‘৫ গেৰাণ্টী’ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি : দাবী ৰিপুণ বৰাৰ
‘আমাৰ অসম’ ৩০ মাৰ্চঃ ‘কংগ্ৰেছৰ ‘৫ গেৰাণ্টী’ৰ প্ৰতি ৰাইজৰ পৰা আমি অভূতপূৰ্ব সহাঁৰি লাভ কৰিছোঁ৷ এইবাৰ অসমত বিজেপিৰ অপশাসনৰ পতন নিশ্চিত৷’– এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ৷ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি বৰাই কয়– ‘ অসম বিধানসভাৰ নিৰ্বাচনৰ তুমুল যুঁজখন প্ৰতিটো দিন পাৰ হৈ যোৱাৰ লগে লগে ক্ৰমান্বয়ে অধিক স্পষ্ট হৈ পৰিছে৷ অসমৰ ৰাইজৰপৰা আমি এইপৰ্যন্ত যিধৰণৰ সহায়-সমৰ্থন লাভ কৰিছোঁ সেয়া নজিৰবিহীন৷ আমি এই নিৰ্বাচনী ৰণভূমিত প্ৰবেশ কৰিছিলোঁ আৰু জনতাৰ কাষ চাপিছিলোঁ অসম সম্পৰ্কে এটা ইতিবাচক দৃষ্টিভংগী লৈ আৰু সম্পূৰ্ণৰূপে আমাৰ মূল উদ্দেশ্য আছিল ৰাইজক আমি কি দিবলৈ লক্ষ্য কৰিছোঁ তাৰ ওপৰত৷ ৰাইজে আমাক অভাৱনীয় সঁহাৰি দিছে আৰু কংগ্ৰেছৰ ‘৫ গেৰাণ্টী’ৰ প্ৰতি প্ৰকাশ কৰিছে তেওঁলোকৰ অটুট বিশ্বাস৷ বিগত ৫ বছৰে হোৱা অপশাসন আৰু অদূৰদৰ্শিতাৰ তিক্ত অভিজ্ঞতাৰ পাছত, ভৱিষ্যতৰ এখন চৰকাৰৰপৰা অসমে কি বিচাৰে তাৰ এটা সৰ্বাত্মক মূল্যায়ন কৰাটো এটা অতিশয় জটিল কাম আছিল৷ বিগত ৫ বছৰত বিজেপি চৰকাৰে অসমৰ প্ৰতি লোৱা দূৰদৃষ্টিহীন মনোভাৱে ৰাজ্যখনক পশ্চাদমুখী হ’বলৈ বাধ্য কৰিলে৷ ভৱিষ্যতে এখন বিকশিত অসমৰ বাবে আমি দেখা সপোন দিঠক কৰিবলৈ চলোৱা প্ৰচেষ্টাত, আমাৰ আটাইকেইটা গেৰাণ্টীৰ ভিত্তি আছিল অসমৰ মূল সমস্যাসমূ্হৰ বিষয়ে আমি কৰা গভীৰ বিশ্লেযণ৷ বিশ্বৰ স্বনামধন্য অৰ্থনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে আমাৰ এই গেৰাণ্টীবোৰৰ তথা অৰ্থনৈতিক যুক্তিযুক্ততাত তেওঁৰ অনুমোদন প্ৰদান কৰিছে৷ অসমত কঠোৰ শ্ৰম কৰি থকা আমাৰ দলীয় কৰ্মকৰ্তাসকলে আমাক অহৰ্নিশে জনাই আছে ৰাইজৰ আশা-আকাংক্ষাৰ কথা আৰু লগতে তেওঁলোকে আমাৰ দলৰ অসমৰ প্ৰতি ভৱিষ্যত পৰিকল্পনাৰ কথা ৰাইজক তন্ন-তন্নকৈ বুজাইছে৷ আমাৰ এনে কিছুমান গুৰুত্বপূৰ্ণ পৰিসংখ্যা আছে যিবোৰৰ কথা আমি আপোনালোকৰ আগত সদৰি কৰিব বিছাৰিছোঁ– কংগ্ৰেছৰ ৫ গেৰাণ্টীয়ে আটাইবোৰ বিধানসভা সমষ্টিতে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিছে, যিটো কথাৰ স্পষ্ট সাক্ষ্যপ্ৰমাণ হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোট দিবলৈ দলে-বলে অহা ভোটাৰৰ সংখ্যা৷ আমাৰ চাকৰি গেৰাণ্টী প’ৰ্টেললৈ যুৱক-যুৱতীসকলে আগবঢ়াইছে অকুণ্ঠ সমৰ্থন৷ ইতিমধ্যে ১,৭৫,০০০ ৰো অধিক পঞ্জীয়ন হৈছে [আমাৰ জনসংযোগ কাৰ্যসূচীৰ অংশ হিচাপে আমি আয়োজন কৰা চাকৰি গেৰাণ্টীৰ বাৰ্তালাপসমূহত ৪৩ টা বিধানসভা সমষ্টিৰ ৭৫,০০০ ৰো অধিক যুৱক-যুৱতীয়ে ব্যক্ত কৰিছে তেওঁলোকৰ সাম্প্ৰতিক সমস্যাসমূহ আৰু তেওঁলোকৰ আশা-আকাংক্ষাৰ কথা ৷ ইয়ে প্ৰমাণ কৰে যে ৰাইজে আমাৰ ৫ ৰ সৈতে সংলগ্ন হ’ব খোজে ৷ অসমৰ ৰাইজক আমি এইবুলি আশ্বাস দিব বিচাৰোঁ যে ভৱিষ্যতৰ অসমৰ বাবে আমি সহি অহা দুখ-যাতনাৰ পৰা মুক্তি দিবলৈ দল কেতিয়াও বিচলিত নহ’ব৷ দিন বঢ়াৰ লগে লগে আপোনালোকৰ সমৰ্থনে আমাক অধিক মনোবল প্ৰদান কৰিছে৷ আপোনালোকৰ সৈতে আমি চলাই থকা মত-বিনিময় প্ৰক্ৰিয়া থমকি নৰব, আমাৰ প্ৰচেষ্টা থমকি নৰব আৰু আপোনালোকৰ কণ্ঠক আওকাণ কৰিবলৈ দিয়া নহ’ব৷ যোৱা ৫ বছৰে শাসন ব্যৱস্থাত দেখা দিয়া অদূৰদৰ্শিতাৰ ঠাইত আমি অধিষ্ঠিত কৰিম এখন দূৰদৰ্শী, কাৰ্যকৰী চৰকাৰ৷ জনতাৰ মন বিভ্ৰান্ত কৰিবলৈ আৰু জনতাক প্ৰতাৰণা কৰিবলৈ বিজেপিয়ে যিমানেই অহোপুৰুষাৰ্থ নকৰক কিয়, অসমৰ তথা অসমীয়া ৰাইজৰ হিতাধিকাৰ নিহিত হৈ আছে কংগ্ৰেছে আগবঢ়োৱা গেৰাণ্টীসমূহত৷ আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ অপশক্তিৰ কৱলৰপৰা অসম ৰক্ষাৰ এই যুঁজত ব্যাপক অংশগ্ৰহণ কৰিবলৈ৷’ সংবাদ মেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ গৌৰৱ বল্লভ,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ ববিতা শৰ্মা আদি উপস্থিত থাকে৷