Logo
image

শুই থকা ফণীভূষণে হাঁহ ধৰিব নোৱাৰিলে...

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১৮ ডিচেম্বৰ : লোকসভাত মঙলবাৰে এক দেশ এক নিৰ্বাচন বিধেয়কৰ ওপৰত হোৱা ভোটগ্ৰহণত দলৰ প্ৰতিজন সাংসদকে বাধ্যতামূলকভাৱে উপস্থিত থকাৰ বাবে থ্ৰী-লাইন হুইপ জাৰি কৰিছিল বিজেপি দলে৷ নিজৰ দলৰ সাংসদসকলৰ উপস্থিতি নিশ্চিত কৰাৰ সমান্তৰালভাৱে ইয়াৰ মিত্ৰদলসমূহৰ সাংসদসকলৰো উপস্থিতি সুনিশ্চিত কৰিছিল শাসনাধিষ্ঠিত দলটোৱে৷ কিন্তু ৰহস্যজনকভাৱে বিজেপিৰ অন্যতম মিত্ৰদল অগপৰ লোকসভাৰ একমাত্ৰ সাংসদ ফণীভূষণ চৌধুৰী আজিৰ এই ভোটদান প্ৰক্ৰিয়াত উপস্থিত নাথাকিল৷ লোকসভাৰ অধিৱেশন চলি থকাৰ সময়ত সাংসদ চৌধুৰী দিল্লীৰ পৰিৱৰ্তে ব্যস্ত আছিল নিজৰ সমষ্টিত৷ সেইবাবে ভোটগ্ৰহণত উপস্থিত থাকিবলৈ তেওঁ আজি কাহিলিপুৱাতে দিল্লী অভিমুখে ৰাওনা হয়৷ শুই থকা শিয়ালে যিদৰে হাঁহ ধৰিব নোৱাৰে, ঠিক তেনেদৰেই ফণীভূষণ চৌধুৰীয়েও সময়মতে আহি দিল্লীত উপস্থিত হ’ব নোৱাৰিলে৷


ফলত লোকসভাত ‘এক দেশ এক নিৰ্বাচন’ সংক্ৰান্ত সংবিধান সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ প্ৰাক্‌মুহূৰ্তত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অনুপস্থিত থাকিল এনডিএ মিত্ৰজোঁটৰ অংশীদাৰ অগপ সাংসদ ফণীভূষণ চৌধুৰী৷ গুৱাহাটীৰ পৰা দিল্লীলৈ আহিবলগীয়া বিমান পলমকৈ উৰা মৰাৰ বাবেই হেনো তেওঁ আজি সদনত উপস্থিত থাকিব নোৱাৰিলে৷ গুৱাহাটীৰ নিজা বাসভৱনৰ পৰা পুৱা তিনি বজাত ওলাই অহাৰ পাছতো নতুন দিল্লীত সময়মতে উপস্থিত হ’ব নোৱৰাৰ বাবে বৰপেটাৰ সাংসদজনে সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰে৷ ‘এক দেশ এক নিৰ্বাচন’ৰ দৰে গুৰুত্বপূৰ্ণ বিধেয়কক লৈ হোৱা ভোটদানত লোকসভাত উপস্থিত নথকাৰ বাবে বিজেপিৰ শীৰ্ষ মহলত অগপ সাংসদজনক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ পিছে কাৰিকৰী বিজুতিৰ বাবে বিমান পলমকৈ দিল্লী আহি পোৱা বুলি তেওঁ ভোটগ্ৰহণত অংশ ল’ব নোৱাৰিলে বুলি দাবী কৰিলেও বিজেপি দলে বিষয়টো সহজভাৱে লোৱা নাই৷ থ্ৰী-লাইন হুইপ জাৰি কৰিলেও আজিৰ ভোটগ্ৰহণত বিজেপি দলৰে ২০জন সাংসদ লোকসভাত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ মিত্ৰদলৰো বহু সাংসদ ভোটগ্ৰহণত অনুপস্থিত থাকে৷ নিজৰ দলৰ অনুপস্থিত সাংসদসকলৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই৷ ইয়াৰ সমান্তৰালভাৱে মিত্ৰদলৰ যিসকল সাংসদ আজিৰ ভোটগ্ৰহণত উপস্থিত নাথাকিল, তেওঁলোকৰ বিৰুদ্ধেও সংশ্লিষ্ট দলসমূহে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেও অনুৰোধ জনাব বিজেপি নেতৃত্বই৷