Logo
image

মন্ত্ৰীৰ ‘২৭টকীয়া আলু’ বিচাৰি বজাৰত ৰাইজৰ হাবাথুৰি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ ডিচেম্বৰ : ৰাজ্যৰ নতুন মন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে এসপ্তাহৰ ভিতৰতে আলুৰ দাম প্ৰতিকেজিত ২৭ টকাকৈ হ্ৰাস কৰি দিলে প্ৰশান্ত ফুকনে৷ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত মূল্যবৃদ্ধিৰ বিৰুদ্ধে পিঁয়াজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰা নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে আলুৰ দাম হ্ৰাস কৰা বুলি দাবী কৰাৰ পাছতেই ৰাজ্যবাসীয়ে বাঃ বাঃ দিছিল যদিও বাস্তৱত  বজাৰে বজাৰে ২৭ টকীয়া আলু বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সাধাৰণ ৰাইজে৷ কিয়নো মন্ত্ৰীজনে দাবী কৰাৰ দৰে অসমৰ কোনো এখন বজাৰতে আজিৰ দিনটোত উপলব্ধ হোৱা নাই প্ৰতিকেজিত ২৭ টকা দামৰ আলু৷ ইয়াৰ বিপৰীতে ৰাইজে খুচুৰা বজাৰত প্ৰতিকিলো পুৰণি আলু ৪০-৫০ টকা আৰু নতুন আলু ৫০-৬০ টকা দামতহে ক্ৰয় কৰিবলগীয়া হয়৷ যাৰ বাবে বজাৰত ২৭ টকীয়া আলু বিচাৰি ক্ষুন্ন হৈ পৰা ৰাইজে নৱ-নিযুক্ত মন্ত্ৰীজনক লেকাম লগাই কথা ক’বলৈ মুকলি আহ্বান জনোৱা দেখা গ’ল৷ বিধায়ক হিচাপে তুলুঙা মন্তব্যৰে ৰাজহুৱা স্বাৰ্থজড়িত বিষয়ত উপলুঙা কৰা পুৰণি  স্বভাৱ এতিয়া দায়িত্বশীল মন্ত্ৰী হৈ পৰিহাৰ কৰিব লাগে বুলিও বিভাগীয় মন্ত্ৰীজনক সতৰ্ক কৰি দিয়ে সৰ্বসাধাৰণ ৰাইজে৷ উল্লেখ্য, শেহতীয়াকৈ ৰাজ্যবাসীয়ে মূল্যবৃদ্ধিৰ প্ৰকোপত দুৰ্ভোগ ভূগিবলগীয়া হৈ আহিছে৷ নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ লগতে প্ৰতিবিধ শাক-পাচলিৰ দাম বৃদ্ধিৰে জনতাক কোঙা কৰি তুলিছে৷


কিন্তু মূল্যবৃদ্ধিৰ প্ৰসংগত প্ৰশ্ন কৰিলেই পূৰ্বৰ যোগান দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁ নিজেও পত্নীৰ পৰা মূল্যবৃদ্ধিক লৈ ককৰ্থনাৰ সন্মুখীন হোৱা বুলি বেপেৰুৱা মন্তব্যহে কৰি আহিছিল৷ যাৰ বাবে যোগান বিভাগৰ দপ্তৰৰ পৰা ৰঞ্জিত দাসক অপসাৰণ কৰিবলৈ বাধ্য হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু হিমন্তবিশ্ব শৰ্মাৰ কেবিনেটৰ শক্তি দপ্তৰৰ নতুন মন্ত্ৰী হিচাপে দায়িত্ব লৈ প্ৰশান্ত ফুকনে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাজ্যবাসীয়ে আশা ব্যক্ত কৰিছিল যদিও এতিয়া বাস্তৱত বাৰেভচহু কথাত ৰঞ্জিত দাসতকৈ কোনো ব্যতিক্ৰম নহ’ল প্ৰশান্ত ফুকন৷ নতুন মন্ত্ৰী হিচাপে যোগদান কৰিয়েই ৪০-৫০ টকীয়া  আলুৰ মূল্য প্ৰতিকেজিত ২৭ টকালৈ হ্ৰাস কৰা বুলি আজৱ দাবী কৰিবলৈকো কুণ্ঠাবোধ নকৰিলে নৱনিযুক্ত মন্ত্ৰীজনে৷ মন্ত্ৰিত্ব লাভ কৰি সপোন সাগৰত বিভোৰ হৈ পৰা প্ৰশান্ত ফুকনে নিজেই ২৭ টকীয়া আলু ক্ৰয় কৰিলেও ৰাজ্যবাসীয়ে আজিও প্ৰতিকেজিত ৪০-৬০ টকা পৰ্যন্ত পৰিশোধ কৰি আলু ক্ৰয় কৰিবলৈ বাধ্য হৈছে৷ মন্ত্ৰী ফুকনৰ জনতাক উপলুঙা কৰা বক্তব্যৰ সৈতে যেন বাস্তৱত আলু দামৰ কোনো সাদৃশ্য নাই৷ কিয়নো মন্ত্ৰীজনৰ গৃহ জিলা ডিব্ৰুগড়ৰ প্ৰতিখন বজাৰতে গ্ৰাহকে প্ৰতিকেজিত ৪০ টকাৰ ওপৰত আলু ক্ৰয় কৰিবলগীয়া হৈছে৷ গুৱাহাটী বা ডিব্ৰুগড় চহৰেই নহয়, উজনি-নামনি ৰাজ্যৰ কোনো এখন বজাৰতে ৪০ টকাৰ তলত উপলব্ধ নহয় আলু৷ মন্ত্ৰী ফুকনে কোৱাৰ দৰে যদি ২৭ টকালৈআলুৰ দাম হ্ৰাস পাইছে, তেনেহ’লে বজাৰ চফৰ কৰি দাম নিৰ্ধাৰণ কৰিবলৈকো মন্ত্ৰী প্ৰশান্ত ফুকনক প্রত্যাহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজে