সাৱধান! আপোনাৰ বাৰ্তালাপত কাণ পাতিছে কোনোবাই
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ডিচেম্বৰঃ ভাৰতৰ ৰাজনৈতিক নেতা, সাংবাদিক, আৰক্ষী বিষয়া, বুদ্ধিজীৱী আৰু ব্যৱসায়ীৰ ফোনত কাণ পাতি আছে চৰকাৰে৷ কাণ পাতি আছে অসমৰ বিৰোধী নেতা, প্ৰভাৱশালী সাংবাদিক, উচ্ছপদস্থ আৰক্ষী বিষয়া, ধনী ব্যৱসায়ী আৰু চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা বুদ্ধিজীৱীৰ ফোনতো৷ ২০১৯ চনৰ পৰা এই চোৰাংচোৱাগিৰি চলি আছে আৰু এতিয়াও অব্যাহত আছে এই অতি উচ্ছক্ষমতাসম্পন্ন প্ৰযুক্তিৰ জৰিয়তে কৰা স্পাইগিৰি৷ হোৱাটছএপৰ পৰা কৰা ফোন কল আৰু মেছেজ মেটাই কেৱল দুয়োজন যোগাযোগকাৰীৰ মাজতে সীমাবদ্ধ বুলি দাবী কৰে৷ সেই দাবী মানি লৈ বহু গোপন বা দলীয় কৌশল ৰাজনীতিবিদে হোৱাটছএপ কলত কৰে৷ আৰক্ষী বিষয়া, সাংবাদিক আৰু অন্যান্যয়ো নিজৰ ফোন ৰেকৰ্ড হোৱাৰ ভয়ত হোৱাটছএপত কথোপকথন কৰে৷ কিন্তু ভাৰতত হোৱাটছএপ কল-মেছেজো উন্মোচিত হৈ আছে, কোনোবাই শুনি আছে ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ জৰিয়তে৷
২০১৯ চনৰ পৰা ভাৰতত পেগাছাছৰ জৰিয়তে চলি থকা চোৰাংচোৱাগিৰি উন্মোচিত হৈছিল ২০২১ চনত৷ দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতা, আৰক্ষী বিষয়া, সাংবাদিক, বুদ্ধিজীৱীৰ হোৱাটছএপত পেগাছাছ ছফটৱেৰ এৰি দি তেওঁলোকৰ গতিবিধি নজৰত ৰখা বুলি মোদী চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উঠিছিল৷ অৱশ্যে, মোদী চৰকাৰে এই বিষয়ত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছিল৷ কিন্তু হোৱাটছএপে প্ৰকাশ কৰি দিছিল পেগাছাছৰ দ্বাৰা চোৰাংচোৱাগিৰি চলি থকা দেশৰ অসংখ্য প্ৰভাৱশালী ব্যক্তিৰ নাম৷ অসমৰ ৰাজনৈতিক নেতা, আগশাৰীৰ সাংবাদিকৰ নামো আছিল তালিকাত৷ মোদী চৰকাৰে অজ্ঞতা প্ৰকাশ কৰিলেও আমেৰিকাৰ আদালতত প্ৰমাণিত হৈছে পেগাছাছৰ জৰিয়তে বিশ্বৰ সহস্ৰাধিক ব্যক্তিৰ হোৱাটছএপত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ৷ সদ্যহতে, আমেৰিকাৰ ওকলেণ্ডৰ মাৰ্কিন জিলা ন্যায়াধীশ ফিলিছ হেমিল্টনৰ আদালতত প্ৰতীয়মান হৈছে, ইজৰাইলী সংস্থা এন এছ অ’ৰ দ্বাৰা নিৰ্মিত পেগাছাছ নামৰ স্পাইৱেৰৰ (চোৰাংচোৱা ছফটৱেৰ) জৰিয়তে সহস্ৰাধিক প্ৰভাৱশালীৰ ম’বাইলৰ হোৱাটছএপ কল আৰু মেছেজত স্পাইগিৰি বা চোৰাংচোৱাগিৰি কৰাৰ কথা৷ ইউএছ ডিষ্ট্ৰিক জাজ ফিলিছ হেমিল্টনে এই চোৰাংচোৱাগিৰিৰ বাবে পেগাছাছৰ নিৰ্মাতা কোম্পানী ইজৰাইলৰ এন এছ অ’ক দোষী সাব্যস্ত কৰিছে৷ এন এছ অ’ৰ বিৰুদ্ধে এই গোচৰ দাখিল কৰিছিল হোৱাটছএপৰ পৰিচালনকাৰী কোম্পানী মেটাই৷ মেটাই আদালতত দাখিল কৰা তথ্য প্ৰমাণ বিশ্বাসযোগ্য বুলি সন্মতি জনাই ওকলেণ্ডৰ আদালতে গোচৰ আগবঢ়োৱাৰ নিৰ্দেশ দিছে৷ হোৱাটছএপৰ মুৰব্বী উইল কেথকাৰ্টে কয় যে, মাৰ্কিন আদালতৰ এই নিৰ্দেেশ গোপনীয়তা ৰক্ষাৰ সপক্ষে থকা দাবীক স্বীকৃতি দিছে৷ আনহাতে পৰোক্ষভাৱে এই নিৰ্দেশৰ জৰিয়তে প্ৰমাণিত হৈছে পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি হোৱাটছএপত চোৰাংচোৱাগিৰি কৰা হৈছিল৷ মেটাই হোৱাটএপ কল আৰু মেছেজ ‘ৱান টু ৱান এনক্ৰিপটেড’ বা দুয়োজন যোগাযোগকাৰীৰ মাজতে সীমাৱদ্ধ বুলি কৈ ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰি আহিছিল৷ কিন্তু তাতো পেগাছাছৰ জৰিয়তে চোৰাংচোৱাগিৰি চলাই থকা হৈছিল৷ অৱশ্যে এই চোৰাংচোৱাগিৰি চলাই আছিল পেগাছাছ নিৰ্মাতা এন এছ অ’ৰ পৰা স্পাইৱেৰটো ক্ৰয় কৰি কোনো দেশৰ চৰকাৰে৷ মাৰ্কিন আদালতত গোচৰ চলোৱা হ’ব এন এছ অ’ৰ বিৰুদ্ধে৷ আমেৰিকাৰ আদালতত এনএছঅ’ৰ বিৰুদ্ধে চাইবাৰ চিকিউৰিটি উলংঘা কৰাৰ ক্ষেত্ৰত বিচাৰ হ’ব৷
আমেৰিকাৰ আদালতত এই অভিযোগৰ সত্যতা প্ৰমাণিত হোৱাৰ পাছত কাৰ কাৰ ফোনত চৰকাৰে চোৰাংচোৱাগিৰি কৰি আছে তাৰ তালিকা বিচাৰিছে কংগ্ৰেছে৷ মোদী চৰকাৰে অজ্ঞতা প্ৰকাশ কৰিলেও এটা কথা অস্বীকাৰ কৰিব নোৱাৰি যে, পেগাছাছ নামৰ স্পাইৱেৰটো ইজৰাইলৰ কোম্পানী এনএছঅ’ই কোনো ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী নকৰে৷ বিক্ৰী কৰে কোনো দেশৰ চৰকাৰক৷ সেয়ে ভাৰততো যে মোদী চৰকাৰে তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা লোকক শ’লঠেকত পেলাবলৈ, গতিবিধি জানি ব্যৱস্থা লৈ থাকিবলৈ পেগাছাছ ব্যৱহাৰ কৰিছিল, তাত সন্দেহ নোহোৱা হৈছে৷ ২০২১ চনত হোৱাটছএপে প্ৰকাশ কৰা তালিকাত বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি দেশৰ আৰু অসমৰ প্ৰভাৱশালী সাংবাদিকৰ নাম ওলাইছিল৷ এই ঘটনাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ব্যক্তিৰ দাবী, এতিয়াও দেশৰ সহস্ৰাধিক ব্যক্তিৰ হোৱাটছএপৰ তথ্য, কল ৰেকৰ্ড কাণ পাতি শুনি আছে চৰকাৰে৷ এটা সাধাৰণ মেছেজৰ জৰিয়তে পেগাছাছে এৰি দিব পাৰে যিকোনো ম’বাইলত একোটা ভয়ংকৰ ‘বাগ’৷ এই ‘বাগ’ হৈছে এনে এবিধ হাৰ্ডৱেৰ বা প্ৰগ্ৰেম, যি সেই হোৱাটছএপ ব্যৱহাৰকাৰীৰ সমস্ত তথ্য পেগাছাছ নিয়ন্ত্ৰণকাৰীৰ হাতত তুলি দিব পাৰে৷ এটা নিমাখিত মেছেজৰ জৰিয়তে এতিয়াও পেগাছাছ ব্যৱহাৰ কৰি কোনো কৰ্তৃত্বশীল চৰকাৰে দেশৰ বহুতৰে ম’বাইলত কাণ পাতি আছে৷ তাৰ মাজত আছে অসমৰো অনেক প্ৰভাৱশালী ব্যক্তি, যি হোৱাটছএপ ব্যৱহাৰ কৰি নিজকে নিৰাপদ বুলি ভাবি আছে৷ আছে অসমৰ প্ৰভাৱশালী সাংবাদিক, শক্তিশালী বিৰোধী নেতা, উচ্ছপদস্থ আৰক্ষী বিষয়া, ধনাঢ্য ব্যৱসায়ী আৰু চৰকাৰবিৰোধী বুদ্ধিজীৱী৷