Logo
image

৮ কেজি জব্দ সোণ বিক্ৰীৰ নিবিদা আৰক্ষীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু, ১৯ ডিচেম্বৰ : সোণৰ বাবে চৰ্চালৈ আহিছে সেউজীয়াৰ দেশ কাৰ্বি আংলং৷ অবৈধ প্ৰক্ৰিয়াৰে সৰবৰাহ কৰা বুজন পৰিমাণৰ সোণ জব্দ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে৷ কেৱল তাতেই সমস্যাৰ শেষ  হোৱা নাই৷ জব্দকৃত সোণ নিৰাপদে সাঁচি ৰখাৰ ক্ষেত্ৰতো আহি পৰিছে সমস্যা৷ সেই সমস্যা দূৰ কৰিবৰ বাবেই জব্দ সোণৰ ভাণ্ডাৰ নিলাম কৰাৰ দিহা কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এক ৰাজহুৱা জাননীযোগে প্ৰকাশ কৰিছে যে ২৬ ডিচেম্বৰত ৮,১৩৩ গ্ৰাম সোণ নিলাম কৰা হ’ব৷


কাৰ্বি আংলং জিলাৰ ডিলাইৰ তালাচী চকীত ২০২১ চনত জব্দ কৰা হৈছিল অবৈধ সোণখিনি৷ এই সন্দৰ্ভত ডিলাই থানাত ৰুজু কৰা হৈছিল গোচৰ (৬১/২০২১)৷ আৰক্ষীয়ে জব্দ কৰা সোণখিনি নিলাম কৰাৰ বাবে আদালতে অনুমতি প্ৰদান কৰাৰ পাছতে আৰক্ষীয়ে নিলামৰ নিবিদাৰ বাবে জাননী প্ৰকাশ কৰে৷ জাননী অনুসৰি ২৬ ডিচেম্বৰৰ পুৱা ১১ বজাৰ ভিতৰত আগ্ৰহী ক্ৰেতাই নিবিদা দাখিল কৰিব লাগিব৷ সেইদিনাই দিনৰ ১২ বজাত নিবিদা মুকলি কৰা হ’ব৷