এইবাৰ প্ৰিয়ংকাৰ কান্ধত ‘বাংলাদেশ বেগ’
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ ডিচেম্বৰ : সোমবাৰে কান্ধত আছিল পেলেষ্টাইনৰ বেগ, মঙলবাৰে বাংলাদেশৰ৷ সংসদত ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ বিতৰ্ক, ভোটদান৷ পেলেষ্টাইনৰ নিধন যজ্ঞ আৰু বাংলাদেশত হিন্দু নিৰ্যাতন-হত্যাক লৈ আলোচনা, বক্তব্য উত্থাপনৰ সুৰুঙা নাই৷ কিন্তু কথা নোহোৱাকৈয়ে কান্ধৰ দুদিনৰ দুটা বেগ লৈ বহু কথা কৈ দিলে ৱেইনাড়ৰ নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধীয়ে৷ দুটা বেগেৰে প্ৰিয়ংকাই মোদী চৰকাৰৰ পেলেষ্টাইনক লৈ বলবৎ কৰা বৈদেশিক নীতি আৰু বাংলাদেশৰ দৰে এখন দেশৰ তদাৰকী চৰকাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থাও উন্মোচন কৰিলে৷
সোমবাৰে পেলেষ্টাইন লিখা বেগ লৈ অহাত প্ৰিয়ংকা গান্ধীক সংখ্যালঘূ মুছলমানৰ স্তাৱক বুলি সমালোচনা কৰিছিল বিজেপিয়ে৷ পিছে আজি বাংলাদেশৰ লিখা বেগক লৈ বিশেষ সমালোচনা কৰা বা সাম্প্ৰদায়িক ৰং সনাৰ সুযোগ নাই বিজেপিৰ৷ কিয়নো প্ৰিয়ংকাৰ বাংলাদেশ লিখা বেগত লিখা আছিল– বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানৰ কাষত থিয় হওঁক৷ উল্লেখ্য, প্ৰিয়ংকা গান্ধীৰ উপৰি কংগ্ৰেছ দলৰ আন আন সাংসদেও বাংলাদেশ লিখা বেগ লৈ মঙলবাৰে সংসদলৈ আহিছিল৷
বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি
‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধি : বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ এই ঘটনাই অসমতো চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাংলাদেশত হিন্দু সুৰক্ষাৰ দাবীত আৰু ইষ্কন মন্দিৰৰ মহাৰাজ চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবীত হাইলাকান্দি জিলাৰ ৰাইেজ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আজি অসম বেংগলী পৰিষদৰ নেতৃত্বত হাইলাকান্দি চহৰত এক বৃহৎ প্ৰতিবাদী জোঁৰ সমদল আয়োজন উলিওৱা হয়৷ মঙলবাৰে সন্ধিয়া অনুষ্ঠিত এই প্ৰতিবাদত বহুজনে অংশগ্ৰহণ কৰে৷ সমদলত বিভিন্ন দল-সংগঠনৰ সৈতে হাইলাকান্দি চহৰৰ আৰু জিলাৰ বিভিন্ন গাঁৱৰ ৰাইজ উপস্থিত থাকে৷ স্থানীয় ব্যৱসায়ীসকলে সমৰ্থন জনাই সন্ধিয়া প্ৰায় দুঘণ্টাৰ বাবে দোকান-পোহাৰ বন্ধ ৰাখে৷ প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰা জনসাধাৰণে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰাৰ দাবী জনাইছে৷ তেওঁলোকে বাংলাদেশৰ সংখ্যালঘু হিন্দুসমাজৰ সুৰক্ষাৰ বাবে তৎক্ষণাত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে৷ এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘকো এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়৷ প্ৰতিবাদৰ নেতৃত্বদানকাৰীসকলে কয় যে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ জীৱন সুৰক্ষিত নহয়৷ তেওঁলোকে বাংলাদেশ চৰকাৰক এনে কাণ্ড বন্ধ কৰি সংখ্যালঘুসকলৰ অধিকাৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷