Logo
image

লিখিত নিৰ্দেশেৰে মন্ত্ৰীৰ মুখত তলা লগালে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ডিচেম্বৰ : এতিয়াৰে পৰা মন্ত্ৰীসকলে সংবাদ মাধ্যমৰ সন্মুখত কথা কোৱাৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগিব৷ মন্ত্ৰীসকলে নিজৰ নিজৰ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বাহিৰে কোনো ধৰণৰ ৰাজনৈতিক বিষয়ত মন্তব্য কৰিব নোৱাৰিব৷ সংবাদ মাধ্যমত ৰাজনৈতিক সাক্ষাৎকাৰ দিব নোৱাৰিব৷ সংবাদ মাধ্যমৰ সন্মুখত কেৱল চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান দিব লাগিব৷ এনেদৰে মন্ত্ৰীসভাৰ সদস্যসকলৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰীসকলে কেবিনেট বৈঠকত মোবাই ফোন ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত এইবাৰ কথা কোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে জাৰি কৰা নিষেধাজ্ঞাক লৈ ইতিমধ্যে শংকিত হৈ পৰিছে বহুকেইজন মন্ত্ৰী৷ উল্লেখ্য, সংবাদ মাধ্যমৰ সন্মুখত সততে মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰি অহা একাংশ বহুবল্কী মন্ত্ৰীক নাকী লগাবলৈয়ে যেন মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ৷ ১৫ ডিচেম্বৰত প্ৰতিজন মন্ত্ৰীলৈ এই নিৰ্দেশনাৰ দীঘলীয়া সুচী প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷


মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা চৰকাৰী নিৰ্দেশনা পত্ৰত মুখ্যমন্ত্ৰীয়ে কয়– কিছুমান সময়ত দেখা গৈছে যে মন্ত্ৰীসকলে যেতিয়া সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে, তেতিয়া ৰাজনৈতিক বিবৃতি দিয়ে আৰু ৰাজনৈতিক বিষয়ত অপ্ৰয়োজনীয় মন্তব্য কৰে৷ ইয়াৰ দ্বাৰা এৰাই চলিব পৰা বিতৰ্কৰ সৃষ্টি হয়৷ তেনেক্ষেত্ৰত উন্নয়নমূলক কাম-কাজৰ পৰা ৰাইজৰ মনোযোগ আঁতৰি যায় এইটোও দেখিবলৈ পোৱা গৈছে যে কিছুমান সংবাদ মাধ্যমে মন্ত্ৰীসকলক উত্তেজিত কৰাৰ চেষ্টা চলায় আৰু বিতৰ্কিতমূলক মন্তব্য কৰাৰ বাবে বাধ্য কৰায়৷ সেয়ে মন্ত্ৰীসকলক কোনোধৰণৰ ৰাজনৈতিক বিবৃতি নিদিবলৈ আহ৩ান জনোৱাৰ লগতে কোনোধৰণৰ ৰাজনৈতিক সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হ’ল৷ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ৰাজনৈতিক বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ আৰু মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈও মন্ত্ৰীসকলক আহ্ৱান জনোৱা হ’ল৷ মন্ত্ৰীসকলে বিশেষকৈ নিজৰ নিজৰ বিভাগৰ উন্নয়নমূলক আঁচনি আৰু চৰকাৰৰ বিষয়েহে কথা পাতিব লাগিব৷ এতিয়া সময়ত স্পষ্ট হ’ব মুখ্যমন্ত্ৰীৰ এই নীতি-নিৰ্দেশনা আখৰে-আখৰে পালন কৰাৰ ক্ষেত্ৰত কেইজন মন্ত্ৰী সফল হয় বা কিমানদিলৈ এই নিৰ্দেশনা কাৰ্যকৰী হৈ থাকে? লিখিত নিৰ্দেশনাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মুখত যি তলা লগালে ইয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷