Logo
image

ক’ভিড এতিয়াও শেষ হোৱা নাই!

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ ডিচেম্বৰঃ ক’ভিড ভাইৰাছৰ যেন সংক্ৰমণ শেষ হোৱা নাই৷ ক’ভিড ভাইৰাছৰ আজিও সন্ত্ৰাস অব্যাহত আছে সমগ্ৰ দেশৰ লগতে অসমতো৷ ঘাটক ক’ভিডে চলিত ২০২৪ বৰ্ষত অসমৰ ৩জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়ে৷–এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি চলিত বৰ্ষত  ৰাজ্যত ৮৯জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ ইয়াৰে কেইবাজনো ৰোগী ক’ভিডৰ ভেকচিন লোৱাৰ পাছতো আক্ৰান্ত হৈছে৷ 



লোকসভা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰা মতে ২০২২ চনত অসমত সৰ্বাধিক ১,২৫,৫২৭জন লোক ক’ভিড ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ইয়াৰে ১,৮৭১জন লোকৰ মৃত্যু হৈছিল৷ ২০২২ চনৰ পৰা ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ আহে যদিও ২০২৩ বৰ্ষতো অসমত নতুনকৈ ৭১জন লোক ক’ভিডত আক্ৰান্ত হৈছিল৷ আশ্চৰ্যজনকভাৱে ২০২৩ চনৰ বিপৰীতে ২০২৪ চনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিহে পাইছে৷ চলিত বৰ্ষৰ ৬ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত ক’ভিডত আক্ৰান্ত হয় ৮৯জন লোক৷ অৱশ্যে চলিত বৰ্ষত দেশৰ ভিতৰত কৰ্ণাটকত সৰ্বাধিক  ৭,২৫২ জন লোক ক’ভিডত আক্ৰান্ত হয়৷ ইয়াৰ পাছতেই মহাৰাষ্ট্ৰত ৫,৬৫৮ জন আৰু কেৰালাত ৫,৫৯৭জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ চলিত বৰ্ষত দেশৰ ভিতৰত কেৰালাত সৰ্বাধিক ৬৬জন লোক ক’ভিডৰ বাবে মৃত্যু মুখত পৰে৷ ইফালে কম বয়সীয়া ব্যক্তিৰ ক’ভিড ভেকচিনৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি দেশজুৰি উত্থাপন হোৱা অভিযোগক নস্যাৎ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ চলিত সংসদৰ শীতকালীন অধিৱেশনত এই বিতৰ্কক লৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই আই চি এম আৰৰ এখন প্ৰতিবেদন ৰাজহুৱা কৰি ভেকচিনৰ পাশ্বৰ্ক্ৰিয়াৰ অভিযোগ খণ্ডন কৰে৷ আই চি এম আৰৰ প্ৰতিবেদনত ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মৃত্যু হোৱা ১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ ব্যক্তিৰ নমুনা পৰীক্ষা কৰি ক’ভিড ভেকচিনৰ ফলত আকস্মিক মৃত্যুৰ অভিযোগ নাকচ কৰিছে৷ আই চি এম আৰে দেশৰ ১৯ খন ৰাজ্যৰ ৪৭ খন হাস্পতালৰ ব্যক্তিৰ নমুনা পৰীক্ষা কৰে৷ এই গৱেষণাত ভেকচিন লোৱা ৭২৯জন ব্যক্তিৰ মৃত্যু হ’লেও ২,৯১৬জন লোকৰ প্ৰাণ ৰক্ষা কৰিছে৷ এই গৱেষণাৰ ভিত্তিতে আই চি এম আৰে ভেকচিনে ক’ভিডৰ সংক্ৰমণৰ ভয়াৱহতা হ্ৰাস কৰি  মানৱ শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা বুলি দাবী কৰিছে৷