মুখ্যমন্ত্ৰীৰ বক্তৃতাৰ তৃতীয় সংকলন মুকলি
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২০ ডিচেম্বৰ : জনতা ভৱন পৰিসৰস্থিত লোক সেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী- ৩’ আৰু ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ৩’ শীৰ্ষক গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ স্মৰ্তব্য যে, ২০২৩ বৰ্ষৰ ৫ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ প্ৰথম খণ্ডটো উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উন্মোচন কৰিছিল৷ মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ দ্বিতীয়টো খণ্ডটো তদানীন্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উন্মোচন কৰিছিল বিগত বৰ্ষৰ ৯ ডিচেম্বৰত৷ আনহাতে, ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-১’ ত ড॰ শৰ্মাই তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ প্ৰথম বৰ্ষত অংশ লোৱা চৰকাৰী আৰু ৰাজহুৱা বিভিন্ন কাৰ্যসূচীত প্ৰদান কৰা বক্তৃতাসমূহৰ মাজৰ পৰা নিবাৰ্চিত ৩৫টা বক্তৃতা আৰু ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ২’ত ড॰ শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ দ্বিতীয় বৰ্ষত প্ৰদান কৰা বক্তৃতাসমূহৰ মাজৰ পৰা ৬৫টা বক্তৃতা অন্তভূৰ্ক্ত কৰা হৈছিল৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই উন্মোচন কৰা মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ৩ ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ২০২৩ চনৰ ১১ মে’ৰ পৰা চলিত বৰ্ষৰ মে’ মাহ পৰ্যন্ত বিভিন্ন স্থানত প্ৰদান কৰা বাছকবনীয়া বক্তৃতাসমূহৰ মাজৰ পৰা ৭০ টা বক্তৃতা বাচনি কৰি অন্তভূৰ্ক্ত কৰা হৈছে৷
অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গ্ৰন্থ উন্মোচন কৰি প্ৰদান কৰা ভাষণত গ্ৰন্থক মৌন শিক্ষক হিচাপে অভিহিত কৰি কয় যে গ্ৰন্থ অধ্যয়নে ব্যক্তি এগৰাকীৰ ব্যক্তিত্বৰ পৰিৱৰ্তন ঘটায়৷ ৰাজ্যপাল আচাৰ্যই মন্তব্য কৰে যে গ্ৰন্থ ৰচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী দক্ষ ৰাজনীতিবিদৰ উপৰি সৃজনশীল সাহিত্যিক হিচাপেও উদ্ভাসিত হৈছে৷ দিনলিপি লিখাটো এটা সাহসিক কাৰ্য বুলি মন্তব্য কৰি ৰাজ্যপাল আচাৰ্যই কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ব্যস্ততাৰ মাজতো এইদৰে গ্ৰন্থ প্ৰণয়ন কৰি পাঠক সমাজলৈ আগবঢ়াই দিব পৰাটো তেওঁৰ পাৰদৰ্শিতাৰ প্ৰতীক৷ ৰাজ্যপাল আচাৰ্যই ভাষণ প্ৰসংগত মন্তব্য কৰে যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে অসমক দেশৰ ভিতৰত এক নতুন পৰিচিতি দিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত ৰাজ্যখনৰ বিকাশৰ উপৰি ভাষা-সাহিত্যকে ধৰি বিভিন্ন দিশত কাম-কাজ সম্পাদন হৈছে আৰু এয়া সম্ভৱ হৈছে তেওঁৰ কাৰ্যদক্ষতা আৰু নেতৃত্বৰ গুণৰ বাবে৷আনহাতে, এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ড॰ শৰ্মাই কয় যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে তেওঁ প্ৰদান কৰা বক্তৃতাসমূহৰ সংকলন প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তৰ আধাৰতে ইতিমধ্যে দুখনকৈ সংকলন প্ৰকাশ পাইছে৷ বিভিন্ন উপলক্ষত প্ৰদান কৰা তেওঁ ভাষণসমূহ ব্যক্তিগত বক্তৃতা নাছিল, সেইসমূহ প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তৃতাহে৷ সেয়ে স্বাভাৱিকতে সেই বক্তৃতাৰ মাজেৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ আদৰ্শ, লক্ষ্য তথা চৰকাৰখনে কিধৰণে কাম কৰি যোৱাৰ প্ৰচেষ্টা লৈছে তাক প্ৰকাশিত হৈছে৷ এই বক্তৃতাসমূহৰ মাজেৰে পাঠক সমাজ বিশেষকৈ অনুষ্ঠানসমূহত সমৱেত হোৱা ৰাইজে যাতে অসমৰ অতীত তথা ৰাজ্যখনৰ অতীতক উজ্বলাই যোৱা বিভিন্ন ব্যক্তি আৰু সমাজ জীৱনৰ বিষয়ে বহু কথা বুজাৰ লগতে অনুভৱ কৰিব পাৰে তাৰ বাবে তেওঁ প্ৰয়াস কৰিছিল৷
মহাপুুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ দৰে ব্যক্তিসকলে অসমৰ সমাজ জীৱনত কিধৰণে বিশাল অৱদান আগবঢ়াই গৈছিল নতুবা ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাজ জীৱন তথা তেনে জাতি-জনগোষ্ঠীসমূহৰ পুৰোধা ব্যক্তিসকলৰ কথা বক্তৃতাসমূহৰ মাজেৰে ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে তেওঁ প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনখনত পাঠক সমাজে অসমৰ সমাজ জীৱন, ইতিহাস আৰু ৰাজ্যখনলৈ পুৰোধা ব্যক্তিসকলে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে ব্যাপক পৰিসৰত জনাৰ সুযোগ পাব৷ নিৰ্বাচিত বক্তৃতাৰ সংকলন উলিওৱাৰ সময়ত সেই বক্তৃতাসমূহৰ পৰা ৰাজ্যৰ সমাজ জীৱন আৰু বৌদ্ধিক জীৱনক উপকৃত কৰিব পৰা দিশ বিবেচনা কৰা হৈছিল৷ এই বক্তৃতা সংকলনখনৰ জৰিয়তে জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগৰাকীক জনাতকৈ বৰ্ণিল অসমৰ প্ৰতিচ্ছবি এখনহে দেখিবলৈ পাব৷ তদুপৰি, এই সংকলনখনে ভৱিষ্যতে এখন পূৰ্ণাংগ ডায়েৰী লিখাৰ পথো মুকলি কৰিব৷ এই লিপিবদ্ধ তথ্যৰ আধাৰত আগ্ৰহীসকলে ৫০ বছৰ পিছত নতুন গৱেষণাৰে আগুৱাই যোৱাৰ সমল লাভ কৰিব৷ তেওঁৰ পৰিয়ালৰ কথা যাতে ডায়েৰীখনত অন্তভূৰ্ক্ত কৰা নহয়, সেই দিশত লক্ষ্য ৰখা হৈছে৷ এই ডায়েৰীখন হিমন্ত বিশ্ব শৰ্মাৰ নহয়, বৰং অসমৰ মুখ্যমন্ত্ৰীৰ ডায়েৰীহে৷ ড॰ শৰ্মাই লগতে মন্তব্য কৰে যে আশাইহে সমাজ এখন জীয়াই ৰাখে আৰু সেয়ে আজি উন্মোচিত হোৱা গ্ৰন্থ দুখনৰ জৰিয়তে জনসাধাৰণলৈ আশাৰ বাতৰি প্ৰেৰণ কৰাৰ বাবে তেওঁ প্ৰয়াস কৰিছে৷ আজি ৰাজ্যখনে ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া কৃত্ৰিম বুদ্ধিমত্তা, ভৱিষ্যমুখী প্ৰযুক্তিবিদ্যাৰ পৃষ্ঠভূমি হিচাপে অসমক নিৰ্মাণ কৰাৰ লক্ষ্য লোৱা হৈছে৷ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট লেখিকা তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ধ্ৰুৱজ্যোতি বৰায়ো ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য, বিধায়ক, মুখ্য সচিব ড॰ ৰবি কোটাকে ধৰি ৰাজ্য প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰি মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী উপস্থিত থাকে৷