জীৱনৰ বিয়লি বেলাত মন মিলিল ককা-আইতাৰঃ ৭১ বছৰীয়া ককাই বিয়া পাতিব ৬৫ বছৰীয়া আইতাক
ডিজিটেল ডেস্কঃ বৃদ্ধ বয়সত মিলি গ'ল দুটা মন৷ প্ৰেমে যে বয়সৰ বাধা নামানে সেয়া আকৌ এবাৰ প্ৰমাণ হ'ল৷ 'অচিনাকী ভণ্টিজনীৰ নাজানো ক'ত ঘৰ' গীতিটি জুৰি ককাই প্ৰেমত পেলালে আইতাক৷ ককাৰ প্ৰেমত পৰি আইতাই ককাক দিলে বিবাহৰ প্ৰস্তাৱ৷ আৰু এই প্ৰেমেই এতিয়া পূৰ্ণতা পাবলৈ গৈ আছে৷
২৪ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব ককা-আইতা৷ এই বিবাহক লৈ এতিয়া চৰ্চা চলিছে৷ দৰা ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালা আৰু কইনা ৬৫ বছৰীয়া জয়া প্ৰভা বৰা৷ বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত বাস কৰা ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা আইতা জয়া প্ৰভা বৰাক৷
হয়তো নেদেখাজনেও এনেকৈয়ে লিখিছিল তেওঁলোকৰ প্ৰেম কাহিনী৷ জীৱনৰ তিনিকুৰি বছৰ পাৰ কৰাৰ পাছতো দুয়ো আছিল অবিবাহিত৷ অৱশেষত বৃদ্ধাশ্ৰমতে লগ পালে এজনে আনজনক৷ দুয়োৰে মাজত হ'ল প্ৰেম৷ অৱশেষত জীৱনৰ বিয়লি বেলাত এজনে আনজনৰ সংগী হ'বলৈ ৰাজি হ'ল দুয়ো৷
ককা-আইতাৰ বিয়াক লৈ চলিছে পূৰ্ণ প্ৰস্তুতি৷ বৃদ্ধাৱাসত এতিয়া বিবাহৰ আনন্দ৷ বিবাহৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে সকলো৷ উথপ-থপ লাগিছে বিবাসস্থলীত৷ বৃদ্ধাৱাসত এতিয়া শুনিবলৈ পোৱা গৈছে বিয়া নাম৷ অহা বছৰৰ ২৪ জানুৱাৰীত ককা পদ্মেশ্বৰ গোৱালাই বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসৰ পৰা দৰা সাজত গৈ বিয়া কৰি আনিব মঠঘৰীয়াৰ মাতৃ নিৱাসত বাস কৰা জয়া প্ৰভা বৰাক৷ দুয়োলৈ আমাৰ ফালৰ পৰাও অলেখ শুভেচ্ছা৷