Logo
image

মহানগৰীত ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আৰম্ভ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰ : মহাবাহু ব্ৰহ্মপুত্ৰৰ নদী পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে দেওবাৰে পৰা আৰম্ভ হৈছে তৃতীয় ব্ৰহ্মপুত্ৰ কাৰ্নিভেল মহোৎসৱ৷ গুৱাহাটীৰ ফাঁচী বজাৰৰ ৰাজদুৱাৰ ঘাটৰ ব্ৰহ্মপত্ৰৰ বালিচৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল মহোৎসৱ সম্পূৰ্ণ তিনিমাহ ধৰি চলিব৷ অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত লুইতৰ বলুকাত আৰম্ভ হোৱা মহোৎসৱখনৰ দেওবাৰে সন্ধিয়া উদ্বোধন কৰে ৰাজ্যৰ নতুন পৰ্যটন উন্নয়ন দপ্তৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ বিগত ৩ বছৰৰ দৰে এইবাৰো নদী পৰ্যটনৰ প্ৰচাৰৰ  উদ্দেশেৰে  ৯০ দিনীয়া আড়ম্বপূৰ্ণ কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেলৰ আয়োজন কৰিছে৷ মহাবাহুৰ পাৰত নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰযুক্তিগত চিন্তাৰে উত্তৰ পূৰ্বাঞ্চলবাসীৰ লগতে দেশ-বিদেশী পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেলৰ আয়োজন কৰা বুলি পৰ্যটন উন্নয়ন নিগমে সদৰী কৰিছে৷


মহোৎসৱস্থলীত অসমৰ থলুৱা তথা পৰম্পৰাগত খাদ্য, সাজ-পোছাকৰ বিপণীৰ লগতে  বহিঃৰাজ্যৰো বহু বিপণীয়ে অংশগ্ৰহণ কৰিছে৷ এই মহোৎসক বিভিন্ন ক্ৰীড়াৰ লগতে এডভেঞ্চাৰ, ৱাটাৰ ৰাফটিঙৰ ব্যৱস্থা কৰিছে৷ তদুপৰি পৰ্যটক তথা যিকোনো ব্যক্তিয়ে নদীৰ পাৰত নিশা কটোৱাৰ বাবেও বিশেষ টেণ্টৰ ব্যৱস্থা কৰিছে৷ ব্ৰহ্মপুত্ৰৰ মাজৰ এটা নিজান বালিচৰত নৈশ যাপনৰ এই সু-ব্যৱস্থা কৰিছে৷ আৰক্ষী তথা  এছডিআৰএফক ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল মহোৎসৱৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত কৰা হৈছে৷ এই মহোৎসৱত বিভিন্ন শিল্পীৰ  কণচাৰ্টৰ ব্যৱস্থা ৰাখিছে৷ দেওবাৰে জনপ্ৰিয় শিল্পী জয় বৰুৱাই মহোৎসৱত সংগীতানুষ্ঠান পৰিৱেশন কৰে৷ মহোৎসৱত ব্ৰহ্মপুত্ৰৰ নদী সভ্যতাৰ উমান লোৱাৰ লগতে নৌকা বিহাৰ, হাতী ছাফাৰী, ঘোঁৰা ছাফাৰী, জীপ লাইনিং, এৰ’ স্পৰ্টছৰো অভিজ্ঞতা ল’ব পাৰিব বুলি পৰ্যটন উন্নয়ন নিগমে জানিবলৈ দিছে৷