![image](https://aamarasom.com/uploads/posts/2.jpg1734074553.jpg)
আহি আছে ‘এক দেশ এক নিৰ্বাচন’
নতুন দিল্লী, ১৩ ডিচেম্বৰ : আহি আছে ‘এক দেশ এক নিৰ্বাচন’৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাই অৱশেষত ছীল মোহৰ মাৰিলে ‘এক দেশ এক নিৰ্বাচন’ বিলত৷ উল্লেখ্য যে সংসদৰ চলিত শীতকালীন অধিৱেশনতে এই বিলখন উত্থাপন হ’ব পাৰে বুলি বিগত কিছুদিন ধৰি ধাৰণা কৰি আছিল ৰাজনৈতিক পৰ্যবেক্ষক মহলে৷ অৱশেষত আজি ৰাজনৈতিক পৰ্যবেক্ষসকলৰ সেই ধাৰণাক বাস্তৱত ৰূপায়িত কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই ‘এক দেশ এক নিৰ্বাচন’ শীৰ্ষক বিলখনত অনুমোদন জনায়৷ ইয়াৰ পৰৱৰ্তী সময়ত বিলখন সংসদত গৃহীত কৰিব মোদী চৰকাৰে৷ হয়তো অহা সপ্তাহতে সংসদৰ মজিয়াত বিলখন উত্থাপন হ’ব পাৰে৷ স্মৰ্তব্য যে বুধবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশত ‘এক দেশ এক নিৰ্বাচন’ নীতি আৰম্ভ কৰাৰ দাবীত সংসদত যুক্তি আগবঢ়াইছিল৷ তেওঁ কয় যে সঘনাই অনুষ্ঠিত কৰা নিৰ্বাচনে দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰি আহিছে৷ ইপিনে বিজেপি দলেও দীৰ্ঘ দিনৰ পৰা দেশত ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে আগ্ৰহী হৈ আছিল৷ যাৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা দলটোৱে নিৰ্বাচনী ইস্তাহাৰত ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থাৰ প্ৰসংগ উল্লেখ কৰে৷ মোদী চৰকাৰৰ যুক্তি–দেশত ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থা আৰম্ভ হ’লে নিৰ্বাচনৰ নামত যি বৃহৎ অংকৰ ধন খৰচ হয়, সেয়া হ্ৰাস পাব৷ তদুপৰি নিৰ্বাচনৰ আচৰণ বিধিৰ নামত বাৰে বাৰে চৰকাৰৰ উন্নয়নমূলক কাম-কাজসমূহ বন্ধ নহ’ব৷
এই নিয়ম কাৰ্যকৰী হ’লে সমগ্ৰ দেশত নিৰ্বাচন আয়োগে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব লাগিব৷উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে এই নিয়ম কাৰ্যকৰী হ’লে সেয়া কিমান বাস্তৱ সন্মত হ’ব, সেই বিষয়ে চালি-জাৰি চোৱাৰ বাবে এখন কমিটী গঠন কৰিছিল৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনে চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এই সন্দৰ্ভত এখন প্ৰতিবেদন দাখিল কৰে৷ এটা সূত্ৰই দাবী কৰা মতে উক্ত প্ৰতিবেদনত কমিটীখনে লোকসভা আৰু বিধানসভাৰ উপৰি আনকি পৌৰসভা আৰু পঞ্চায়ত সমূহৰ নিৰ্বাচনো একেলগে কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ইপিনে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব বিচৰা এই নীতিৰ ঘোৰ আপত্তি দৰ্শাইছে বিৰোধী দলসমূহে৷ বিৰোধী দলসমূহৰ মতে এই নীতি, সংসদীয় গণতন্ত্ৰৰ পৰিপন্থী৷ কংগ্ৰেছ, তৃণমূল, চিপিএমকে ধৰি প্ৰায় ভাগ বিৰোধী দলে ‘এক দেশ এক নিৰ্বাচন’ নীতিৰ জৰিয়তে মোদী চৰকাৰে ভাৰতত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে ব্যৱস্থা আৰম্ভ কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে৷ চিপিএমৰ নেতা সৃজন চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত কয়–আমাৰ দেশত শাসকীয় পক্ষৰ প্ৰতি থকা ৰাইজৰ আস্থা বা অনাস্থাক লৈ প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়৷ ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থা আৰম্ভ হ’লে দেশখন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি যাব৷ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছেও এই নীতিৰ ক্ষেত্ৰত একেই মত আগবঢ়াইছে৷ আনহাতে ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে ‘এক দেশ এক নিৰ্বাচন' কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যা আছে৷ যেনে–দেশৰ সকলো ৰাজ্যৰ বিধানসভাসমূহৰ কাৰ্যকাল একেলগে শেষ নহয়৷ ‘এক দেশ এক নিৰ্বাচন’ নীতি কাৰ্যকৰী কৰিবলৈ হ’লে কোনো কোনো ৰাজ্যৰ নিৰ্বাচন আগুৱাই আনিব লাগিব, আৰু কোনো ৰাজ্যৰ নিৰ্বাচন পিছুৱাব লাগিব৷ যিটো পদ্ধতিগতভাৱে হ’ব সমস্যাৰ বিষয়৷দ্বিতীয়তে, কোনো এখন ৰাজ্যৰ চৰকাৰে যদি ম্যাদ সমাপ্ত হোৱাৰ পূৰ্বেই ক্ষমতা হেৰুৱাব লগীয়া হয়, তেতিয়া সেই ৰাজ্যখনত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন হ’ব৷তৃতীয়তে, বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন পৃথকভাৱে হ’লে একোটা ভোটকেন্দ্ৰত এটা এটা ইভিএমেৰেই কাম হৈ যায়৷ নতুন নীতি প্ৰবৰ্তন হ’লে ইভিএমৰ সংখ্যা দুগুন কৰিব লাগিব৷ একেদৰে ভিভিপেডৰ খৰছো দুগুন হৈ পৰিব৷ একোটা ইভিএমৰ ম্যাদ ১৫ বছৰ৷ নতুন নীতি প্ৰবৰ্তন হ’লে প্ৰতি ১৫ বছৰৰ অন্তৰে অন্তৰে ইভিএমৰ নামত বিশাল ধনৰাশি ব্যয় কৰিব লাগিব৷তদুপৰি দেশজুৰি একে সময়তে নিৰ্বাচন অনুষ্ঠিত হ’লে নিৰ্বাচনী কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী সকলৰ ওপৰত অতিৰিক্ত চাপ বৃদ্ধি পাব৷