হঠাৎ অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী
'আমাৰ অসম'ৰ বঙাইগাঁৱৰ প্ৰতিনিধি, ২৬ ডিচেম্বৰঃ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী বুধবাৰে হঠা९ অসুস্থ হৈ পৰে৷ জানিব পৰা মতে সাংসদগৰাকীয়ে বুধবাৰে সন্ধিয়া ভাগত দলীয় কামত বঙাইগাঁও জিলাৰ পোপৰা গাঁৱলৈ গৈছিল৷ পোপৰা গাঁৱৰ পৰা ওভতি আহোতেই হঠা९ অসুস্থ হৈ পৰে সাংসদগৰাকী৷
ইয়াৰ পাছত তেওঁক ততালিকে বঙাইগাঁও লৱাৰ আছাম হাস্পতাল এণ্ড ৰিছাৰ্চ চেন্টাৰত ভৰ্তি কৰোৱা হয়৷ জ্বৰ-কাহত আক্ৰান্ত হোৱাৰ লগতে সাংসদগৰাকীৰ দেহত পূৰ্বৰে পৰা প্ৰেছমেকাৰ সংস্থাপন হৈ থকা তেওঁৰ হৃদস্পন্দনৰো কিছু সমস্যাই দেখা দিছিল৷ ইয়াৰ পিছত নিশাই সাংসদগৰাকীক বঙাইগাঁৱৰ পৰা গুৱাহাটীত লৈ অনা হয়৷ গুৱাহাটী হেল্থ চিটিত বৰ্তমান চিকিৎসাধীন হৈ আছে সাংসদগৰাকী৷ আই চি চি ইউত চিকিৎসাধীন হৈ থকা সাংসদগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হোৱা বুলি জানিব পৰা গৈছে৷