Logo
image

ফেন ক্লাবৰ ওপৰতো নিষেধাজ্ঞা ৰাজীৱ ভৱনৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ডিচেম্বৰ : সন্মুখত তিনিটাকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন৷ শাসকীয় দল বিজেপি বৰ্তমান ব্যস্ত এই নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতক লৈ৷ ইয়াৰ বিপৰীতে সততে বিজেপি দলক ক্ষমতাৰ পৰা আতৰোৱাৰ হুংকাৰ দি থকা কংগ্ৰেছ দল ব্যস্ত নিজৰে মাজত সংঘাতৰ মাত্ৰা বৃদ্ধি কৰাক লৈ৷ উপ-নিৰ্বাচনৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ফেন ক্লাবে সাংসদ গৌৰৱ গগৈক মুকলিভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ ভূপেন বৰা ফেন ক্লাবে এখন পত্ৰ ৰাজহুৱা কৰি সাংসদ গগৈক তীব্ৰ সমালোচনা কৰিছিল৷ ইয়াৰ বিপৰীতে দীৰ্ঘ সময় ধৰি গৌৰৱ গগৈ ফেন ক্লাব নিজকে জড়িত কৰি ৰাখিছে বিভিন্ন সামাজিক কাম-কাজত৷ উপ-নিৰ্বাচনৰ সময়ত বিহালী সমষ্টিত গৌৰৱ গগৈ ফেন ক্লাবক শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছিল৷


গৌৰৱ গগৈ ফেন ক্লাবে সময়ে সময়ে অনুষ্ঠিত কৰি অহা বিভিন্ন অনুষ্ঠানত সাংসদ গগৈও অংশ লৈ আহিছে৷ কিন্তু এতিয়া এনে ধৰণৰ ফেন ক্লাবক নাকী লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজীৱ ভৱনে৷ প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত অনুষ্ঠিত দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত এতিয়াৰে পৰা দলৰ কোনো নেতা-বিধায়ক আৰু সাংসদৰ নামত ফেন ক্লাব থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আৰু বৰ্তমানে ফেন ক্লাবৰ বিষয়ববীয়াৰ পদত দলৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে ফেন ক্লাবৰ দায়িত্ব এৰিব লাগিব৷ ফেন ক্লাবৰ সৈতে জড়িত সকল প্ৰদেশ কংগ্ৰেছৰ সৈতে জড়িত থাকিব নোৱাৰিব বুলিও প্ৰস্তাব গ্ৰহণ কৰা হয়৷ দুই ম’হৰ যুঁজত যেন এতিয়া ফেন ক্লাবৰহে মৰণ৷ এতিয়াৰ পৰা আৰু দলৰ কোনো নেতা-সাংসদ-বিধায়কে নিজৰ নামত গঠন কৰিব নোৱাৰিব ফেন ক্লাব৷ আজিৰ তাৰিখত ৰাজনৈতিক পথাৰত ফেন ক্লাবৰ প্ৰভাব আৰু গুৰুত্ব যথেষ্ট যদিও কংগ্ৰেছৰ বাবে যেন এতিয়া শত্ৰু স্বৰূপ হৈ পৰিছে দলৰ বিভিন্ন নেতাৰ নামত থকা ফেন ক্লাবসমূহ৷ যাৰ ফলত নিজৰ দলৰ নেতা-বিধায়ক-সাংসদৰ নামত থকা ফেন ক্লাবসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ ওলাইছে ৰাজীৱ ভৱনে৷