Logo
image

উক্তি-বক্ৰোক্তি

-  যদিহে মোৰ অ’বিচি সন্দৰ্ভত বিশদ জ্ঞান থাকিলেহেঁতেন, তেন্তে মই কেতিয়াবাই জাতিভিত্তিক লোকপিয়ল কৰালোহেঁতেন৷ দোষ কংগ্ৰেছৰ নহয়, দোষ মোৰ অজ্ঞতাৰহে৷ 

– লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী

- পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ সাহস দেখুৱালে আজি এনে পৰিস্থিতি নহ’লহেঁতেন৷ লাখ লাখ অবৈধ বাংলাদেশী থকা সত্ত্বেও পূৰ্বৰ চৰকাৰে উচ্ছেদ কৰা নাছিল৷ 

–  খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

-  ভাৰত আৰু ব্ৰিটেইনৰ মাজত যি মুক্ত বাণিজ্যৰ চুক্তি হৈছে, সেই চুক্তিয়ে ভাৰতৰ সকলো খণ্ডকে অভাৱনীয়ভাৱে উপকৃত কৰিব৷ 

– কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলা

- উচ্ছেদ কাৰ্যসূচীৰ আগতেই উৰিয়ামঘাট শান্তিপূৰ্ণভাৱে এৰি যোৱাৰ কথাটোৱে সকাহ প্ৰদান কৰিছে৷ আমাৰ চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখল কৰিবলৈ দিয়া নহ’ব৷ ইয়াক ৰক্ষা কৰিবলৈ আমাৰ প্ৰয়াস অব্যাহত ৰাখিম৷ 

 – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

-  যশপ্ৰীত বুমৰাই সম্ভৱতঃ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব৷ আঘাতৰ বাবেই বুমৰাৰ টেষ্ট কেৰিয়াৰ চমু হৈ পৰিব৷ মানচেষ্টাৰ টেষ্টত তেওঁ পূৰ্ণ সক্ষমতাৰে বলিং কৰিব পৰা নাই৷ 

– প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাঈফ

- ভাৰতীয় নাগৰিকক যদি উচ্ছেদ কৰিছে, তেন্তে চৰকাৰে দেশৰ আইন অনুসৰি তেওঁলোকক পুনৰ সংস্থাপিত কৰক৷ চৰকাৰে কাক কিমান উচ্ছেদ কৰিছে সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই৷ বাংলাদেশীকে কৰিছে নে দেশীকে কৰিছে সেয়া জনোৱা নাই৷

– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

- সেয়া কোনো ‘পাব্লিচিটী ষ্টাণ্ট’ নাছিল৷ কিছুমান সমস্যাৰ বাবে পৰেশ ৰাৱালজী ‘হেৰাফেৰি-৩ ৰ পৰা আঁতৰি গৈছিল৷ এতিয়া সকলো ঠিক-ঠাক হ’ল৷ তেওঁ এইখন ছবিত অভিনয় কৰিব৷ 

– বলীউডৰ অভিনেতা অক্ষয় কুমাৰ