Logo
image

২০৩৪ চনৰ বিশ্বকাপ ফুটবল আয়োজন কৰিব ছৌদি আৰৱে

জুৰিখ, ১৩ ডিচেম্বৰ : কাটাৰৰ পাছত পশ্চিম এছিয়াৰ দ্বিতীয়খন দেশ হিচাপে বিশ্বকাপ ফুটবল আয়োজনৰ দায়িত্ব পালে ছৌদি আৰৱে৷ এককভাৱে ২০৩৪ চনৰ বিশ্বকাপ আয়োজন কৰিব দেশখনে৷ আনহাতে, ২০৩০ চনৰ বিশ্বকাপ যৌথভাৱে আয়োজন কৰিব স্পেইন, পৰ্তুগাল আৰু মৰক্কোৱে৷ এই তিনিখন দেশৰ উপৰি ২০৩০চনৰ বিশ্বকাপৰ তিনিখন খেল অনুষ্ঠিত হ’ব আন তিনিখন দেশত৷ বুধবাৰে অনুষ্ঠানিকভাৱে এই ঘোষণা কৰে বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাৰ সভাপতি জিয়ান্নি ইনফাণ্টিনোৱে৷ ২০৩০চনৰ বিশ্বকাপৰ আয়োজনক লৈ প্ৰশ্ন উঠা নাছিল যদিও ২০৩৪ চনৰ বিশ্বকাপক লৈ  প্ৰশ্নৰ সন্মুখীন হৈছিল ফিফা৷ ছৌদি  আৰৱৰ বাহিৰে আন কোনো দেশেই ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ স্বত্ত্ব বিচৰা নাছিল৷ তথাপি ছৌদি আৰৱক প্ৰাধান্য দিয়াৰ অভিযোগ উত্থাপন হৈছিল ফিফাৰ বিৰুদ্ধে৷ অৱশ্যে বুধবাৰৰ ফিফা কংগ্ৰেছত প্ৰায় সকলো দেশেই ছৌদি আৰৱলৈ সমৰ্থন আগবঢ়াইছিল৷


প্ৰথমে অষ্ট্ৰেলিয়া আৰু ইন্দোনেছিয়াই ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ স্বত্ত্ব বিচাৰিছিল যদিও পাছত দেশ দুখনে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল৷ ফলত সম্ভাব্য আয়োজকৰ তালিকাত  কেৱল ছৌদি আৰৱহে থাকি যায়৷উল্লেখ্য, ২০৩০ চনত বিশ্বকাপ ফুটবলৰ শতবৰ্ষ উদ্‌যাপন কৰা হ’ব৷ প্ৰতিযোগিতাৰ মূল আয়োজক স্পেইন, পৰ্তুগাল আৰু মৰক্কো হ’লেও আৰু তিনিখন দেশত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেল৷ বিশ্বকাপৰ প্ৰথম দিনটোত হ’বলগীয়া তিনিখন খেলৰ এখনকৈ খেল অনুষ্ঠিত হ’ব আৰ্জেণ্টিনা, উৰুগুৱে আৰু পাৰাগুৱেত৷ অৰ্থাৎ এবাৰৰ বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত৷ ফিফা কংগ্ৰেছত বিশ্বকাপৰ আয়োজক দেশৰ নাম ঘোষণা কৰাৰ পাছত ফিফাৰ সভাপতিজনে আৰু অধিক দেশত ফুটবলক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ বিশ্বকাপৰ দলৰ সংখ্যা বৃদ্ধি কৰা হৈছে যদিও খেলৰ মান নিম্নগামী হ’বলৈ দিয়া নাই৷ প্ৰকৃততে অধিক দেশৰ বাবে সুযোগ সৃষ্টি কৰা হৈছে৷ ইপিনে, ছৌদি আৰৱক ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ সুযোগ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নৰৱে’৷ মঙলবাৰে নৰৱে’ ফুটবল সন্থাৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতি এটাত কোৱা হৈছে যে ২০৩৪ চনৰ বিশ্বকাপ আয়োজনৰ স্বত্ত্ব বিচাৰিছে একমাত্ৰ ছৌদি আৰৱেহে, যিটো বিষয় স্বচ্ছ নহয় যেন ধাৰণা হয়৷ তাৰ উপৰি ছৌদি আৰৱৰ বিৰুদ্ধে বাৰম্বাৰ মানৱাধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এনে এখন বিশ্বকাপ আয়োজনৰ দায়িত্ব দিয়াটো ফিফাৰ আদৰ্শৰ পৰিপন্থী৷