বিতৰ্কৰ মাজতো গুকেশৰ বিশ্বজয়ক লৈ উল্লাস
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ডিচেম্বৰ : মহান গেৰী কাছপাৰভৰো অভিলেখ ভাঙি ১৮ বছৰত দবাৰ বিশ্বচেম্পিয়ন৷ ১৮ বছৰীয়া ডি গুকেশৰ হাতলৈ নিশাটোৰ ভিতৰতে আহিছে পুৰস্কাৰৰ ১৬ কোটি টকা৷ চেম্পিয়নশ্বিপৰ লগতে ডি গুকেশে লাভ কৰিছিল ১১ কোটি ৪৫ লাখ টকা৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিজ ৰাজ্যৰ বিশ্ব চেম্পিয়নলৈ আগবঢ়াইছে ৫ কোটি টকা৷ বিশ্বনাথন আনন্দৰ পাছত দেশৰ লগতে তামিলনাডুৰো দ্বিতীয়জন দবা বিশ্বচেম্পিয়ন তেওঁ৷ ঘৰত আহি উপস্থিত নৌহওঁতেই হাতলৈ আহিছে ১৬ কোটি ৪৫ লাখ টকা৷ পিছে বিশ্ব চেম্পিয়নশ্বিপৰ হাতত ধৰি আহিছে বিতৰ্কও৷ অৱশ্যে এই বিতৰ্কত অভিযুক্ত হোৱা নাই ১৮ বছৰীয়া ভাৰতীয় তৰুণ৷ বৰং অভিযোগ উঠিছে তেওঁৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী, ডিফেণ্ডিং বিশ্বচেম্পিয়ন ডিং লিৰেনৰ প্ৰতি, সামগ্ৰিকভাৱে বিশ্ব চেম্পিয়নশ্বিপখনৰ প্ৰতি৷ এই অভিযোগ গুৰুতৰ৷ প্ৰথম অভিযোগ– ডিং লিৰেনে চতুৰ্দশ মেচখনত ইচ্ছাকৃতভাৱে পৰাজিত হৈছে৷ অন্যাৰ্থত (অথবা দ্বিতীয় অভিযোগ), সামগ্ৰিকভাৱে মেচখন ‘গট-আপ’ অথবা বুজাবুজি হৈছে৷ এই অভিযোগ মুকলিভাৱে কৰিছে ৰাছিয়াৰ দবা সংস্থাৰ মুৰব্বী আন্দ্ৰে ফিলাতভে৷
এই অভিযোগ কৰি ফিলাতভে বিশ্ব দবাৰ সৰ্বোচ্ছ সংস্থা ফিডেক তদন্তৰ বাবে অনুৰোধ জনাইছে৷ কিয় বা কি পৰিস্থিতিত ডিং লিৰেনে মেচখন ইচ্ছাকৃতভাৱে হাৰিছে, তাৰ কোনো যুক্তিগ্ৰাহ্য কাৰণ ফিলাতভে অভিযোগৰ ক্ষেত্ৰত কোৱা নাই৷ কিন্তু ফিলাতভৰ সজোৰ দাবী– ডি গুকেশ আৰু বিগতবাৰৰ চেম্পিয়ন লিৰেনৰ চতুৰ্দশ মেচখনত চীনৰ প্ৰতিযোগীজন ইচ্ছাকৃতভাৱে পৰাজিত হৈছে৷ সেই বক্তব্যৰ জৰিয়তে তেওঁ সেই মেচখনৰ ফলাফল বুজাবুজিৰ জৰিয়তে হোৱা বুলি দাবী কৰিছে৷ ফিলাতভৰ মতে ফিডেই তদন্ত কৰিলে সকলো পোহৰলৈ আহিব৷এই সন্দৰ্ভত ফিডেই এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই৷ যি দবাপ্ৰেমীয়ে মেচখন চাই আছিল, বা যি পাছৰ পৰ্যালোচনা চাইছে অথবা পঢ়িছে, তেওঁলোক অৱগত যে ৫৫সংখ্যক মুভত ডি লিৰেনে এটা মাৰাত্মক ভুল কৰিছিল৷ তেনে ভুল এজন বিশ্বচেম্পিয়নে কৰিব নোৱাৰে বুলি দবাৰ বিষয়ে জ্ঞান থকা সকলোৱে মানি লৈছে৷ আনকি ডি গুকেশেও সেই মুভটোৰ কথা কৈছে– ‘যেতিয়া তেওঁ ‘আৰ এফ২’ খেলিলে, মই কি হৈছে বা তেওঁ কি কৰিছে অলপ সময় বুজিবই পৰা নাছিলোঁ৷ যেতিয়া মই বাস্তৱলৈ আহিলোঁ আৰু বুজিলোঁ, তেওঁ এটা মাৰাত্মক ভুল চাল দিছে, তেতিয়া মই সেই সুযোগ লৈ খেলখন শেষ কৰি পেলালোঁ৷’ পিছে, যিসকলে এই মেচখন ‘লাইভ’ উপভোগ কৰি আছিল, তেওঁলোকে প্ৰথমে ড্ৰ হ’ব বুলিয়েই ভাবি আছিল৷ কিন্তু একে সময়তে ডিং লিৰেন শলঠেকতো পৰিছিল৷ তেওঁৰ সময় টুটি আহিছিল৷ আনহাতে, গুকেশৰ হাতত আছিল অফুৰন্ত সময়৷ ৫৩সংখ্যক মুভ দিয়াৰ পাছত লিৰেনৰ হাতত আছিল ৯ মিনিট ৪৩ ছেকেণ্ড৷ আনহাতে, ‘এণ্ডগেম’ৰ সেই শ্বাসৰুদ্ধকৰ পৰিস্থিতিতো ডি গুকেশৰ হাতত আছিল ১ ঘণ্টা ৭ মিনিট ৭ ছেকেণ্ড৷ ইয়াৰ পৰা এটা কথাৰ সাৰাংশলৈ আহিব পাৰি, বিশ্বাস কৰা টান হ’লেও ডিং লিৰেনে ৫৫সংখ্যক মুভত মাৰাত্মক ভুলটো কৰি পেলাইছিল তেওঁৰ হাতত সময় শেষ হৈ অহাৰ বাবে৷ তেতিয়া হাতলৈ অহা সুযোগ কাৰ্যকৰী কৰি আৰু ৩টা মুভৰ অন্তত অৰ্থাৎ ৫৮সংখ্যক মুভত গুকেশে একেলগে মেচখনৰ ফলাফল আৰু বিশ্ব চেম্পিয়নশ্বিপ নিজৰ হাতলৈ আনিছিল৷