Logo
image

মূৰ দাঙি উঠিছে যক্ষ্মাই ৰাজ্যত দহ মাহত ১৫ শতাধিকৰ মৃত্যু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ ডিচেম্বৰ : ৰাজ্যত এতিয়া ঘাটক ৰূপ লৈছে যক্ষ্মা ৰোগে৷ স্বাস্থ্য বিভাগৰ প্ৰয়োজনীয় সজাগতা আৰু চিকিৎসাৰ অভাৱত সংক্ৰামক যক্ষ্মা তথা টি বি ৰোগে গাঁৱে-ভূঞে এতিয়া মূৰ দাঙি উঠিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও বিগত মাত্ৰ ১০ মাহতে ৰাজ্যত যক্ষ্মাত আক্ৰান্ত হৈ ১৫ শতাধিক ৰোগী মৃত্যুৰ মুখত পৰিছে৷ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰ পৰ্যন্ত যক্ষ্মাত আক্ৰান্ত মুঠ ১,৫৩৩ জন লোকে মৃত্যুক আকোৱালি লোৱাৰ কথা স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ১০ মাহত ৰাজ্যত যক্ষ্মাত আক্ৰান্ত হৈছে সৰ্বমুঠ ৪২,২০২ জন লোক৷ সংগ্ৰামক ঘাটক যক্ষ্মাত আক্ৰান্ত তথা মৃত ৰোগী সকলৰ অধিকাংশই হৈছে গ্ৰামাঞ্চলৰ৷ যক্ষ্মাৰ বেক্টেৰিয়াই ৰোগীৰ হাঁওফাঁও লিম্ফ, গ্ৰন্থি, পাকস্থলী, হাড় মগজু, প্ৰস্ৰাব তন্ত্ৰক বেছিকৈ প্ৰভাৱান্বিত কৰে৷ যক্ষ্মা ৰোগৰ প্ৰথম আৰু প্ৰধান লক্ষণ হৈছে কাহ৷


প্ৰথমে শুকান কাহ আৰু পাছত শ্লেষ্মা তথা কাহত তেজ ওলাবলৈ আৰম্ভ কৰে৷ এই ৰোগ এজনৰ পৰা আন এজনলৈ সহজেই সংক্ৰমণ ঘটে৷ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যিক টিবি নিয়ন্ত্ৰণ কোষ গঠন কৰিছে যদিও স্বাস্থ্য বিভাগৰ প্ৰয়োজনীয় সজাগতাৰ অভাৱতে জনসাধাৰণৰ মাজত যক্ষ্মাৰ প্ৰাদুৰ্ভাৰ বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে৷ তদুপৰি বহু জিলাত বি চি জি প্ৰতিষেধক প্ৰদান নকৰাৰ বাবেও যক্ষ্মা ৰোগত নিয়ন্ত্ৰণ সম্ভৱ হোৱা নাই বুলিও স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে৷ লক্ষণীয়ভাৱে অসমত যক্ষ্মা ৰোগত বিগত ১০ মাহত ১৫ শতাধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্য কেইখনে যক্ষ্মা নিয়ন্ত্ৰণত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ উক্ত সময়ছোৱাত অৰুণাচল প্ৰদেশত ১,৪৩০ জন যক্ষ্মাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৬৫ জন ৰোগীৰ৷ তদুপৰি মণিপুৰত ২,০৬৭ জন যক্ষ্মাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৬৭ জন, মেঘালয়ত ৩,৮৯০ জন আক্ৰান্তৰ বিপৰীতে মৃত্যু ১৮০ জন, মিজোৰামত ১,৯৮৫ জন আক্ৰান্তৰ বিপৰীতে মৃত্যু ১০২ জন আৰু নাগালেণ্ডত ৩,৪১৯ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৩ জন যক্ষ্মা ৰোগীৰ মৃত্যু হয়৷