Logo
image

মূল্যবৃদ্ধি হোৱা নাই, ৰাজ্যত এতিয়া এক কেজি নতুন আলুৰ দাম ২৭ টকাহেঃ মন্ত্ৰী প্ৰশান্ত ফুকন

'আমাৰ অসম'ৰ ধুবুৰীৰ প্ৰতিনিধি, ১৭ ডিচেম্বৰঃ ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে খাটি খোৱা ৰাইজক এক প্ৰকাৰ কোঙা কৰি পেলোৱাৰ সময়তে ধুবুৰীত এইবাৰ অসম চৰকাৰৰ শক্তি, দক্ষতা, নিয়োগ বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কৰা মন্তব্যই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মঙলবাৰে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা মাইক্ৰফাইনেঞ্চৰ হিতাধিকাৰীৰ মাজত ঋণমুক্ত প্ৰমাণ-পত্ৰ বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে অসমত নতুন আলুৰ দাম প্রতি কিলোগ্ৰামত ২৭ টকাহে। গতিকে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা নাই। আজিৰ তাৰিখত অসমত মূল্যবৃদ্ধিৰ কোনো প্ৰাসংগিকতাই নাই বুলি কয় মন্ত্ৰী প্ৰশান্ত ফুকনে। 



ইপিনে মন্ত্ৰী প্ৰশান্ত ফুকনে সাংবাদিকৰ আগত স্মাৰ্ট মিটাৰক লৈও বিভ্ৰান্তিকৰ মন্তব্য কৰা দেখা যায়। মন্ত্ৰীগৰাকীয়ে কয় যে এইয়া স্মাৰ্ট মিটাৰ নহয়, ছেঞ্চেটিভ মিটাৰহে। তেওঁ কয় যে ৰিৰ্মোটৰে টেলিভিচন বন্ধ কৰিলেই নহ'ব ছুইচ টিপি  টেলিভিচন বন্ধ কৰিব লাগিব। আনপিনে এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰৰ এয়া এক ভাল সিদ্ধান্ত বুলি তেওঁ কয়৷ তেওঁৰ মতে, অসমৰ সকলো জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে বিকাশৰ ১২ দিন কাৰ্যসূচীয়ে বুজাইছে অসমৰ উন্নতি। ইপিনে ধুবুৰীতো সেই বিকাশৰ ১২ দিন অনুষ্ঠানলৈ অংশগ্ৰহণ কৰাৰ উদ্যেশ্যে আজিৰ বিতৰণ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে বুলি কয়।

ধুবুৰীত অসম মাইক্ৰ'ফাইনেঞ্চৰ অধীনত ৯ টা শাখাৰ ৪,১০৪ জন হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ঋণমুক্ত প্ৰমাণ-পত্ৰ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। ২০২৪ চনত হৈ যোৱা বানপানী, ধুমুহা-বতাহৰ লগতে প্ৰাকৃতিক দুৰ্যোগত ধুবুৰী জিলাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতিপথাৰ, মীন পালন, কাপোৰ আৰু বাচন-বৰ্তনকে ধৰি বিভিন্ন দিশত  ক্ষতিগ্ৰস্ত হোৱা লোক সকলক ৬ কোটি ৩১ লাখ ৫২ হেজাৰ ৭৬৫ টকাৰ সাহাৰ্য প্ৰদানৰ অৰ্থে অসম চৰকাৰে সাহাৰ্য পুঁজি মোকলাই দিয়াৰ কথাও তেওঁ কয়। তদুপৰি জিলাখনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ২৭০ টাকৈ  আত্মসহায়ক গোটৰ মহিলাসকললৈ মুঠ ১ কোটি ৭৭ হেজাৰ টকাৰ চেক বিতৰণ কৰে  মন্ত্ৰীগৰাকীয়ে৷ আজিৰ কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে ধুবুৰী জিলাৰ গোলকগঞ্জ, চাপৰ আৰু ধুবুৰীৰ ৭গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে৷ বাকী হিতাধিকাৰীক জিলা প্ৰশাসনৰ ফালৰ পৰা পৰ্যায় ক্ৰমে চেক সমূহ বিতৰণ কৰিব বুলি জানিব পৰা গৈছে। এই উপলক্ষে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত আয়োজন কৰা এক অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক হিতাধিকাৰী উপস্থিত থাকে। অনুষ্ঠানটোত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ পৌৰপতি দেৱময় সান্নাল, ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেন জিৎ দত্তকে ধৰি ধুবুৰী জিলা বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে৷