Logo
image

বিক্ৰী হৈ গ’ল এন আৰ এল

ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ‘টেগ’ হেৰুৱালে এন আৰ এলে

আমাৰ অসম, ৩০ মাৰ্চঃ অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ তেজৰ বিনিময়ত অসমবাসীয়ে লাভ কৰা নুমলীগড় শোধনাগাৰ লিমিটেড নৰেন্দ্ৰ মোদী চৰকাৰে বিক্ৰী কৰি দিলে৷ অইল ইণ্ডিয়া লিমিটেড [অইল], ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰক লৈ গঠিত এটা গোট বা কোম্পানী অৰ্থাৎ ‘কনচৰ্টিয়াম’ক ৯৮৭৬.৯৬ কোটি টকাত মোদী চৰকাৰে বিক্ৰী কৰিলে নুমলীগড় শোধনাগাৰ৷ ইমানদিনে ভাৰত পেট্ৰ’লিয়াম   কৰ্প’ৰেচন লিমিটেডৰ [বি পি চি এল] অধীনত থকাৰ বাবে নুমলীগড় শোধনাগাৰ আছিল ৰাজহুৱা খণ্ডৰ উদ্যোগ, অৰ্থাৎ এয়া আছিল চৰকাৰৰ সম্পদ৷ কিন্তু ‘কনচৰ্টিয়াম’ অৰ্থাৎ কোম্পানী বা গোটৰ ওচৰত কেন্দ্ৰীয় চৰকাৰে নুমলীগড় শোধনাগাৰ বিক্ৰী কৰি দিয়াৰ ফলত ই এতিয়াৰ পৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ হৈ নাথাকিল৷ কিয়নো অইল, ইণ্ডিনিয়াৰ্ছ ইণ্ডিয়া আৰু অসম চৰকাৰক লৈ গঠন কৰা ‘কনচৰ্টিয়ামে’ নুমলীগড় শোধনাগাৰক যেতিয়াই ইচ্ছা তেতিয়াই, যাকে মন যায় তাকে বিক্ৰী কৰি দিব পাৰিব৷ ২০২১-২২ বিত্তীয় বৰ্ষত নৰেন্দ্ৰ মোদী চৰকাৰে মুঠতে ১.৭৫ লাখ কোটি টকাৰ চৰকাৰী সম্পদ বেচৰকাৰী কোম্পানীক বিক্ৰী কৰাৰ বাবে বাজেটত লক্ষ্য স্থিৰ কৰিছিল৷ নুমলীগড় শোধনাগাৰ বিক্ৰী সেই লক্ষ্য পূৰণৰ প্ৰথম পদক্ষেপ৷ উল্লেখ্য যে, এয়া নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ পেট্ৰ’লিয়াম খণ্ডত কৰা সৰ্ববৃহৎ বেচৰকাৰীকৰণৰ পদক্ষেপ৷ ইয়াৰ পূৰ্বে  নুমলীগড় শোধনাগাৰৰ দৰে বৃহত্তম কোনো পেট্ৰ’লিয়াম উৎপাদনকাৰী বা শোধনকাৰী প্ৰতিষ্ঠান মোদী চৰকাৰে বেচৰকাৰী কোম্পানীক বিক্ৰী কৰিব পৰা নাছিল৷ যোৱা ২৫ মাৰ্চত সমগ্ৰ ৰাজ্যবাসী নিৰ্বাচনৰ পৰিৱেশত ব্যস্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এই বিক্ৰীৰ চুক্তি সম্পাদন কৰে৷ ফলত ৰাজ্যত এই মুহূৰ্তত নুমলীগড় শোধনাগাৰ বিক্ৰী কৰি দিয়াৰ দৰে আবেগসৰ্বচ্ছ সিদ্ধান্ত ল’লেও অসমবাসীয়ে প্ৰতিবাদ কৰাৰো কোনো সুবিধা নাপালে৷ প্ৰকৃততে মোদী চৰকাৰে সেই সুযোগ নিদিয়াকৈয়ে বিক্ৰীৰ বাবে এনে এটা সময় নিৰ্বাচন কৰি ল’লে, যিটো সময়ত অসমবাসী ব্যস্ত হৈ থাকিল ৰাজ্যখনৰ নিৰ্বাচনত৷ প্ৰসংগতঃ, কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ চৰকাৰী সম্পদ বিক্ৰীৰ ক্ষেত্ৰত ‘ডিছইনভেষ্টমেণ্ট’ বা অসমীয়াত নিৰ্বিয়োজন বুলি কোৱা  শব্দ ব্যৱহাৰ কৰে৷ এই দুয়োটা শব্দৰ অৰ্থ হৈছে চৰকাৰী সম্পত্তি বেচৰকাৰী কোম্পানীক বিক্ৰী কৰা৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে শব্দৰ চাতুৰ্যৰে তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপ এনেদৰে আবৰি ৰাখে যিটো শব্দৰ জোৰত সাধাৰণ জনতাই বুজিয়েই নাপায়৷ 

প্ৰাৰম্ভিকভাৱে মোদী চৰকাৰে বি পি চি এলৰ হাতত থকা নুমলীগড় শোধনাগাৰৰ সম্পূৰ্ণ অৰ্থাৎ ৬১.৫ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰি দিয়ে৷ এই ৬১.৫ শতাংশৰ ৫৪.১৬ শতাংশ অইল ৪.৪ শতাংশ ইঞ্জিনিয়াছ ইণ্ডিয়া আৰু ৩.২ শতাংশ অসম চৰকাৰক লৈ গঠিত কনচৰ্টিয়ামক বিক্ৰী কৰিছে৷ এই সম্পদ বিক্ৰী কৰি মোদী চৰকাৰে পালে ৯৮৭৬.৯৬ কোটি টকা৷ এতিয়া অইল, ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া আৰু অসম চৰকাৰক লৈ গঠিত কনচৰ্টিয়ামে নুমলীগড় শোধনাগাৰ নিজৰ ইচ্ছানুসৰি বিক্ৰী কৰিব পাৰিব৷

১৯৮৫ চনৰ ১৪ আগষ্টৰ  মাজনিশা ছবছৰীয়া বিদেশী বিতাৰণৰ আন্দোলনৰ  পৰিসমাপ্তি ঘটাই যি ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল তাৰ ফলশ্ৰুতিত গোলাঘাট জিলাৰ পংকা গ্ৰাণ্টত জন্ম লাভ কৰিছিল অসমৰ চতুৰ্থটো তেল শোধনাগাৰ– নুমলীগড় শোধনাগাৰে শোধনাগাৰটোৰ মূল অংশীদাৰ বি পি চি এলক বেচৰকাৰী কোম্পানীক বিক্ৰীকৰাৰ সিদ্ধান্ত হোৱাৰ লগে লগে  আন্দোলন গঢ়ি উঠিছিল যদিও আন্দোলন অথলে গ’ল৷ চুক্তি অনুসৰি বিপিচিএলৰ অংশ শূন্য হোৱাৰ পাছত অইলৰ পূবৰ্ৰ ২৬ শতাংশৰ পৰা ৫৪.১৬ শতাংশ বৃদ্ধি হৈ ৮০.১৬ শতাংশ হয়৷সঅসম চৰকাৰৰ পূবৰ্ৰ ১২.৩৫ শতাংশৰ পৰা ৩.১২ শতাংশ বৃদ্ধি হৈ ১৫.৪৭ শতাংশ হয়৷ ই আই এলৰ  নতুনকৈ অংশীদাৰিত্ব হৈ ৪.৩৭শতাংশ হয়। শোধনাগাৰটোত অইলে ৮৬৭৫.৯৬ কোটি টকা, অসম চৰকাৰে ৪৯৯.৯৯ কোটি টকা, ই আই এলে ৩৯.৮৪ কোটি টকা বিনিয়োগ কৰিব৷

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে বি পি চি এলৰ অধীনস্থ ৪টা শোধনাগাৰ আৰু তেল বিপণন কেন্দ্ৰ সমূহৰ মূল্য নিৰ্ধাৰণ প্ৰক্ৰিয়া পৃথকে অব্যাহত ৰখাৰ লগতে প্ৰতিষ্ঠানটোৰ বিপণনৰ সম্পদৰ তালিকাত এন আৰ এলৰ ১৪০ টা তেল বিক্ৰী কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাৰ পাছত  এন আৰ এলৰ তেল বিক্ৰী কেন্দ্ৰসমূহ বি পি চি এলৰ জৰিয়তে অচিৰেই ব্যক্তিগত খণ্ডলৈ যোৱাটো নিশ্চিত হৈ পৰিছে৷ ২০০৮ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাত সেই সময়ত কেন্দ্ৰীয় চৰকাৰে অ’ এম চি অৰ্থাৎ অইল মাৰ্কেটিং কোম্পানী সমূহক প্ৰদান কৰি অহা তেল বিক্ৰীৰ ৰাজসাহায্যৰ পৰা এন আৰ এলক বঞ্চিত কৰা হ’ল৷ যাৰ পৰিণতি স্বৰূপে খুচুৰা তেল বিক্ৰী কেন্দ্ৰসমূহৰ তেল বিক্ৰীত লোকচান আৰম্ভ হোৱাত উক্ত বৰ্ষৰে পৰাই এন আৰ এলৰ এনাৰ্জি ষ্টেচন সমূহ বি পি চি এলক পৰিচালনাৰ বাবে লীজ চুক্তিত গতাই দিয়া হ’ল৷ অৱশ্যে সেই সময়ত এন আৰ এলৰ অ’ এম চি মৰ্যদা নাথাকিলেও উত্তৰ-পূবৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্ততে মুঠ ৫১০টা তেল বিক্ৰী কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে এন আৰ এলক অনুমতি প্ৰদান কৰিছিল৷ এনে পৰিপ্ৰেক্ষিততেই ২০০৮ বৰ্ষৰ পৰা বৰ্তমানলৈকে এন আৰ এলৰ এনাৰ্জি ষ্টেচন সমূহৰ ওপৰত বি পি চি এলে নিজৰ আধিপত্য বিস্তাৰ কৰি ব্যৱসায় অব্যাহত ৰাখে৷  এন আৰ এলে এনাৰ্জি ষ্টেচন সমূহ বি পি চি এলৰ পৰা ওভতাই লোৱাৰ প্ৰয়োজন আছিল যদিও এন আৰ এলৰ মূল অংশীদাৰ বি পি চি এল হোৱাৰ বাবেই কোম্পানীটোৰ পৰা তেল বিক্ৰী কেন্দ্ৰসমূহ আজি পৰ্যন্ত এন আৰ এললৈ ওভতাই আনিবলৈ এন আৰ এল কতৃৰ্পক্ষ সক্ষম নহ’ল৷ইফালে অইল, ই অই এলৰ নিজা বিক্ৰী ব্যৱস্থা নথকাত এন আৰ এলৰ উৎপাদিত তৈল সামগ্ৰী অনিশ্চয়তাত অছে৷ অধিক লাভৰ লগতে উদ্যোগটোৰ বিকাশৰ লক্ষৰে নুমলীগড় শোধনাগাৰক অৰু ছয় মিলিয়ন মেট্ৰিক টনলৈ শোধন ক্ষমতাৰ সম্প্ৰসাৰণৰ লক্ষৰে মুঠ ৯ মিলিয়ন মেট্ৰিক টন শোধন ক্ষমতালৈ বৃদ্ধিৰ পৰিকল্পনাৰ ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ  কৰিছে৷