Logo
image

ষ্ট্ৰংৰূমৰ ওপৰত নজৰ ৰাখক

শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আপোনালোকক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ৷ ব্যাপকৰূপত ভোটদান কৰা বাবে এই অভিনন্দন৷ ৭৭.০১ শতাংশৰ অভিলেখ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাইজে চৰকাৰ পৰিৱৰ্তনৰ ইংগিত দিলে৷প্ৰতিষ্ঠানবিৰোধী ঢৌৱে কোবাই গ’ল উজনি, মধ্য আৰু উত্তৰ অসম৷ ৰাইজৰ এই ব্যাপক বিজেপিবিৰোধিতাত ভয় খাই  বিজেপি দলে ২৮ মাৰ্চ, ২০২১ তাৰিখে অসমৰ সংবাদ মাধ্যমত এটা প্ৰৱঞ্চনামূলক বিজ্ঞাপন প্ৰকাশ কৰিছে৷ ‘উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত বিজয়’ – নামৰ বাতৰি কাকতৰ প্ৰথম বাতৰিৰ নিচিনাকৈ প্ৰকাশ কৰা এই প্ৰৱঞ্চনামূলক, মিছা আৰু অনৈতিক বিজ্ঞাপন প্ৰকাশ কৰি বিজেপি দলে গণতান্ত্ৰিক প্ৰমূল্যক প্ৰত্যাহ্বান জনাইছে৷ মই কাৰাগাৰৰ পৰাই বিজেপিৰ এই দুষ্কাৰ্যৰ বাবে গৰিহণা দিছোঁ আৰু ৰাইজক বিজেপিৰ অপপ্ৰচাৰত ভোল নাযাবলৈ অনুৰোধ জনাইছোঁ৷ এই ভুৱা সংবাদ পৰিৱেশন কৰা প্ৰৱঞ্চনামূলক বিজ্ঞাপনে ইভিএম মেচিনৰ সাম্ভাৱ্য জালিয়াতিক মান্যতা দিব পাৰে৷

মই  আশাকৰোঁ অসমৰ নিৰ্বাচন আয়োগে বিজেপিৰ এই প্ৰৱঞ্চনামূলক ভুৱা বাতৰি প্ৰচাৰ কৰা বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ বিৰোধী দলসমূহক অনুৰোধ জনাওঁ, সকলোৱে নিৰ্বাচন আয়োগক আপত্তি দিয়ক৷

এতিয়া আহোঁ, ২৭ মাৰ্চ, ২০২১ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰিৱেশলৈ৷ ২৭মাৰ্চৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন মোৰ বোধেৰে তিনিটা প্ৰধান বিষয়ৰ ওপৰত অনুষ্ঠিত হ’ল৷ সেই ইছু্যকেইটা হ’ল – ‘কা’, আঞ্চলিকতাবাদ আৰু অখিল গগৈৰ মুক্তি৷ বহু চেষ্টা কৰিও, আনকি নিৰ্বাচনৰ দিন নিৰ্ধাৰিত সময়তকৈ আগুৱাই দিও, বিজেপিয়ে ‘কা’বিৰোধী ঢৌৰ পৰা ৰক্ষা নাপালে৷ গৰিষ্ঠসংখ্যক জনতাৰ নিৰ্বাচনৰ মূল বিষয় আছিল ‘কা’ৰ বিৰোধিতা৷ দ্বিতীয়তে, এইবাৰ নিৰ্বাচনৰ আটাইতকৈ আনন্দকৰ আৰু আলোকসন্ধানী নিৰ্বাচনী বিষয়টো আছিল আঞ্চলিকতাবাদ বা জাতীয়তাবাদ৷ আঞ্চলিক দলবোৰৰ অনেক দুবৰ্লতা আৰু পৰিকল্পনাহীনতাৰ পাছতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰক আলোকিত কৰা,  উৎসাহিত কৰা দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টোৱে আছিল ‘ৰাষ্ট্ৰীয়তাবাদ নহয়, আমাক লাগে আঞ্চলিকতাবাদ’৷ বোধহয় বিজেপি দলৰ অসমৰ নেতৃবৰ্গৰ দিল্লীৰ ওচৰত চূড়ান্ত আত্মসমপৰ্ণৰ প্ৰতিক্ৰিয়াৰূপেই অসমীয়া জাতীয়তাবাদ আছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এটা অতি উৎসাহজনক বিষয়৷ এই কথাটোৱে অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ আমোল পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ তৃতীয়, কিন্তু অতিশয় তাৎপৰ্যপূৰ্ণ বিষয় এটা আছিল অখিল গগৈৰ বন্দিত্ব৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ৰ চৰকাৰী অকথ্য দমন-নিৰ্যাতন, বাক্‌স্বাধীনতা হৰণ নীতি আৰু বিজেপি চৰকাৰখনৰ সচৰাচৰ স্বৈৰতান্ত্ৰিক কাম-কাজৰ বিৰোধিতাৰে ‘কা’ আন্দোলনৰ বন্দী অখিল গগৈক কাৰাগাৰৰ পৰা উলিয়াই অনাটোও আছিল উজনি অসমৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু৷ এয়া হ’ল বিজেপি চৰকাৰ আৰু দলৰ ফেচিবাদী আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে পূবৰ্তে থকা বহুআসন হেৰুওৱাটো নিশ্চিত৷ পৰাজয়ৰ এই গ্লানিৰ পৰা মুক্ত কৰি নিজৰ কৰ্মীক উৎসাহিত কৰিবলৈ আৰু ৰাইজক প্ৰৱঞ্চনা কৰিবলৈকে বিজেপিৰ ২৮মাৰ্চৰ বৃহৎ বৃহৎ বিজ্ঞাপন৷ 

নিৰ্বাচনৰ এজন প্ৰাৰ্থী হিচাপে মই ১০৮নং শিৱসাগৰ সমষ্টিবাসী ৰাইজক অশেষ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷ প্ৰাৰ্থীৰ[মোৰ] অনুপস্থিতিতো শিৱসাগৰবাসীয়ে যি মহৎ উদে্যাগ গ্ৰহণ কৰিলে, মোক জয়ী কৰাবলৈ স্বপ্ৰণোদিতভাৱে বিৰাট বিশাল কৰ্মযজ্ঞ সাধন কৰিলে, তাৰ বাবে মই চিৰজীৱন সমষ্টিবাসী ৰাইজ আৰু মোৰ শুভাকাংক্ষী সকলোৰে ওচৰত চিৰঋণী হৈ ৰ’লোঁ৷ মোক ভোট দি দি আপোনালোকে ইভিএমৰ চাৰি নম্বৰ বুটামটোৰ ৰং সলনি কৰি দিয়া বুলি খবৰ পাই মোৰ যে কিমান আনন্দ লাগিছে বুজাই ক’ব নোৱাৰোঁ৷ আপোনালোকৰ এই আশীষ মোৰ কাৰাবন্দী জীৱনৰ জীয়াই থকাৰ সম্বল৷ আপোনালোকৰ এই মহান উদে্যাগে মোৰ মুক্তিৰ বাৰ্তাও কঢ়িয়াই আনিছে৷ বিপুল ভোটৰ ব্যৱধানত যে আপোনালোকে মোক জয়ী কৰাইছে, তাত মোৰ কোনো সন্দেহ নাই৷ লগতে মই নিশ্চিত হৈছোঁ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে ‘ৰাইজৰ দল’এ কেইবাখনো আসন পাব৷ আমি বিজেপিবিৰোধী চৰকাৰ গঠনৰ বাবে উদ্বাউল হৈ অপেক্ষা কৰিছোঁ৷

এতিয়া শেষত কওঁ, ‘ৰাইজৰ দল’ৰ নেতা-কৰ্মীসকলৰ দায়িত্ব, ৰাইজে আমাক দিয়া আশীৰ্বাদ যাতে শাসক দলে ৰিগিং কৰি বা ইভিএম জালিয়াতি কৰি ফলাফল সলনি কৰি দিব নোৱাৰে তাক নিশ্চিত কৰাটো৷  আমাৰ কৰ্মীসকলৰ কেইবামাহৰ শ্ৰম আৰু জনতাৰ সাধনা ৪০ছেকেণ্ডত যাতে দুষ্কৃতিকাৰীয়ে পণ্ডশ্ৰমত পৰিণত কৰি পেলাব নোৱাৰে তাক নিশ্চিত কৰাটো৷ তাৰ বাবে ‘ৰাইজৰ দল’ৰ নেতা-কৰ্মীসকলক দায়বদ্ধতাৰে, সদা সতৰ্ক দৃষ্টিৰে দায়িত্ব পালন কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনালোঁ৷ নাগৰিকসকলেও ইভিএম ৰখা ষ্ট্ৰং ৰূমত চকু ৰাখক৷ মনত ৰাখিব, আমাৰ প্ৰতিপক্ষ ভয়ানকভাৱে দুষ্ট৷

অখিল গগৈ