Logo
image

লেখক-প্ৰকাশক-বিক্ৰেতাৰ মনত আশাৰ সঞ্চাৰঃ ৪ দিনত ২ কোটি ২০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী অসম গ্ৰন্থমেলাত

'আমাৰ অসম', গুৱাহাটী, ৩০ ডিচেম্বৰঃ আজি চতুৰ্থ দিনটোত গ্ৰন্থপ্ৰেমীৰ সমাৱেশে উমাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা৷ লেখক-সাহিত্যিক আৰু পঢ়ুৱৈৰ উপস্থিতিয়ে এই গ্ৰন্থোৎসৱলৈ আশা বতৰা কঢ়িয়াই আনিছে৷ চতুৰ্থ দিনালৈ ২কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি জনাইছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷ 

ইপিনে প্ৰতিদিনে গ্ৰন্থমেলা প্ৰাংগণত আয়োজন কৰা হৈছে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ৷ সোমবাৰে বিয়লি অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰে 'চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায়' শীৰ্ষক আলোচনা সত্ৰ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে নতুন দিল্লীৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীৱাস্তৱে৷ তেওঁ কয় —“ চলচ্চিত্ৰ হৈছে কাহিনী কোৱা কলা৷ কাহিনীৰ গাঁথনি শক্তিশালী হ’লে, চিনেমাও শক্তিশালী হয় ৷ মূল কথাটো হ’ল চিনেমাও এটা উৎপাদিত পণ্য৷ গতিকে ইয়াক বিক্ৰী কৰিব পাৰিব লাগিব৷" তেওঁ লগতে কয় যে বিক্ৰী কৰিবলৈ হ’লে উৎপাদিত পণ্যৰ মানো গুণসম্পন্ন হ’ব লাগিব৷ গতিকে ভাল চিনেমা নিৰ্মাণ কৰাটো হ’ল প্ৰথম চৰ্ত৷ ভাল চিনেমাৰ প্ৰচাৰ কৰিবলৈও ভাল আৰু ইয়াৰ বাণিজ্যও ভাল৷ প্ৰচাৰে বাণিজ্যিক সফলতা কঢ়িয়াই আনে৷ আলোচক অতিথি, বিশিষ্ট পৰিচালক, চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদে কয়—“ মানুহক সদায় নতুন কিবা এটা লাগে৷ এই নতুন কিবাটো যিয়ে দিব পাৰে সেই চিনেমা বা নাটক সফল হয়৷ নতুনত্ব বহন কৰা চলচ্চিত্ৰৰ প্ৰচাৰ কৰিবলৈ ভাল৷ আগতে বিভিন্ন চলচ্চিত্ৰ উৎসৱত মালায়ালম চিনেমাৰ সমানে অসমীয়া চিনেমাৰ নাম উচ্চাৰিত হৈছিল৷ সেই পৰ্যায়লৈ যোৱাৰ বাবে কষ্ট কৰাৰ প্ৰয়োজন আছে৷ আলু-পিঁয়াজৰ ব্যৱসায় আৰু চিনেমাৰ ব্যৱসায়ৰ মাজত পাৰ্থক্য আছে৷ এই কথাটো আমি বুজিব পাৰিব লাগিব৷" আন এগৰাকী আলোচক, বিশিষ্ট পৰিচালক কেনি বসুমতাৰীয়ে কয় যে চিনেমা এখন নিৰ্মাণ কৰা হয় চলোৱাৰ বাবে৷ চিনেমা এখন ভালদৰে চলা মানেই ব্যৱসায়িক সফলতা লাভ কৰা৷ গতিকে ইয়াৰ বাবে কি কাহিনীক কেনেকৈ কেনেধৰণৰ ৰুচিৰ দৰ্শকৰ ওচৰলৈ লৈ যাব লাগিব এই কথাবোৰ চালিজাৰি চাবই লাগিব৷ আকৰ্ষণীয় আৰু প্ৰভাৱশালী প্ৰচাৰ কৌশলে চিনেমাক বাণিজ্যিক সফলতা দিয়ে৷ একেদৰে বিশিষ্ট প্ৰযোজক শ্যাম বৰাই আলোচকৰূপে উপস্থিত থাকি কয় যে প্ৰচাৰৰ ক্ষেত্ৰত প্ৰযোজকৰ দায়িত্ব সাধাৰণতে বেছি৷ চলচ্চিত্ৰৰ প্ৰচাৰো 'টীম ৱৰ্ক'৷ নিৰ্দিষ্ট দৰ্শক সমষ্টিক লক্ষ্য হিচাপে লৈ প্ৰচাৰ কৌশল অৱলম্বন কৰিব পাৰিলে চলচ্চিত্ৰই সফলতা অৰ্জন কৰিব পাৰে৷ 



আলোচক, বিশিষ্ট পৰিচালক অচিন্ত শংকৰৰ মতে প্ৰচাৰ ভাল নোহোৱাটো চলচ্চিত্ৰই বাণিজ্যিক সফলতাৰ মুখ নেদেখাটো অন্যতম কাৰণ৷ অসমীয়া চলচ্চিত্ৰৰ উদ্যোগৰ পৰিসৰো সীমিত৷ ভাষিক-সামাজিক বৈচিত্ৰ্য আন এক কাৰক৷ এটাৰ পাছত আন এটা উৎসৱ, আন্দোলনৰ কাৰ্যসূচীয়েও সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি দৰ্শকে কি বিচাৰে বা আশা কৰে সেই বিষয়েও আমাৰ পদ্ধতিগত অধ্যয়ন প্ৰযোজকে কৰাৰ পৰম্পৰা গঢ়ি উঠা নাই৷ আলোচনা চক্ৰত আলোচকৰূপে অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা কমললোচনে বিষয় সন্দৰ্ভত এইদৰে কয়—“বৰ্তমানৰ অসমীয়া চিনেমাৰ প্ৰচাৰক লৈ সন্তুষ্ট বুলি কব নোৱাৰি৷ বৰঞ্চ এয়া আতি সস্তীয়া পৰ্যায়ত আছে৷ সেয়ে অসমীয়া চলচ্চিত্ৰই আশাব্যঞ্জক প্ৰসাৰ লাভ কৰিব পৰা নাই৷ এইক্ষেত্ৰত নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে৷ বিশেষকৈ চলচ্চিত্ৰৰ বজাৰ অধ্যয়ন কৰি নিখুঁত প্ৰচাৰ কৰাটো জৰুৰী৷” তেওঁ লগতে কয় যে অসমীয়া মানুহে টিকট ক্ৰয় কৰি চিনেমা চাবলৈ টান পায় কিন্তু খ্ৰীষ্টমাচৰ দিনা অদৰকাৰী হৈ চৈ কৰিবলৈ ভাল পায়৷ তদুপৰি আমাৰ কেঁকোৰা চৰিত্ৰ চলচ্চিত্ৰ উদ্যোগতো প্ৰতিফলিত হয়৷ এইবোৰো আমাৰ হেঙাৰ৷ আন এগৰাকী আলোচক, চিনেমাৰ প্ৰচাৰৰ সৈতে জৰিত প্ৰিয়ংকা বৰুৱাই কয় যে আমাৰ ইয়াত ৩ কোটি মানুহ আছে৷ ইয়াৰে ৩৫ শতাংশ মানুহে হয়তো চিনেমা চায়৷ গতিকে নতুন দৰ্শক গঢ়ি তোলাটো এক প্ৰত্যাহ্বান৷ আমাৰ স্কুল-কলেজতো এই ধৰণৰ কোনো কাৰ্যসূচী নাই৷ এই বিষয়বোৰৰ সমাধান সূত্ৰ উলিয়াব পাৰিলে নিশ্চয় সুদিন আহিব৷ ইয়াৰ ফলত এখন সুন্দৰ কৰ্মক্ষেত্ৰও গঢ়ি উঠাৰ সম্ভাৱনা আছে৷ আমাৰ ইয়াত ব্যৰ্থতাৰ পাছতো প্ৰযোজক-পৰিচালকসকলে ধৈৰ্যশীলতাৰ পৰিচয় দি চিনেমা নিৰ্মাণ কৰি আছে৷ এয়া নিশ্চয় ভাল দিশ৷ আলোচনা সত্ৰখন পৰিচালনা কৰে কবি-চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে৷ তেওঁ কয় যে বজাৰ ব্যৱস্থা অধ্যয়ন চলচ্চিত্ৰৰ বাবে অতি জৰুৰী৷ দৰ্শকো গ্ৰাহক৷ গতিকে দৰ্শকৰ মনৰ চাহিদা বিচাৰ কৰি প্ৰচাৰৰ পৰিকল্পনা কৰাটো অত্যন্ত জৰুৰী৷ এখন চিনেমাই কেনেদৰে ঠাই উলিয়াই ল’ব বা সেই খালী ঠাই ক’ত আছে এয়া সঠিকভাৱে নিৰ্ণয় কৰি ল’ব পাৰিব লাগিব৷ দৰ্শকে কি বিচাৰে আৰু চিনেমা এখনে কি দিব এই দুয়োটা বিষয় মাৰ্কেটঙৰ বাবে অতি দৰকাৰী কথা৷ কাৰণ বিচিত্ৰ বিষয়, বিচিত্ৰ ঘটনা, বিচিত্ৰ কাহিনীয়ে মানুহৰ ইচ্ছাক নতুনৰূপত গঢ়ি তোলে৷ এইবোৰ অধ্যয়ন কৰা বা মানুহৰ মনোজগত বুজি পোৱাটো বাণিজ্যিক সফলতাৰ বাবে অপৰিহাৰ্য৷ 

বিশিষ্ট মনোৰোগ বিশেষজ্ঞ, অভিনেতা ডাঃ জয়ন্ত দাসে এই অনুষ্ঠানত দৰ্শকৰ আসন অলংকৃত কৰে৷ তেওঁ বিষয় প্ৰসংগত কয় যে নতুন দৰ্শক সৃষ্টি কৰিব লাগিব৷ কাৰণ ক’ভিড মহামাৰীয়ে মানুহৰ চিন্তধাৰা, মনোজগতত প্ৰভাৱ পেলাইছে৷ গতিকে চিনেমা এখনৰ বাবে মানুহৰ মনৰ খোৰাক কি সেয়া জানি লৈ সেইমৰ্মে প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে৷ অনুষ্ঠানত দৰ্শক হিচাপে অংশগ্ৰহণ কৰি ৰাজনৈতিক বিশ্লেষক, লেখক ৰঞ্জিৱ শৰ্মাই কয় যে আমাৰ চিনেমাসমূহে মানুহৰ  মনোসংযোগ কৰাত সক্ষম হৈছেনে নাই এয়া বিচাৰ্যৰ বিষয়৷ হয়তো ক'ৰবাত স্থবিৰ হৈছে৷ ইয়াক গতি প্ৰদান কৰিব পৰাকৈ নতুন চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে৷