Logo
image

৪ বছৰত ১০৯টা উদ্যোগত তলা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ ডিচেম্বৰঃ আত্মনিৰ্ভৰ আঁচনিৰ নামত ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীক লাখ লাখ টকা অনুদান দিয়াৰ সময়তে অসমৰ আন এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ আৰ্থিক সংকটত বিগত ৪টা বছৰত ৰাজ্যত বন্ধ হৈ পৰিল শতাধিক উদ্যোগ৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ২০২০ চনৰ পৰা জুলাই মাহৰ পৰা বিগত নৱেম্বৰ পৰ্যন্ত অসমত চিৰদিনলৈ তলা ওলমিল ১০৩টা এম এছ এম ই উদ্যোগ৷ হাজাৰ হাজাৰ লোকৰ সংস্থাপনৰ বাট মুকলি কৰা ৰাজ্যৰ অন্যতম গুৰু উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল, যোগীঘোপাৰ অশোক কাগজ কল, বৰুৱা বামুণগাঁৱৰ চেনী কল, শিলঘাটৰ মৰাপাট কল বন্ধ হোৱাৰ পাছত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত লোকচানৰ বাবে অসমত ৯৯ টা ক্ষুদ্ৰ উদ্যোগৰ লগতে ২ টা লঘু উদ্যোগ আৰু ২ টা মজলীয়া উদ্যোগ বন্ধ হৈ পৰিল৷ 



চৰকাৰৰ প্ৰয়োজনীয় সহায় সহযোগিতাৰ অভাৱতে অকাল মৃত্যু হ’ল অসমৰ সম্ভাৱনাপূৰ্ণ এম এছ এম ই উদ্যোগকেইটা৷ যিসময়ত ৩৩ লাখ পঞ্জীয়নভুক্ত নিবনুৱাই চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাত এনে উদ্যোগ কাৰখানাসমূহে নিয়োগৰ বাট মুকলি কৰিছে, ঠিক তেনে সময়তে ঋণ তথা চৰকাৰী ৰাজ সাহায্যৰে নিৰ্মাণ হোৱা এটাৰ পাছত এটা উদ্যোগৰ মৃত্যু ঘণ্টা বাজিছে৷ নিয়োগ সৃষ্টিত অৰিহণা যোগোৱা তথা নিবনুৱা সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শতাধিক এম এছ এম ই উদ্যোগ বন্ধ হৈ পৰাত বৃহৎ সংখ্যক নিবনুৱাৰ জীৱন জীৱিকালৈ সংশয় নামি আছিল৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ূষ গোৱেলে লোকসভাৰ প্ৰশ্নত এটা উত্তৰত দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ উদ্যম আঁচনিৰ অৰ্থ সাহায্যৰে স্থাপন কৰা হৈছিল এই সমূহ উদ্যোগ৷ সৰ্বাধিক ৫ কোটি টকা ঋণ প্ৰদান কৰা হৈছিল উদ্যোগীসকলক৷ মোদী চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত স্থাপন কৰা উদ্যোগসমূহলৈ ক’ভিডৰ পাছতেই কাল অমানিশা নামি আছিল৷ কিন্তু কেন্দ্ৰ-ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ বাবে সম্ভাৱনাপূৰ্ণ উদ্যোগসমূহৰ অপমৃত্যু ঘটা বুলি অভিযোগৰ আঙুলি উঠিছে৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে বিগত ৪ বছৰত দেশত ৬১,৪৬৯ টা এম এছ এম ই উদ্যোগ বন্ধ হৈ পৰিছে৷ অৱশ্যে অসমত শতাধিক উদ্যোগ বন্ধ হোৱাৰ বিপৰীতে চুবুৰীয়া মেঘালয়ত মাত্ৰ ৩টা উদ্যোগ, মিজোৰামত ২৬টা উদ্যোগ আৰু নাগালেণ্ডত ২৫টা উদ্যোগ বন্ধ হোৱাৰ তথ্য প্ৰকাশ কৰিছে৷