Logo
image

অবিশ্বাস্য! এটা কণীৰ দাম ৮শ টকা

‘আমাৰ অসম’ৰ কোকিলাৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ অবিশ্বাস্য যেন লাগিলেও সত্য৷ বঙাইগাঁও জিলাৰ ভাণ্ডাৰা দাৰুল উলুম মাদ্ৰাছাৰ ৪১সংখ্যক বাৰ্ষিক ধৰ্মসভাত এটা কণীৰ দাম উঠিছে ৮ শ টকা আৰু এটা আপেলৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৫ শ টকা৷ ৰাজ্যখনত এনেয়ে সা-সামগ্ৰীৰ দাম অত্যধিক চৰা যদিও ধৰ্মসভাত তাতকৈ বহু চৰা মূল্যত সা-সামগ্ৰী বিক্ৰী হোৱা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে৷ 



জানিব পৰা মতে শনিবাৰে নিশা বঙাইগাঁও জিলাৰ ভাণ্ডাৰা দাৰুল উলুম মাদ্ৰাছাত কাৰী মোবাৰক আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ধৰ্মসভাত হজৰত মৌলনা আবুল হুছেইন, মৌলনা আয়নুল হক, মৌলনা আব্দুল কাদিৰে ধৰ্মীয় ভাষণ দিয়াৰ লগতে ইছলামত মাদকদ্ৰব্যক হাৰাম (অবৈধ) বুলি কয়৷ আনকি মুখ্য অতিথি মৌলনা আয়নুল হকে মাদকদ্ৰব্য সেৱনকাৰীক সমাজৰ পৰা এঘৰীয়া কৰিলে সমাজখন সুস্থ হ’ব বুলি কয়৷ ধৰ্মসভাত এটা কণী ৮ শ টকা, আধাকিলো কুকুৰা চৰাই এক হাজাৰ টকা, আপেল ৫০০ টকাকৈ বিক্ৰী হয়৷ ধৰ্মীয় ৰীতি মতে যিমান চৰাদামত ক্ৰয় কৰি খাব সিমানেই সোনকালে মনোকামনা পূৰণ হ’ব বুলি বিশ্বাস৷ আনকি ধৰ্মসভাত ৰেজাউল খান আৰু নুৰ আলমক ইছলামিক ধৰ্ম মতে পাগুৰি প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে৷