Logo
image

ৰ'টাৰী ক্লাব অফ গুৱাহাটীৰ উদ্যোগত বামুণখাট, ডিগাৰুৰ মাতৃ আৰু শিশু সকলৰ বাবে খাদ্য বিতৰণ কাৰ্যসূচী

'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক, ১৮ জুলাইঃ  ৰ'টাৰী কেলেণ্ডাৰৰ মাতৃ আৰু শিশুৰ যতন মাহ উপলক্ষে, ৰ'টাৰী ক্লাব অফ গুৱাহাটীয়ে শুকুৰবাৰে ডিগাৰুৰ বামুণখাট গাঁৱত এক খাদ্য বিতৰণ কাৰ্যসূচী আয়োজন কৰে। উল্লেখ্য যে ৫০ টা পৰিয়ালৰ পৰা অহা ৬০তকৈ অধিক মাতৃ আৰু শিশুৰ মাজত পুষ্টি আৰু সু-স্বাস্থ্যৰ দিশত সজাগতা সৃষ্টি কৰাটোৱেই  আছিল এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।  ইয়াৰ লগতে দালি, পিঁয়াজ, চয়াবিন, বুট, চকলেট আৰু বিস্কুটকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৰ'টাৰী ক্লাব অফ গুৱাহাটীয়ে। যাতে মাতৃ আৰু শিশু সকলৰ প্ৰাথমিক পুষ্টিৰ কিছু হ'লেও প্ৰয়োজন পূৰণ হয়।  আনহাতে ৰ'টাৰী ক্লাবৰ সভাপতি, ৰ'টাৰিয়ান অভিযন্তা মনোজ কুমাৰ দাসে গাঁৱৰ লোকক লগ পাই কয় যে, এই কাৰ্যসূচী  “এক সৰু পদক্ষেপ কিন্তু এক হৃদয়স্পৰ্শী প্ৰচেষ্টা” আছিল, যাৰ জৰিয়তে খাদ্যৰ অভাৱত ভোগা পৰিয়ালবোৰক সহায় আগবঢ়োৱা ।  


উল্লেখযোগ্য যে গাঁওবাসীক ৰ'টাৰী ক্লাবে আগলৈকো সহায়-সহযোগিতা আগবঢ়াই যাব বুলি আশ্বাস দিয়ে। তদুপৰি ADG ৰ'টাৰিয়ান উৎপল গোহাঁই, সম্পাদক ৰ'টাৰিয়ান মৌচুমী ভট্টাচাৰ্য্য, ৰ'টাৰিয়ান ডঃ শশাঙ্ক শেখৰ দত্ত, ৰ'টাৰিয়ান মানস পি মজুমদাৰেও গাওঁবাসীৰ সৈতে মত বিনিময় কৰে। লগতে আকাশবাণী গুৱাহাটীৰ বিষয়া ইন্দ্ৰজিৎ দাসে ৰ'টাৰী আন্দোলনৰ সৈতে আন্তৰিকতাৰে  জড়িত, তেখেতে ক্লাবটোৰ এই প্ৰচেষ্টাত অংশীদাৰ হ'বলৈ পাই আনন্দ প্ৰকাশ কৰাৰ লগতে  এই প্ৰয়াসক প্ৰশংসা কৰে।  উল্লেখ্য যে ডিগাৰুৰ বামুণখাট গাঁওবাসীয়ে ৰ'টাৰী ক্লাব অফ গুৱাহাটীয়ে  প্ৰদান কৰা এই সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এনে পদক্ষেপে তেওঁলোকৰ দৈনন্দিন জীৱনত উৎকৰ্ষ সাধন কৰিব।  ৰ'টাৰী ক্লাব অফ গুৱাহাটীয়ে অসমৰ বিভিন্ন ঠাইত বহু সমাজসেৱামূলক কামৰ সৈতে জড়িত হৈ আছে আৰু এই প্ৰচেষ্টাই পৰম্পৰাত এটা নতুন অধ্যায়ৰ সংযোজন কৰিছে।

এই কাৰ্যসূচীৰ অংশীদাৰ আছিল "অসম সেৱা সমিতি" আৰু "ইণ্ডিয়া ফুড বেংকিং নেটৱৰ্ক"