Logo
image

দপ্তৰ বিতৰণত চমক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : সুদীৰ্ঘ ৫০ ঘণ্টাৰ অপেক্ষা, হিচাব-নিকাছৰ অন্তত অৱশেষত সোমবাৰে বিয়লি বিতৰণ হ’ল নৱ-নিযুক্ত মন্ত্ৰীৰ দপ্তৰ৷ লগতে ব্যাপক সাল-সলনি হ’ল পূৰ্বৰ মন্ত্ৰীৰ হাতত থকা বিভাগীয় দায়িত্ব৷  এই দপ্তৰ বিতৰণত অজন্তা নেওগ আৰু পীয়ূষ হাজৰিকাৰ বাদে বেছিভাগ মন্ত্ৰীৰে প্ৰধান দপ্তৰৰ সাল-সলনি হ’ল৷ অৱশ্যে এক কথাত ক’বলৈ গ’লে ন-পুৰণি কোনো মন্ত্ৰীকে বঞ্চিত নকৰি সকলোকে কিঞ্চিৎ কিঞ্চিৎ দি দপ্তৰ বিতৰণত মুখ্যমন্ত্ৰীয়ে দেখুৱালে চমক৷ শনিবাৰে দিনৰ ১২ বজাতে নতুন চাৰিমন্ত্ৰী ক্ৰমে– প্ৰশান্ত ফুকন, কৌশিক ৰাই, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিছিল যদিও বিভাগ লাভ কৰা নাছিল৷


অৱশেষত সোমবাৰে বিয়লি তিনি বজাত ঘোষিত হ’ল মন্ত্ৰীৰ দপ্তৰ৷ নতুন দপ্তৰ বিতৰণৰ পাছত সম্পূৰ্ণ মন্ত্ৰীৰ তালিকা আৰু ন্যস্ত বিভাগসমূহ এনেধৰণৰ– মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা : গৃহ, পাৰ্চনেল, পিডব্লিউডি,  (বিল্ডিং, পথ আৰু এএইচএআই), মেডিকেল শিক্ষা আৰু গৱেষণা অন্যান্য মন্ত্ৰীৰ লগত নথকা আন বিভাগ৷ ৰঞ্জিত কুমাৰ দাস : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ন্যায়, পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগ৷ অতুল বৰা : কৃষি, আবকাৰী, সীমান্ত উন্নয়ন, উদ্যান শস্য আৰু অসম চুক্তি ৰূপায়ণ বিভাগ৷ কেশৱ মহন্ত : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ৷ ইউ জি ব্ৰহ্ম : হস্ততাঁত-বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড উন্নয়ন বিভাগ৷ চন্দ্ৰমোহন পাটোৱাৰী : বন-পৰিৱেশ, সংসদীয় পৰিক্ৰমা আৰু এক্ট-ইষ্ট পলিচী৷ ডাঃ ৰণোজ পেগু : বিদ্যালয় শিক্ষা, উচ্ছ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন৷ অশোক সিংহল : স্বাস্থ্য, পৰিয়াল কল্যাণ, জলসিঞ্চন বিভাগ৷ যোগেন মহন : পৰিবহণ, পাৰ্বত্য উন্নয়ন, থলুৱা আৰু জনজাতীয় বিশ্বাস সংস্কৃতি, সমবায় বিভাগৰ দায়িত্ব৷ অজন্তা নেওগ : বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব৷ পীয়ূষ হাজৰিকা : তথ্য-জনসংযোগ, সামাজিক ন্যায়, জলসম্পদ বিভাগ৷ বিমল বৰা : উদ্যোগ- বাণিজ্য, সাংস্কৃতিক বিভাগৰ দায়িত্ব৷ জয়ন্ত মল্ল বৰুৱা : জনস্বাস্থ্য কাৰিকৰী, গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ দায়িত্ব৷ নন্দিতা গাৰ্লোচা : ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু উন্নয়ন বিভাগ, লোক নিৰ্মাণ বিভাগৰ জি এ ডি তথা বিভাগীয় গৃহ নিৰ্মাণৰ দায়িত্ব৷ প্ৰশান্ত ফুকন : শক্তি, দক্ষতা বিকাশ, স্বাস্থ্য, শিক্ষা৷ কৌশিক ৰাই : খাদ্য আৰু অসামৰিক যোগান, খনি আৰু খনিজ, বৰাক উন্নয়ন বিভাগৰ দায়িত্ব৷ কৃষ্ণেন্দু পাল : পশুপালন, মীন আৰু পি ডব্লিউ ডি (পিএমজিএছৱাই)ৰ দায়িত্ব৷ ৰূপেশ গোৱালা : শ্ৰমিক কল্যাণ, চাহ জনজাতি কল্যাণ বিভাগ, গৃহ বিভাগৰ (কাৰাগাৰ, হোমগাৰ্ড)ৰ দায়িত্ব৷ মন্ত্ৰীসভাৰ এই দপ্তৰ ৰদ-বদলত মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত থকা গৃহ আৰু গড়কাপ্তানি আৰু স্বাস্থ্য শিক্ষা বিভাগ কাম-কাজৰ সুবিধাৰ্থে ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, নন্দিতা গাৰ্লোচা আৰু প্ৰশান্ত ফুকনৰ মাজত বাটোৱাৰা কৰে৷ ৰূপেশ গোৱালাৰ হাতত গৃহ বিভাগৰ কাৰাগাৰ আৰু হোমগাৰ্ডৰ দায়িত্ব ন্যস্ত কৰা হয়৷ নন্দিতা গাৰ্লোচাৰ হাতত লোক নিৰ্মাণ বিভাগৰ জিএডি তথা বিভাগীয় গৃহ নিৰ্মাণৰ নতুন দায়িত্ব দিয়া হয়৷ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত থকা মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগটো প্ৰশান্ত ফুকনৰ হাতত ন্যস্ত কৰে৷ আনহাতে, ৰঞ্জিত কুমাৰ দাসৰ পৰা খাদ্য আৰু অসামৰিক যোগান বিভাগ কৰ্তন কৰি নতুনকৈ পৰ্যটন বিভাগ দিয়া হয়৷ মন্ত্ৰী অতুল বৰাৰ পৰা পশুপালন কৰ্তন কৰি আবকাৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ নতুনকৈ দিয়া হয়৷ পশুপালন বিভাগৰ দায়িত্ব দিয়া হ’ল কৃষ্ণেন্দু পালক৷ কেশৱ মহন্তৰ পৰা পৰিবহণ বিভাগ কৰ্তন কৰি যোগেন মহনক দিয়া হয়৷ ইফালে, যোগেন মহনৰ পৰা ৰাজহ বিভাগ কৰ্তন কৰি কেশৱ মহন্তক দিয়া হয়৷ অশোক সিংঘালৰ পৰা নগৰ উন্নয়ন বিভাগ কৰ্তন কৰি জয়ন্ত মল্ল বৰুৱাক দিয়া হয়৷ আনহাতে, মুখ্যমন্ত্ৰীৰ হাতত থকা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অশোক সিংহালৰ হাতত ন্যস্ত কৰা হয়৷ পীয়ূষ হাজৰিকাৰ পৰা সংসদীয় পৰিক্ৰমা বিভাগ কৰ্তন কৰি চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত ন্যস্ত কৰা হয়৷ অজন্তা নেওগৰ পূৰ্বৰ কোনো বিভাগৰ সালসলনি কৰা হোৱা নাই৷