ক্ৰীড়াৰ মাজেৰে ভাতৃত্বঃ নগা-অসমীয়াৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ উদ্দেশ্যে ভলীবল প্ৰতিযোগিতা
ডিজিটেল সংবাদ, বৰহোলা, ১২ ডিচেম্বৰঃ নগা আৰু অসমীয়াৰ মাজত ক্ৰীড়াৰ মাধ্যমৰে শান্তি, একতা আৰু ভ্ৰাতৃত্ববোধ সুদৃঢ় কৰা তথা নগা-অসমীয়াৰ মাজত সঘনাই দেখা দিয়া অশান্তিকৰ পৰিস্থিতি দূৰ কৰি সীমান্তৰ প্ৰতিৱেশী গাঁওসমূহৰ সম্পৰ্ক উন্নীতকৰণৰ বাবে এক শক্তিশালী মঞ্চ গঢ়ি তোলাৰ উদ্দেশ্যেৰে বুধবাৰৰ পৰা ১৪ ডিচেম্বৰলৈ চাৰিদিনীয়াকৈ এফ ভি বি টিৰ উদ্যোগত গোহাঁইজান ভাগ্যলক্ষ্মী গাঁৱত অনুষ্ঠিত কৰা হৈছে নগা-অসমীয়াৰ মাজত সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা৷ মুখ্যতঃ তিতাবৰ মহকুমাৰ গোহাঁইজান ভাগ্যলক্ষীবাসী আৰু নাগালেণ্ডৰ ৱাখা জিলাৰ চাংপাঙ ছাৰ্কোলৰ অন্তৰ্গত প্ৰতিৱেশী নগা গাঁৱসমূহৰ মাজত সম্প্ৰীতি দৃঢ় কৰাৰ উদ্দেশ্য 'Strive For Unity' অৰ্থাৎ 'একতাৰ প্ৰয়াস' শীৰ্ষক উদ্দেশ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ ভৈয়ামত নগা-অসমীয়া বন্ধুত্বমূলক ভলীবল টুৰ্ণামেণ্ট খেলিবলৈ বুধবাৰৰ পৰাই শিৱিৰ পাতি আছে নাগালেণ্ডৰ কেইবাখনো গাঁৱৰ খেলুৱৈ আৰু দৰ্শকসকল৷ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা সম্প্ৰীতিমূলক ভলীবল টুৰ্ণামেণ্টখন গোহাঁইজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে শুভাৰম্ভ হয়। নাগালেণ্ডৰ সোণালী য়েপথে আঁত ধৰা বন্ধুত্বমূলক ভলীবল টুৰ্ণামেণ্টখনৰ পতাকা উত্তোলন কৰে নাগালেণ্ডৰ অল্ড অমবটো বস্তিৰ চেয়াৰমেন হখভি আয়ে। আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু তিতাবৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰকাশ শইকীয়া। বিধায়ক বৰুৱাই কয়, "এই সম্প্ৰীতিমূলক প্ৰতিযোগিতাখন অসমীয়া আৰু প্ৰতিৱেশী নগাসকলৰ মাজত বিগত ২২ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে৷ এই প্ৰয়াসে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে৷ ই অতি প্ৰশংসনীয় কাৰ্য৷ কাৰণ নগা-অসমীয়া ককাই-ভাই৷"
আনহাতে সভাত নগাসকলে চেমা নগা লোকনৃত্য আৰু অসমীয়াই বিহু আৰু ঝুমুৰ পৰিৱেশন কৰে। খেলুৱৈসকলক শপত বাক্য পাঠ কৰোৱাই দিপুল বৰাই। সভাত ঠেঙাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সদস্য পবন গগৈকে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ ৰাখে৷ উল্লেখ্য যে এই ভলীবল প্ৰতিযোগিতাখনিত নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ ক্ৰমে নিউছুৰি, অল্ড অম্বোটো, নিউ অম্বোটো, আখাহটো গাঁৱৰ প্ৰায় ৯ দল আৰু অসমৰ ১০ টা পুৰুষ-মহিলা ভলীবল দলে অংশগ্ৰহণ কৰিছে৷ অসম আৰু নগাৰ মাজত অনুষ্ঠিত এই সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ সহস্ৰাধিক লোকৰ আগমন হয়৷ উল্লেখ্য যে আজিৰ পৰা ২২ বছৰ পূৰ্বে অসম -নাগালেণ্ড সীমান্তত নাগা- অসমীয়াৰ মাজত শান্তি সম্প্ৰীতিৰ গঢ়ি তোলাৰ লক্ষ্যৰে তিতাবৰৰ বিশিষ্ট সমাজসেৱক, ব্যৱসায়ী প্ৰকাশ শইকীয়া, পবন গগৈ নাগালেণ্ডৰ হখভি আয়েৰ নেতৃত্বত নাগালেণ্ডৰ ৱখা জিলাৰ নিউচুৰিত বস্তিত আৰম্ভ কৰিছিল সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা৷