Logo
image

প্ৰচাৰ শেষ অপপ্ৰচাৰ আৰম্ভ

আমাৰ অসম, ৩১ মাৰ্চঃ যি মুহূৰ্তত ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হ’ল, ঠিক সেই মুহূৰ্ততৰ পৰাই আৰম্ভ হ’ল অপপ্ৰচাৰ৷ অসমৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব অহা ১ এপ্ৰিলত৷ মুঠতে ৩৯টা সমষ্টিত অহা ১ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ ৩০ মাৰ্চৰ সন্ধ্যা ৬ বজাত নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে৷ কিন্তু আনুষ্ঠানিক প্ৰচাৰৰ সামৰণিৰ লগে লগে আৰম্ভ হৈ গৈছে অপপ্ৰচাৰ৷ এনে অপপ্ৰচাৰ প্ৰকৃততে নেতিবাচকভাৱে হ’লেও নিৰ্বাচনৰ প্ৰচাৰ সজীব আৰু উজ্জীৱিত কৰি ৰাখে৷ কোৱা বাহুল্য মাথোঁ, এই অপপ্ৰচাৰ বহন কৰিছে মূলসূঁতিৰ সংবাদ মাধ্যমৰ লগতে সাম্প্ৰতিক কালত অতিশয় জনপ্ৰিয় আৰু দ্ৰুতবেগী মাধ্যম ছ’চিয়েল মিডিয়াই৷ নিৰ্বাচনী সভা আৰু তাৰ পাছতো একো একোজন নেতাই আংশিক মিথ্যা আৰু আংশিক সত্যৰে একো একোটা বিতৰ্কিত মন্তব্য কৰিছে আৰু সেয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে অনলাইনৰ জৰিয়তে ছ’চিয়েল মিডিয়াত৷ সেই বিতৰ্কিত মন্তব্য প্ৰচাৰ আৰু সম্প্ৰচাৰ হৈছে মূলসূঁতিৰ সংবাদ মাধ্যমতো৷ তাকে লৈ চলিছে তুমুল চৰ্চা আৰু সেয়া ক্ৰমাত পৰিগণিত হৈছে অপপ্ৰচাৰত৷ আক্ষৰিকভাৱে সত্য নোহোৱা এনে অপপ্ৰচাৰে নেতিবাচকভাৱে প্ৰচাৰ লাভ কৰিছে, য’ত বহু সময়ত এই উদ্দেশ্যেপ্ৰণোদিতভাৱে বিয়পাই দিয়া অপপ্ৰচাৰে সুযোগ আৰু সুবিধাৰ সৃষ্টি কৰি দিছে স্বয়ং বিতৰ্কিত প্ৰচাৰ চলোৱাজন অথবা তেওঁৰ দলক৷ কোনো ক্ষেত্ৰত এয়া তেওঁ আৰু তেওঁৰ দলৰ বাবে বুমেৰাঙো হৈছে৷

অসমৰ বিধানসভা নিৰ্বাচনৰ এই অপপ্ৰচাৰৰ প্ৰকৃত আৰু চকুত পৰা সূচনা হৈছিল যোৱা ২৮ মাৰ্চত, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণিৰ পিছদিনা পুৱা৷ এই অপপ্ৰচাৰ আৰম্ভ কৰিছিল বিজেপিৰ মিডিয়া চেলে ৰাজ্যৰ প্ৰায় সকলোবোৰ সংবাদ পত্ৰত বিজ্ঞাপন আকাৰে দিয়া দুটা হেডলাইনেৰে৷ সংবাদ পত্ৰৰ একেবাৰে শীৰ্ষত ‘বিজেপিৰ শুভাকাংক্ষী আৰু কাৰ্যকৰ্তাৰ মাজত বিপুল উৎসাহ’, ‘উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়’–বুলি বিজেপিয়ে দিয়া এই বিজ্ঞাপন প্ৰকৃতাৰ্থতে প্ৰচাৰ নাছিল, আছিল অপপ্ৰচাৰ৷ কিয়নো আগদিনা হৈ যোৱা ভোটগ্ৰহণৰ ফলাফল কি হ’ব সেয়া সেইদিনাই নহয়, আজিও সকলোৰে বাবে অজ্ঞাত৷ কৌশলী এই বিজ্ঞাপনটো তৈয়াৰ কৰি থকাৰ সময়ত বা সংবাদ পত্ৰৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ সময়ত বিজেপিৰ নিশ্চিত জয় বুলি জনাতো অসম্ভৱ আৰু অবাস্তৱ কথা৷ এই বিজ্ঞাপনত পৰৱৰ্তী পৰ্যায়ৰ একাংশ ভোটাৰ বিভ্ৰান্ত হ’ব আৰু সিদ্ধান্ত গ্ৰহণ নকৰা তেনে ভোটাৰে বিজেপিৰ পক্ষতে ভোট দিব– তেনে এটা পূৰ্বানুমান কৰিয়েই বিজেপিয়ে এই অপপ্ৰচাৰ চলাইছিল৷ সেই দিশত তেওঁলোক কিমান সফল, সেয়া চিৰদিন অনিৰ্ণীত হৈ থাকিব, কিন্তু বিজ্ঞাপনটোক লৈ চলি থকা চৰ্চা প্ৰকাশৰ দুদিনৰ পাছতো অব্যাহত আছে৷ কেৱল সেই দিশৰ পৰা অপপ্ৰচাৰ চলোৱা বিজেপি সফল৷ পৰৱৰ্তী দিনটোত একেই কৌশল অৱলম্বন কৰিলে কংগ্ৰেছে, কিন্তু বিজেপি অপপ্ৰচাৰৰ দৌৰত ‘ফ্ৰণ্ট ৰাণাৰ’ হৈ থাকি গ’ল৷

অপপ্ৰচাৰৰ গতি এইবাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি পৰাৰ সময়ত অধিক তীব্ৰ হৈছে৷ এখন নিৰ্বাচনী সভাত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে নিজকে আল্লা বুলি কোৱাৰ প্ৰচাৰ আৰু অপপ্ৰচাৰ চলিছে৷ আজমলৰ এই বক্তব্য কাৰো মতে সঁচা, আন কাৰোবাৰ মতে এয়া অপপ্ৰচাৰ৷ অৱশ্যে আজমলে দলগাঁৱৰ এখন নিৰ্বাচনী সভাত কয়–‘হিমন্তই মাদ্ৰাছা বন্ধ কৰি থাকিব, মই মাদ্ৰাছা খুলি থাকিম৷’ তেওঁ কয়–‘এইবাৰ হিমন্তৰ ৰাজত্ব শেষ, সৰ্বানন্দ আউট, হ’ম মিনিষ্টাৰ ফেইল৷’ আজমলে কোৱা এই সকলোবোৰ কথা সত্য নহয়, আজিও নহয়, ভৱিষ্যতেও নহয়৷ তেওঁ নিজেও জানে এই কথা, কিন্তু ভোটাৰক আশ্বস্ত কৰিবলৈও তেওঁ অপ্ৰচাৰৰ আশ্ৰয় লৈছে৷

বিজনীৰ নিৰ্বাচনী সভাত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কৈছে যে জেললৈ যাব লাগে যদি হিমন্ত বিশ্ব শৰ্মাহে যাব, তেওঁ নাযায়৷ আগদিনা হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী জেললৈ যাব বুলি অপপ্ৰচাৰ চলাইছিল৷ হাগ্ৰামাই আন এক অপপ্ৰচাৰেৰে হিমন্তক উত্তৰ দিলে৷ এই অপপ্ৰচাৰেৰে উভয়ৰে কাৰ্যসিদ্ধি হ’ল, অন্ততঃ নিজ নিজ দলৰ সমৰ্থক সন্তুষ্ট হ’ল৷ আনহাতে কংগ্ৰেছেও আৰম্ভ কৰিছে অপপ্ৰচাৰ৷ আজি প্ৰচাৰৰ সামৰণিৰ দিনটোত কংগ্ৰেছৰ গৌৰৱ বল্লভে কৈছে যে দুৰ্নীতিৰ সম্প্ৰাট হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁলোকে লুই বাৰ্জাৰ, সাৰদা আৰু উত্তৰ কাছাৰৰ ১০০০ কোটি টকাৰ কেলেংকাৰিৰ তদন্ত কৰিব৷ উল্লেখ্য, এই তিনিওটা কেলেংকাৰি সংঘটিত হৈছিল কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত আৰু এতিয়া কংগ্ৰেছে অভিযুক্ত কৰা হিমন্ত বিশ্ব তেতিয়া আছিল কংগ্ৰেছৰে মন্ত্ৰী৷ এতিয়া এই বক্তব্য ৰখা কংগ্ৰেছে কিয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰিৰ তদন্ত নকৰিলে বা এতিয়া চৰকাৰ হ’লে তেওঁলোকে কেনেকৈ নিজৰেই চৰকাৰৰ বিৰুদ্ধে কেনেদৰে তদন্ত কৰিব? এয়া নিসন্দেহে প্ৰচাৰৰ পাছৰ ভোটৰ অপপ্ৰচাৰ৷ অসমৰ নিৰ্বাচনী প্ৰচাৰৰ অপপ্ৰচাৰে এতিয়া হিটলাৰৰ দিনৰ ‘প্ৰপাগাণ্ডা’ ৰাজনীতিৰ সৈতে ফেৰ মাৰিব পৰা হৈছে, য’ত যোছেফ গোৱেবলছে একেবোৰ মিছা কথা বাৰে বাৰে কৈ অপপ্ৰচাৰ চলাইছিল আৰু জনতাই তাকে বিশ্বাস কৰিছিল৷