Logo
image

নৃত্যাচাৰ্য যতীন গোস্বামীৰ বাসগৃহত ওপজা দিন উপলক্ষে উদুলি-মুদুলি পৰিবেশ

'আমাৰ অসম' ডিজিটেল ডেস্কঃ   আজি পুৱাৰে পৰা পদ্মভূষণেৰে সন্মানিত, অকাদেমি ৰত্ন, নৃত্যাচাৰ্য যতন গোস্বামী দেৱৰ বাসস্থানত ওপজা দিন উপলক্ষে এক উদুলি-মুদুলি পৰিবেশে বিৰাজ কৰিছে। ৯২ বছৰ বয়স সম্পূর্ণ কৰি আজিৰে পৰা ৯৩ বছৰত ভৰি দিলে যতীন গোস্বামী দেৱেউল্লেখযোগ্য যে আজি পুৱাৰে পৰা তেখেতৰ ঘৰ লোকে লোকাৰণ্য পৰিবেশএই উপলক্ষে আকাশবাণী গুৱাহাটীৰ পৰিয়ালৰ তৰফৰ পৰা অনুষ্ঠান কাৰ্য্যবাহী সমন্বয়ক কাৰ্ত্তিক সূত্ৰধৰ আৰু প্ৰচাৰণ কাৰ্য্যবাহী ইন্দ্ৰজিদাসে এখনি ফুলাম গামোচা, আকাশবাণী গুৱাহাটীৰ এটি স্মাৰক আৰু এটি ৰেডিঅ' চেটেৰে তেখেতক ওপজা দিনৰ ওলগ জনায়


আনহাতে পদ্মশ্ৰীৰে সন্মানিত, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ঘনকান্ত বৰা বৰবায়ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, কথক নৃত্য গুৰু, বিষ্ণু ৰাভা বঁটা প্ৰাপক বিপুল দাস, বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা, সাহিত্য অকাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰী, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰাঞ্জল শইকীয়া, অনিতা শৰ্মা আৰু ৰঞ্জু মণি শইকীয়া, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ হৈ প্ৰদীপ পূজাৰী, অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ সমালোচক উৎপল দত্ত, কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা উপলা বৰুৱা, নৃত্যশিল্পী বেবী ভূঞা, ৰুবী বৰা বৰদলৈ, সাংস্কৃতিক কৰ্মী প্ৰাণজিশইকীয়াকে ধৰি বহু গুণমুগ্ধই তেখেতক ওপজা দিনৰ ওলগ জনাই আৰু দীৰ্ঘায়ু তথা সুস্বাস্থ্যৰ কামনা কৰে। উল্লেখ্য যে আকাশবাণী গুৱাহাটীৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ কয় যে, "৯২ বছৰৰ জীৱন পৰিক্ৰমা এক সুন্দৰ অভিজ্ঞতা। সমাজৰ বাবে এতিয়ালৈ বহু কাম কৰিলোঁ আৰু বহুখিনি কৰিবলৈ বাকী আছে।" নতুন প্ৰজন্মৰ নৃত্যশিল্পী সকলক সময়ৰ সদ্ ব্যৱহাৰ কৰি সমাজৰ প্ৰতি নিষ্ঠাৰে তথা দায়বদ্ধতাৰে কাম কৰি যাবলৈ তেখেতে আহ্বান জনায়। লগতে তেখেতে ওপজা দিনটোত অসমবাসীৰ ওচৰত নতশিৰে সেৱা জনায়