Logo
image

এন আৰ এল নহয়, ব্যক্তিগত খণ্ডলৈ যাব বি পি চি এলহে

◾নুমলীগড় শোধনাগাৰ কতৃৰ্পক্ষৰ দাবী

আমাৰ অসম, ৩১ মাৰ্চঃ ঐতিহাসিক অসম আন্দোলনৰ ফচল অসম চুক্তিৰ চৰ্ত মতে স্থাপিত নুমলীগড় তেল শোধনাগাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ হৈয়েই আছে৷ ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে বিপিচিএলহে, এনআৰএল নহয়৷ –এই ভাষ্য নুমলীগড় তেল শোধনাগাৰ কতৃৰ্পক্ষৰ৷ ‘আমাৰ অসম’ৰ ৩০ মাৰ্চৰ সংখ্যাৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত ‘বিক্ৰী হৈ গ’ল এন আৰ এলঃ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ টেগ হেৰুৱালে এন আৰ এলে’ শীৰ্ষক বাতৰি সন্দৰ্ভত এনআৰএলৰ স্থিতি স্পষ্ট কৰি দি এইদৰে কয় নুমলীগড় শোধনাগাৰ কতৃৰ্পক্ষই৷ এনআৰএলৰ উপমহাপ্ৰবন্ধক [কৰ্প’ৰেট কমিউনিকেশ্বন] মধুছন্দা অধিকাৰীয়ে মঙলবাৰে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এটা বিবৃতিত এইদৰে কয়– ‘এনআৰএল সন্দৰ্ভত ‘আমাৰ অসম’ত প্ৰকাশিত বাতৰি সত্য নহয়৷ এয়া ভিত্তিহীন৷ এনআৰএলৰ শ্বেয়াৰ কেপিটেলৰ [অংশ পুঁজিৰ] ভিতৰত বি পি চি এলৰ ইকুইটী শ্বেয়াৰ হ’ল্ডিং বিক্ৰী কৰা হৈছে৷ ইয়াক অইল ইণ্ডিয়া লিমিটেড, ইঞ্জিনিয়াৰ ইণ্ডিয়া লিমিটেড আৰু আংশিকভাৱে অসম চৰকাৰক বিক্ৰী কৰা হৈছে৷ এই দুয়ো অংশীদাৰ হৈছে ৰাজহুৱা খণ্ডৰ উদ্যোগ৷ সেয়ে এনআৰএলৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ স্থিতি অক্ষুন্ন থাকিব৷ এনআৰএলৰ ব্যক্তিগতকৰণৰ কোনো পৰিকল্পনা নাই৷ এনআৰএলৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব [৬১.৬৫%] থকা বি পি চি এল ব্যক্তিগতকৰণৰ পথত অগ্ৰসৰ হৈছে৷ অসমৰ ৰাইজৰ আৱেগ-অনুভূতি তথা বিভিন্ন বৰ্গৰযক্ষেত্ৰৰ পৰা অহা দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এন আৰ এলৰ ৰাজহুৱা খণ্ডৰ স্বীকৃতি ৰক্ষাৰ উদ্দেশ্যে এন আৰ এলক বি পি চি এলৰ পৰা আঁতৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া আৰু ইঞ্জিনিয়াৰ ইণ্ডিয়া লিমিটেডে বি পি চি এলৰ অংশীদাৰিত্বৰ অধিকাৰ গ্ৰহণ কৰে৷ সমান্তৰালভাৱে এন আৰ এলত অসম চৰকাৰৰ অংশীদাৰিত্বও বৃদ্ধি কৰা হয়৷ এই সন্দৰ্ভত প্ৰকাশিত অশুদ্ধ বাতৰিয়ে ৰাইজৰ মাজত সৃষ্টি কৰা সন্দেহ-সংশয় দূৰ কৰাৰ অৰ্থেই এনআৰএলৰ তৰফৰ পৰা এই বিষয়ে অসমৰ ৰাইজক স্পষ্ট কৰি দিয়া হ’ল৷’