Logo
image

ক’ভিড ইমাৰ্জেঞ্চীৰ বাবে সাজু হৈছে নেকি ৰাজ্য

ক’ভিড বিধি নামানিলেই জৰিমনা বিহক, অধিক লোকক ক’ভিড টেষ্ট কৰাওকঃ কেন্দ্ৰ

আমাৰ অসম, ৩১ মাৰ্চঃ এফালে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে, আনফালে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে৷ ক’ভিড বিধি উলংঘনেৰে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ আনকি সামাজিক দূৰত্ব অবিহনে, মাস্ক পৰিধান নকৰাকৈ নেতা-মন্ত্ৰী-বিধায়কে হাজাৰ হাজাৰ সমৰ্থকক বিপদৰ মুখলৈ ঠেলি দি প্ৰচাৰ চলোৱাও পৰিলক্ষিত হৈছে৷ ক’ভিড সংক্ৰমণৰ ভয়াৱহতা দেখিও নিৰ্বাচন আয়োগ তথা চৰকাৰ-প্ৰশাসনে মৌন ভূমিকা ল’লেও এজন এজনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে ৰাজ্যৰ স্বাস্থ্য বিভাগে ‘ক’ভিড ইমাৰজেন্সী’ ঘোষণা কৰাৰ বাবে সাজু হোৱা বুলিও স্বাস্থ্য বিভাগৰ ভিতৰচ’ৰাত চৰ্চা লাভ কৰিছে৷ শেহতীয়াকৈ স্বাস্থ্য বিভাগে চিকিৎসক-নাৰ্ছকে ধৰি স্বাস্থ্যকৰ্মীসকলৰ বিশেষ স্বাস্থ্যজনিত কাৰণ অবিহনে সকলোধৰণৰ ছুটী নাকচ কৰিছে৷ স্বাস্থ্য বিভাগে এই সন্দৰ্ভত নতুনকৈ কোনো নীতি-নিৰ্দেশনা জাৰি কৰা নাই বুলি সদৰী কৰিলেও কাৰ্যক্ষেত্ৰত স্বাস্থ্যকৰ্মীৰ নৈমিত্তিক ছুটী-আৰ্জিত ছুটীৰ দৰে সকলো ছুটী ঊধবৰ্তন কতৃৰ্পক্ষই নাকচ কৰাৰ অভিযোগ উঠিছে৷ স্বাভাৱিকভাৱে নিৰ্বাচনৰ প্ৰচাৰ শেষ হ’লেই ৰাজ্যত ক’ভিড ইমাৰজেন্সী ঘোষণা কৰাৰ এয়া স্বাস্থ্য বিভাগৰ প্ৰস্তুতি বুলিও চৰ্চা লাভ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে দেশৰ লগতে অসমতো  ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাত বিগত বৰ্ষৰ ৩১ মাৰ্চত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিবে এইচ এল এ ৫৫৫/২০১১/৪২৭ নম্বৰৰ এটা নিৰ্দেশনা জাৰি কৰি সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ছুটী নাকচ কৰিছিল৷ কিন্তু মঙলবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এবছৰ পূৰ্বৰ নিৰ্দেশনাটো পুনৰ বাহাল ৰখা বুলি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ ৱাটছএপৰ গ্ৰুপে গ্ৰুপে ভাইৰেল হৈ পৰিছে৷ এবছৰ পূৰ্বৰ নিৰ্দেশনাটো কোনো শীৰ্ষ বিষয়াই প্ৰতি-স্বাক্ষৰ কৰি স্বাস্থ্যকৰ্মীসকলৰ ছুটী আৱেদন নাকচ কৰা বুলিও প্ৰচাৰ কৰা দেখা গৈছে৷ এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবৰ সৈতে যোগাযোগৰ চেষ্টা চলোৱা হৈছিল যদিও কোনো সঁহাৰি লাভ কৰা নগ’ল৷ অৱশ্যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকে ক’ভিডৰ বাবে পূৰ্বৰে পৰা চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দীঘলীয়া ছুটী নাকচকৰণৰ নিৰ্দেশ বাহাল আছে বুলি জানিবলৈ দিয়ে৷ স্বাভাৱিকতেই অসমত ক’ভিড ইমাৰজেন্সী পৰিস্থিতি ঘোষণা কৰাৰ বাবে স্বাস্থ্য বিভাগে কৌশলপূৰ্ণভাৱে প্ৰস্তুতি যে চলাইছে, সেয়া স্পষ্ট হৈ পৰিছে৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজনৈতিক হেঁচাত স্বাস্থ্য বিভাগে বিশেষ ঘোষণাৰ পৰা বিৰত থাকিলেও নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হ’লে যিকোনো মুহূৰ্ততে স্বাস্থ্য বিভাগে ক’ভিডক লৈ কঠোৰ সতৰ্কতামূলক ঘোষণা কৰা সম্ভাৱনা নুই কৰিব নোৱাৰি৷ উল্লেখ্য, বিগত ২৪ ঘণ্টাত দেশত ৫৬,২১১জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৭১জন ৰোগীৰ মৃত্যু হৈছে৷ আনহাতে, অসমতো সোমবাৰে ক’ভিডত আক্ৰান্ত হয় ৪০জন লোক৷ বৰ্তমান ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসাধীন ক’ভিড আক্ৰান্ত ৪৬৯জন ৰোগী৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে সকলো ৰাজ্য চৰকাৰলৈ এটা নিৰ্দেশনা জাৰি কৰি ক’ভিড পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷ আনহাতে অসামিৰক বিমান সেৱা কতৃৰ্পক্ষই বিমান বন্দৰৰ ভিতৰত ক’ভিড বিধি উলংঘন কৰা লোকক জৰিমনা বিহিবলৈ নিৰ্দেশ জাৰি কৰিছে৷