Logo
image

ৰশ্মিকাৰ ৰূপত মুগ্ধ বাংলাদেশী মুফ্‌তি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ ডিচেম্বৰ : সন্দেহ নাই ৰশ্মিকা মন্দানা সুন্দৰী, লাস্যময়ী৷ কানাড়া, তেলুগু, তামিল ছবি উদ্যোগত অভিনয় কৰি এতিয়া বলীউড কঁপাইছে ৰশ্মিকাই৷ পুষ্পা-২ ৰ সৌজন্যত এতিয়া সুন্দৰী ৰশ্মিকা কেৱল তাৰকা নহয়, মহাতাৰকাত পৰিণত হৈছে৷ পুষ্পা-২ ৰ জৰিয়তে তেওঁ বলীউডৰ ১ নম্বৰ নায়িকাৰ আসনখন অৱলীলাক্ৰমে দখল কৰিব বুলি তেওঁৰ অনুৰাগীৰ দৃঢ় বিশ্বাস৷ কৰ্ণাটকৰ পৰা আহি দাক্ষিণাত্য শাসন কৰাৰ পাছত এতিয়া বলীউডৰ জৰিয়তে দেশ-বিদেশত অযুত অনুৰাগী সংগ্ৰহ কৰা ৰশ্মিকা মন্দানাৰ তন্বী চেহেৰাত এইবাৰ চকু পৰিছে বাংলাদেশী মৌলবাদীৰো৷ দেশ-বিদেশে ধৰ্মীয় ভাষণ দি চৰ্চাত থকা বাংলাদেশী মুফতি আমিৰ হামজাই তেওঁৰ এখন ধৰ্মীয় সভাত ভাৰতীয় অভিনেত্ৰী ৰশ্মিকা মন্দানাৰ ৰূপৰ বন্দনা কৰাৰ ভিডিঅ’ই সম্প্ৰতি ভাৰত-বাংলাদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷


বিতৰ্কিত বক্তব্য আৰু উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ২০২১ চনত গ্ৰেপ্তাৰ হোৱা এই বাংলাদেশী মুফতিয়ে অলপতে তেওঁৰ ধৰ্মান্ধ অনুৰাগীৰ ওচৰত ধৰ্মীয় সভাত ৰশ্মিকাৰ সৌন্দৰ্য বৰ্ণনা কৰা ভিডিঅ’টো সম্প্ৰতি ইণ্টাৰনেটত ভাইৰেল৷ ৩২ বছৰীয়া মুফতিয়ে ধৰ্মীয় সভাত সততে কোৰাণ ব্যাখ্যা কৰে, ৱাজ মেহফিলৰ জৰিয়তে তেওঁ ইছলাম ধৰ্ম প্ৰচাৰ কৰে৷ পিছে তাৰ মাজতো যে ধৰ্মগুৰু আমিৰ হামজা ৰশ্মিকাৰ ৰূপৰ শৰত বিদ্ধ হ’ব পাৰে সেয়া কল্পনাৰো অগোচৰ আছিল৷ পিছে ৰশ্মিকাৰ ৰূপত মুগ্ধ আমিৰ হামজাই ৰশ্মিকাৰ ৰূপ বৰ্ণনাৰে তেওঁৰ ধৰ্মীয় মেহফিল সৰস কৰি ধৰ্মগুৰুৰো যে ৰূপৱতীৰ প্ৰতি আকৰ্ষণ থাকে তাকে প্ৰমাণ কৰিলে৷ সেই ধৰ্মীয় সভাত হামজাই উপস্থিত দৰ্শকক উদ্দেশ্যি ক’লে–‘এতিয়া বিশ্বত যিমান সুন্দৰ মানুহ আছে, আপোনালোকে ইণ্টাৰনেটত বিচাৰি চাব৷ পৃথিৱীৰ ২৫৭ খন দেশৰ ভিতৰত চেহেৰাৰ কাটিঙত ৰ নম্বৰত আছে ৰশ্মিকা মন্দানা৷ নাম শুনিছে? চেহেৰাৰ কাটিঙত ৰ নম্বৰত আছে৷ এই মহিলাৰ দিশে এবাৰ আল্লাৰ নাম লৈ চকু দিব৷ চাবচোন, কি সুন্দৰী কৰি আল্লাই তেওঁক স্ৰজন কৰিছে৷’