গৰু আছে গ্ৰাহক নাই, বজাৰত হাহাকাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজহুৱা স্থানত গো-মাংসৰ ভক্ষণ নিষিদ্ধ ঘোষণা কৰাৰ পাছতেই উজনি অসমৰ গৰু বজাৰে বজাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো গো-মাংস নিষিদ্ধ কৰাৰ পাছতেই উজনিৰ বজাৰসমূহত গৰু ক্ৰয় কৰিবলৈ নাই এজনো গ্ৰাহক৷ উজনি অসমৰ শিৱসাগৰৰ ৰাজমাই গৰু বজাৰ আৰু বোকাখাতৰ বিহৰা গৰু বজাৰত দেওবাৰে গ্ৰাহকৰ অপেক্ষাত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় গো-পালকসকলৰ৷ উজনিৰ গৰুৰ বাবে বিখ্যাত সপ্তাহিক বজাৰ দুখনত দেওবাৰে আন দিনাৰ দৰে স্থানীয় গো-পালক সকলে নিজৰ নিজৰ পোহনীয়া গাই-গৰু বিক্ৰীৰ বাবে লৈ আনে যদিও দিনজোৰা অপেক্ষাৰ পাছতো গৰু ক্ৰয় কৰিবলৈ গ্ৰাহক নোলাল৷ উল্লেখ্য, উজনিৰ এই বজাৰ দুখনত স্থানীয় গো-পালক সকলৰ পৰা আন আন জিলাৰ একাংশ বেপাৰীয়ে গৰু ক্ৰয় কৰি আহিছে৷ বহু গ্ৰাহকে বজাৰৰ পৰা গাই-গৰু পোহ-পাল দিবলৈ ক্ৰয় কৰি নিয়ে যদিও সংখ্যালঘু বেপাৰীসকলে খাদ্যৰ বাবেও গৰু ক্ৰয় কৰে৷
পোহনীয়া গাই গৰু বিক্ৰী কৰি উজনিৰ কৃষিজীৱী লোকসকলে পৰিয়াল পোহ-পাল দিয়াৰ লগতে সন্তানৰ পঢ়া-শুনাৰো খা-খৰচ যোগাৰ কৰি আহিছিল৷ কিন্তু ৰাজনৈতিক লাভা-লাভৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজহুৱা স্থানত অৰ্থাৎ হোটেল-ৰেস্তোৰাঁতো গো-মাংস ভক্ষণ বন্ধ কৰি দিয়াত ৰাজমাই বজাৰ আৰু বিহৰা বজাৰত গৰু ক্ৰয় কৰিবলৈকো গ্ৰাহক নোহোৱা হৈ পৰিল৷ দেওবাৰে গো-পালক সকলে এটাও গাই গৰু বিক্ৰী কৰিব নোৱাৰি অহা বাটে ঘূৰি যাবলগীয়া হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি ক্ষোভ ব্যক্ত কৰে৷ ইফালে ৰাজ্যৰ গো-পালকসকলক এতিয়াৰে পৰা গাই গৰু অৰ্থাৎ চেউৰী জন্ম দিয়াৰ বাবে চৰকাৰে বিশেষ গো প্ৰজনন টিকা যোগান ধৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দেওবাৰে শুৱালকুছিত এখন সভাত মুক্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়–আমি এতিয়া ইমানৰ লৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে পশু চিকিৎসা বিভাগে এতিয়া গো-পালকসকলৰ গৰুক প্ৰজননৰ টিকা দিব, সেই টিকাৰ দ্বাৰা গাই গৰুহে জন্ম হ’ব কেতিয়াও ষাঁড় গৰু জন্ম নহয়৷ গো-পালকসকলে যি সময়ত গাই কিনিব তেতিয়া পশু চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি প্ৰজনন টিকা ল’ব পাৰে৷ এতিয়ালৈকে আমি ৬-৭ লাখ গৰুক এই টিকা প্ৰদান কৰিছো৷
নুমলীগড়ৰ গৰু বজাৰত ক্ৰেতাও কমিছে বিক্ৰেতাও কমিছে
‘আমাৰ অসমৰ নুমলীগড়ৰ প্ৰতিবেদক : অসম চৰকাৰে ৰাজহুৱা স্থান, হোটেল আদিত গো-মাংস নিষিদ্ধৰ পাছতেই আজি নুমলীগড়ৰ বিহৰা গৰু বজাৰত বিৰূপ প্ৰভাৱ পৰে৷ আজি বজাৰখনত ক্ৰেতা-বিক্ৰেতা ব্যাপক হাৰত হ্ৰাস পোৱা দেখা গৈছে৷ গৰুৰ গ্ৰাহকৰ সংখ্যা অৰ্থাৎ বেপাৰীৰ সংখ্যা কম হোৱাত আজি বিপদত পৰে গো-পালকৰ লগতে লেছি৷ চৰকাৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ৩ান জনায় গো-পালকসকলে৷ উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰ বিহৰা গৰু বজাৰ৷ বিহৰা গৰু বজাৰক কেন্দ্ৰ কৰি অসংখ্য লোকে পৰিয়াল পোহপাল দি আহিছে৷ উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ক্ৰেতা-বিক্ৰেতাৰ সমাগম ঘটে বিহৰা গৰু বজাৰত৷