Logo
image

পলাশবাৰী-শুৱালকুছি সংযোগী ফ’ৰলেন দলঙৰ ভূমিপূজন

‘আমাৰ অসম’ৰ শুৱালকুছিৰ প্ৰতিবেদক, ৯ ডিচেম্বৰ : ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজনেৰে আজি পলাশবাৰী-শুৱালকুছি ফ’ৰলেন দলঙৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী   ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিশত আজি এক ঐতিহাসিক দিন বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে ভূমি পূজন আজি সম্পন্ন কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰাৰ সময়ত অসমবাসীক এইমছ, তিনিখনকৈ নতুন মেডিকেল কলেজ জনসেৱাৰ উদ্দেশ্যে উৎসৰ্গিত কৰাৰ লগতে নাহৰকটীয়াত পেট্ৰ’কেমিকেলছ প্ৰকল্পৰ উদ্বোধন কৰাৰ উপৰি সেই দিনটোত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ পৰা ৩১৯৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া পলাশবাৰী-শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তদুপৰি সেই দিনটোত ১২ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰি গ্ৰীনিজ ৱাল্ডৰ্ ৰেকৰ্ড স্থাপনেৰে জাতিটোৰ নাম স্বৰ্ণিল আখৰেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল বুলিও তেওঁ দোহাৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত ইয়াৰ প্ৰকল্প প্ৰতিবেদন, নিবিদা আৰু ৰাইজৰ পৰা ভূমি সংগ্ৰহৰ কামত ব্ৰতী হৈ পৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে সকলো আনুষ্ঠানিকতা হোৱাৰ পিছত আজি ভূমি পূজন  কৰা হয়৷


মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই দলংখন ২০২৮ চনৰ জুন মাহত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে৷ এই দলংখন ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হোৱাৰ লগতে পলাশবাৰীৰ দিশত ৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া পথ থাকিব আৰু শুৱালকুছিৰ দিশত ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব৷ শুৱালকুছিৰ উত্তৰ ফালে যি আদ্ৰৰ্ভূমি আছে সেয়া যাতে সুৰক্ষা কৰিব পৰা যায় তাৰ বাবে উত্তোলিত পথ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয়৷ বাথান, শুৱালকুছি আৰু পলাশবাৰীৰ ৰাইজে যাতে পোনপটীয়াকৈ আহিব পাৰে তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰি কয় যে পলাশবাৰীৰ ফালেও তদ্ৰুপ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই দলং নিৰ্মাণৰ ফলত সমগ্ৰ উত্তৰ আৰু দক্ষিণপাৰ মাজত যোগাযোগৰ এক যুগান্তকাৰী ৰূপান্তৰ সম্ভৱ হৈ উঠিব আৰু শৰাইঘাট দলঙৰে নোযোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়, মেঘালয়ৰ তুৰা, গোৱালপাৰা আদি ঠাইলৈ যোৱাটো সুবিধাজনক হ’ব৷ গুৱাহাটীত যিবোৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ সুবিধা নাথাকে এতিয়া দলংখন হৈ উঠিলে হাজো, ৰামদিয়া, শুৱালকুছি আদি ঠাইত আঁচনি ৰূপায়ণ কৰিব পৰা যাব বুলিও তেওঁ কয়৷ ছয়গাঁও, বকোৰ ৰাইজে এইমছলৈ যাব লাগিলে এই দলঙৰে যাব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে পলাশবাৰীত  কিছুদিনৰ ভিতৰতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম)ৰ কাম আৰম্ভ হ’ব আৰু এই প্ৰতিষ্ঠানত অধ্যয়ন কৰিব বিচৰা উত্তৰ পাৰৰ বিদ্যাৰ্থীসমাজে এই দলং নিৰ্মাণ হৈ উঠিলে অতি সহজে খৰতকীয়া যাতায়াতৰ সুবিধা লাভ কৰিব৷ এনে এক পৰিৱৰ্তন আহিব বুলি কোনেও কল্পনা কৰা নাছিল বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ধলা-শদিয়া দলঙৰ কাম সম্পূৰ্ণ কৰাৰ লগতে বগীবিল দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলঙৰ কাম আৰম্ভ হৈছে৷ অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটৰ মাজত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ সুৰংগ পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষিত কৰি ৰখাৰ বাবে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ জ্জ্ব হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এলিভেটেড ক’ৰিডৰ কাম এই বছৰ আৰম্ভ হ’ব বুলিও তেওঁ ঘোষণা কৰে৷

কলীয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন নতুন দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন অহা বছৰ উদ্বোধন কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে নাৰেংগী আৰু কুৰুৱাৰ মাজত আন এখন দলঙৰ কাম এই বছৰতে আৰম্ভ কৰা হ’ব৷ পলাশবাৰী আৰু শুৱালকুছি দলঙৰ কাম আজিৰে পৰা পূৰ্ণ গতিত আৰম্ভ হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে ফুলবাৰী দলঙৰ নিৰ্মাণৰ কামো দ্ৰুত গতিত আগবাঢ়িছে৷ অসমত জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ’ব বুলি কোনেও কল্পনা কৰা নাছিল বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৰাকটো ৬ খন দলং নিৰ্মাণৰ কাম পৰিকল্পনা কৰা হৈছে অথবা পূৰ্ণ গতিত কাম চলি আছে৷ ৰাজ্যখনত এনেধৰণৰ উন্নয়ন পূৰ্বত হোৱা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াসৰ বাবে আজি এনে ধৰণৰ উন্নয়ন সম্ভৱ হৈ উঠিছে৷ প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলিও তেওঁ দোহাৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে শান্তি আৰু প্ৰগতি যে একেলগে আহিব পাৰে যোৱা ১০ বছৰৰ কাম-কাজে প্ৰমাণ কৰি দেখুৱালে৷ এই সময়ছোৱাত হোৱা সফলতাই নতুন নতুন সপোন দেখাৰ সাহস দেখুৱাইছে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ ভাৰতবৰ্ষতে আজি অসম চৰ্চাৰ বিষয় হৈ পৰিছে৷

এতিয়া সমগ্ৰ ভাৰতবাসীয়ে প্ৰগতিৰ নতুন দিগন্তলৈ ধাৱমান কৰা এখন নতুন অসম ৰূপে জ্ঞাত বুলিও তেওঁ মন্তব্য কৰে৷ এয়া গৌৰৱৰ বিষয় বুলিও তেওঁ কয়৷ জালুকবাৰী সমষ্টিৰ বিধায়ক হোৱাৰ পিছতে এইমছ্‌, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, নেশ্যনেল ফৰেনচিক চাইন্স ইউনিভাৰচিটি, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত দলং হোৱাৰ উপৰি পলাশবাৰী আৰু শুৱালকুছিৰ মাজত দলঙৰ কামো আৰম্ভ হ’ল বুলিও তেওঁ কয়৷ আন্দোলন বিবৰ্জিত পৰিৱেশত কিদৰে একোটা অঞ্চল বিকাশ আৰু উন্নয়নৰ দিশলৈ লৈ যাব পাৰি আৰু মানুহৰ সৈতে কাম কৰি এটা সমষ্টিৰ জীৱন বৃতান্ত সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি তাৰ এক স্পষ্ট উদাহৰণ হৈ ভাৰতবৰ্ষৰ মানচিত্ৰত জালুকবাৰী সমষ্টি আজি উজ্জ্বলি উঠিছে বুলিও তেওঁ কয়৷ জালুকবাৰী সমষ্টিৰ সফলতাই নতুন চাম বিধায়কক সমষ্টিক কিদৰে উন্নয়নৰ শিখৰলৈ লৈ যাব পৰা যায় সেই দিশত প্ৰেৰণা যোগাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে কৰ্ম আৰু সাধনাৰ মাজেৰে  কিদৰে উন্নয়ন আৰু বিকাশৰ প্ৰাণবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি সেই কথা জালুকবাৰী সমষ্টিয়ে দেখুৱাইছে৷ এই দলংখন নিৰ্মাণ হৈ উঠিলে সমগ্ৰ নামনি অসমলৈ অভাৱনীয় ৰূপত পৰিৱৰ্তন আহিব৷ গুৱাহাটীৰ আশে-পাশে ভূমিৰ অভাৱত যিবোৰ প্ৰকল্প এৰি দিব লগা হয় আজি তেনে প্ৰকল্প হাজো, বৰক্ষেত্ৰী, পলাশবাৰী, বকো, ছয়গাঁও আদি ঠাইলৈ নিব পৰা যাব৷ দূৰত্ব এতিয়া প্ৰত্যাহ৩ান নহয় বুলি  মন্তব্য কৰি তেওঁ কয় যে গুৱাহাটীৰ সমীপত আন এক সভ্যতা নিৰ্মাণৰ দিশত এই দলংখনে এক নতুন পৰিৱেশ সৃষ্টি কৰিব৷ সমাজেবিকাশ আৰু উন্নয়নৰ সৈতে খোজ পেলাবলৈ লোৱা সংকল্প আৰু চৰকাৰৰ গঠনমূলক প্ৰচেষ্টাত সঁহাৰি জ্ঞাপন কৰাৰ বাবেই আজি এই দলংখন বাস্তৱায়িত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ কয়৷ এই সফলতা সামূহিক প্ৰচেষ্টাৰ সফলতা বুলিও তেওঁ মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়সকল ক্ৰমে  দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়া, নন্দিতা দাস, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত-সচিব চন্দন শৰ্মা, কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷