‘বন্ধু’ পাৱাৰক হাজাৰ কোটিৰ কেলেংকাৰিৰ গোচৰৰ পৰা ৰেহাই
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ডিচেম্বৰ : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এদিন পাছতে অজিত পাৱাৰক ১০০০ কোটি টকীয়া বেনামী সম্পত্তিৰ অভিযোগত ক্লিনশ্বিট প্ৰদান কৰিছে কেন্দ্ৰীয় আয়কৰ বিভাগে৷ ২০২১ চনত অজিত পাৱাৰৰ ১০০০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল আয়কৰ বিভাগে৷ পিছে যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ পাছত ‘প্ৰিভেনচন অব বেনামী প্ৰপাৰ্টি ট্ৰেনজেকচন এপিলেট ট্ৰাইবুনেলে’ অজিত পাৱাৰ আৰু তেওঁৰ পৰিয়ালক এই অভিযোগৰ তদন্তত সম্পূৰ্ণ নিকা বুলি কৈ গোচৰ আৰু অভিযোগৰ পৰা মুক্ত কৰি দিছে৷
এই গোচৰৰ পৰা মুক্ত হৈ অজিত পাৱাৰে কয় যে সদায় অভিযোগ উঠিলেই সঁচা বুলি ভাবিব নালাগে৷ সকলোৰে তেনে অভিযোগৰ বিৰুদ্ধে আবেদনৰ সুযোগ থাকে আৰু নিয়ম মানিয়েই তেওঁ অভিযোগমুক্ত হোৱা বুলি মন্তব্য কৰে৷ ২০২১ চনৰ ৭ অক্টোবৰত আয়কৰ বিভাগে অজিত পাৱাৰৰ দেশৰ বিভিন্ন স্থান যেনে দিল্লী, মুম্বাই, গোৱাত থকা বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলাইছিল৷ পাছত আয়কৰ বিভাগে তালাচী চলোৱা স্থানৰ ১০০০ কোটিৰো অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিছিল৷ ২০১৯ চনত তেওঁ বিজেপিৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিলেও পিছদিনাই চৰকাৰৰ পৰা ওলাই অহাত বিজেপিৰ চৰকাৰ ২ দিনত ভংগ হৈছিল৷ তাৰ পাছতে তেওঁ আয়কৰ বিভাগৰ ৰোষত পৰে৷