কুঁৱলী সৰকি আহিল বনভোজৰ বতৰ
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১৭ ডিচেম্বৰ : কুঁৱলীয়ে বাট ভেতি কৰিছে আমনি, বাট-পথ একোকে নমনি...৷ কুঁৱলী সৰকি ধৰাৰ বুকুলৈ আহিল বনভোজৰ বতৰ৷ প্ৰচণ্ড শীতৰ মাজতো মানুহে প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰে শোভাবদ্ধৰ্ন কৰা স্থানলৈ যায় বনভোজ খাবলৈ৷ কথাতে কয়–এদিনৰ কাৰণে আনন্দ বিচৰা যদি বনভোজ খাবলৈ যাওঁক৷ উলাহ উদ্দীপনাৰে প্ৰাকৃতিক পৰিৱেশত লগে ভাগে এসাঁজ খোৱাৰ মজাই সুকীয়া৷ ২০২৪ বৰ্ষটোৰ ৰান্ধনীবেলি মাৰ যাওঁ যাওঁ৷ মাত্ৰ কেইটামান দিনহে বাকী৷ নতুন ২০২৫ বৰ্ষটো আদৰিবলৈ সকলো সাজু৷ বৰ্ষ সমাপ্তি আৰু নতুন বৰ্ষৰ আৰম্ভণিৰ ধামখুমিয়াত ৰাজ্যৰ বনভোজস্থলীসমূহ উদুলি মুদুলি হৈ পৰিছে৷ বনভোজস্থলীসমূহত মানুহৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ বনভোজস্থলীসমূহ যথা–বগামাটি, ভুটানচকী, ভৈৰবকুণ্ড, কুুৰুৱা চাপৰি, মদন কামদেৱ, মানাহ, ওৰাং, কাজিৰঙা, চৰাইদেউ, ৰংঘৰ বাকৰি, দিচাংমুখ, বগীবিল, চাৰণবিল, পবিতৰা, দিল্লীঘাট, ভোমোৰাগুৰী, নৰনাৰায়ণ সেতু, আইনদীপাৰ, পাগলদিয়াৰ পাৰ, জাজীমুখ, উকিয়াম, চানডুবি, হাঁহিম, ধলা-শদিয়া, আমচৈ, দীপৰ বিল, হাতীশিলা, আকাশীগংগা, চনকা, ৰাণী আদি বনভোজস্থলী সমূহত পিকনিক পাৰ্টীয়ে ভিৰ কৰিছে৷ কিন্তু পৰিতাপৰ কথাটো হ’ল যে এচাম উদণ্ড-উচ্ছৃংখল লোকৰ উদ্ভাণ্ডলিয়ে বনভোজস্থলীসমূহৰ পৰিৱেশ বিনষ্ট কৰিছে৷ বনভোজস্থলীত অবৈধভাৱে সুৰাৰ বেহাই বনভোজস্থলীৰ নান্দনিক পৰিৱেশ ধবংস কৰিছে৷ সেয়ে বনভোজ যাত্ৰীৰ ক্ষেত্ৰত ৰাজ্যজুৰি জিলা প্ৰশাসনে কিছুমান এছ অ’ পি জাৰি কৰিছে৷
বনভোজস্থলীত জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি বিয়লি চ্ছ্ৰ বজাৰ পূৰ্বেই বনভোজস্থলী ত্যাগ কৰা, সুৰাৰ বেহা নিষিদ্ধ কৰা, মদ্যপান কৰি বাহন চলোৱাত নিষেধাজ্ঞা, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা বান্ধি দিয়া হৈছে৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজস্থলীৰ পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ আৱাসীৰ যাতে কোনো সমস্যা নহয় আৰু বনভোজযাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিখন জিলাতে এলানি বিশেষ নিৰ্দেশাৱলী জাৰি কৰিছে৷ জিলাৰ অধীনৰ প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক নিজ নিজ চক্ৰত স্থানীয় পিকনিক পৰিচালনা সমিতি, গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনী, আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে পিকনিকস্থলীত সুৰাপান কৰি গাড়ী নচলোৱাৰ বাবে পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইসমূহ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হোৱা ঠাইসমূহ চিনাক্ত কৰি তেনে স্থানসমূহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ আনহাতে নদী, বিল আৰু হ্ৰদৰ কাষত থকা পিকনিকস্থলীসমূহত যাতে পিকনিকলৈ অহা লোক পানীত পৰাৰ দৰে ঘটনা সংঘটিত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ মদ্যপান কৰি গাড়ী চলোৱাসকলৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ নিৰ্দেশ প্ৰদান কৰি ইয়াৰ বাবে ৰাজহ চক্ৰসমূহত সংশ্লিষ্ট চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষী, পৰিবহণ বিভাগ সষ্টম হৈ আছে৷ পিকনিকস্থলীলৈ ভোজ খাবলৈ যোৱা গাড়ীসমূহৰ চালকৰ লগতে বিশেষকৈ পিকনিকস্থলীলৈ যোৱা গাড়ীসমূহৰ চালকৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আৰু মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ লগতে যুটীয়া টাস্ক ফৰ্চসমূহক মদ্যপান কৰি গাড়ী চলোৱা, তীব্ৰ গতিত গাড়ী চলোৱা আৰু আইন উলংঘাকাৰীৰ বিৰুদ্ধে যান বাহন আইন অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, মদ্যপান কৰি যাতে কোনেও দুচকীয়া আৰু চাৰিচকীয়া বাহন নচলাই তাৰ বাবে চালকৰ মাজত উপযুক্ত সজাগতা সৃষ্টি কৰিবলৈ, দুচকীয়া বাহনৰ চালক আৰু আৰোহী দুয়ো হেলমেট পৰিধান কৰাতো নিশ্চিত কৰিবলৈ আৰু এই নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷