰুগড়ত ২৬.০ ডিগ্ৰী চেলচিয়াছ, তেজপুৰত ২৬.৪ ডিগ্ৰী চেলচিয়াছ, শিলচৰত ২৫.০  ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ২৪.৫ ডিগ্রী চেলচিয়াছ , যোৰহাটত ২৫.৩ ডিগ্ৰী চেলচিয়াছ,  উত্তৰ লখিমপুৰত ২৬.৪ ডিগ্রী চেলচিয়াছ। আনহাতে এই সময়ছোৱাত পূবৰ স্কটলেণ্ড চহৰ হিচাপে পৰিচিত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ১৪.৬ ডিগ্ৰী চেলচিয়াছ। উল্লেখ্য যে শুকুৰবাৰৰ দৰে শনিবাৰেও পুৱাৰে পৰা পলমকৈহে সূৰ্য দেৱতাই ভুমুকি মাৰিছে। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ শুকান হৈ পৰিছে। বহুদিন ধৰি বৰষুণ নহাৰ ফলত গুৱাহাটীৰ প্ৰাকৃতিক পৰিৱেশ ধূলিময় হৈ পৰিছে। গছ-বন সকলোতে পৰিছে ধূলিৰ আৱৰণ। কুঁৱলীৰ আচ্ছাদনে ঢাকি ধৰা আৰু এজাক পাতলীয়া বতাহ বলি থকাৰ বাবে নিশাৰ ভাগত ৰাজ্যত স্বাভাৱিকতে বৃদ্ধি পাইছে ঠাণ্ডাৰ জঠৰতা।