Logo
image

ৰাজনীতিকৰ ভাষা

অসমত বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ’ল৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল এতিয়া ব্যস্ত হৈ পৰিছে তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰত৷ নিৰ্বাচনৰ প্ৰচাৰ বুলি ক’লে প্ৰায়েই ৰাজনীতিকসকলে ব্যৱহাৰ কৰা ভাষাৰ বিষয়টো উত্থাপন হয়৷ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰতিদ্বন্দ্বীক সমালোচনা কৰাটো স্বাভাৱিক কথা৷ কিন্তু সমালোচনা কৰিবলৈ গৈ ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে বহু সময়ত কৰা আপত্তিজনক মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায়৷ অসমৰ নিৰ্বাচনৰ সময়তো তেনে ঘটনা নঘটাকৈ থকা নাই৷ ৰাজনীতিকৰ আপত্তিজনক মন্তব্যক কেন্দ্ৰ কৰি নিৰ্বাচনকেন্দ্ৰিক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নি(য় নুই কৰিব নোৱাৰি৷ অসমত এইবাৰৰ নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা হ’ব ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁট আৰু  কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ মাজত৷ স্বাভাৱিকতে  দেশৰ দুটা বৃহৎ দল ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত নিৰ্বাচনক কেন্দ্ৰ কৰি বাক্‌যুদ্ধ তীব্ৰতৰ হৈ পৰিছে৷ এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ভাৰতীয় লোক এজনক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ দিছে সংবিধানে৷ কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ পোৱাৰ অৰ্থ এয়া নহয় যে তেওঁ বিৰোধীক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰিব পাৰিব৷ এইক্ষেত্ৰত নিৰ্বাচন আয়োগে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি আচৰণ বিধি কাৰ্যকৰী কৰা বিষয়টোত কঠোৰ হ’ব লাগিব৷

অসমত এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত শাসক আৰু বিৰোধী দলৰ ক্ষেত্ৰত এনেধৰণৰ নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বহু ঘটনা সংঘটিত হৈছে৷ প্ৰতিদ্বন্দ্বীক সমালোচনাৰ নামত গালি-গালাজ কৰাৰ লগতে অশোভনীয় বাক্যবাণ কৰাটো উচিত নহয়৷ ৰাজনীতিকসকলে ভোটাৰৰ আস্থা জয় কৰিবলৈ হ’লে সৰ্বসাধাৰণৰ স্বাৰ্থৰ কথা ভাবিব পাৰিব লাগিব৷ কাম-কাজেহে তেওঁলোকৰ সফলতা আৰু বিফলতাৰ প্ৰমাণ দিব৷ নিৰ্বাচনী প্ৰচাৰৰ নামত বিৰোধীক গালি-গালাজ পাৰা আৰু প্ৰাৰ্থী এজনৰ ব্যক্তিত্বক লৈ নেতিবাচক প্ৰচাৰ চলোৱাটো নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্থী৷ অসমত বিগত দিনকেইটাত দেখা গৈছে যে দেশৰ কেইবাজনো হাইপ্ৰফাইল ৰাজনীতিক কেইবাবাৰো অসমলৈ আহিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ৷ এইসকল ৰাজনীতিকৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হৈছে অন্যতম৷ নিৰ্বাচনী সভাত ভাগ লৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে বাৰম্বাৰ কংগ্ৰেছৰ লগতে এটা বিশেষ ৰাজনৈতিক দলৰ নেতা এজনক আক্ৰমণৰ লক্ষ্য  হিচাপে লোৱাটো দৃষ্টিকটু হৈ পৰিছে৷ এনে কাৰ্যই ভোটাৰৰ সন্মুখত তেওঁলোকৰ ভয়-শংকাকহে উদঙাই দিছে৷ এটা কথা নি(য় সকলোৱে মানি ল’ব যে ভাৰতত নিৰ্বাচনী প্ৰচাৰৰ মান ক্ৰমাৎ নিম্নগামী হৈছে৷ ক্ষমতাৰ লোভত ৰাজনীতিকসকলে যেন নীতি-আদৰ্শৰ কথা পাহৰি গৈছে৷ ৰাজনৈতিক দলৰ নেতা-কৰ্মচাৰীসকলে এটা কথা মনত ৰখা উচিত যে ভোটাৰসকল এতিয়া যথেষ্ট সচেতন৷ ৰাজনীতিকৰ আচৰণেও প্ৰাৰ্থী এজনৰ ভৱিষ্যতত প্ৰভাৱ পেলাব পাৰে৷ সেয়েহে এজন ব্যক্তিৰ ব্যক্তিগত আৱেগত আঘাত দিব পৰা মন্তব্যৰ পৰা ৰাজনৈতিক দলবোৰৰ নেতা-কৰ্মীসকল সততে বিৰত থকা উচিত৷ আনহাতে, এটা স্বতন্ত্ৰ সংস্থা হিচাপে নিৰ্বাচন আয়োগৰো এইক্ষেত্ৰত কৰণীয় যথেষ্টখিনি আছে৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজনীতিকসকলে ব্যৱহাৰ কৰা ভাষা সন্দৰ্ভত নিৰ্বাচন আয়োগ সতৰ্ক থকা উচিত আৰু অশোভনীয় আচৰণ কৰা ৰাজনীতিক অথবা প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ সাহস গোটাব পাৰিব লাগিব৷