Logo
image

২ মে’ৰ পাছত কি হ’ব?

অহা মে’ মাহত নিৰ্বাচনৰ ফলাফল অনুযায়ী নতুন ৰাজ্য চৰকাৰ গঠন হ’ব৷ যোৱা কেইবছৰ মানৰ পৰা ৰাজ্য চৰকাৰৰ কাম-কাজ চাই আমাৰ সন্দেহৰ হয় যে ৰাইজৰ জনাদেশ পোৱাৰ যুক্তি দি ৰাজ্য চৰকাৰে তলত লিখা কামবোৰ কৰিব পাৰে নেকি? এই কামবোৰ কৰা হয় যদি সেইবোৰ হ’ব অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সকলৰ স্বাৰ্থৰ ঘোৰ বিৰুদ্ধে৷ এনে কিছুমান কামবোৰ হ’ব পাৰে এনে বিধৰ–

[১] অসমৰ খিলঞ্জীয়া লোকসকলৰ নিজৰ বুলিবলৈ মাটি খুব কম; আৰু লাখ লাখ তেনেলোক ভূমিহীন যদিও সেই মাটিবোৰ আৰু কৃষি ভূমিবোৰ বহিৰাগত লোক আৰু অনা-কৃষকসকলৰ হাতলৈ হস্তান্তৰ হোৱা প্ৰক্ৰিয়া শিথিল কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ সংশ্লিষ্ট ভূমি আইনবোৰ সংশোধন কৰিব নেকি?

[২] জাগীৰোড আৰু পাচগ্ৰামৰ কাগজ কল দুটা বন্ধ কৰি দি তাৰ মাটিবোৰ ক্ৰমে গুৱাহাটী আৰু শিলচৰৰ ওচৰত দুখন পৰিকল্পিত নতুন নগৰ বনাবৰ বাবে কোনোবা বহিৰাগত নিৰ্মাণকাৰী কিছুমানক গতাই দিব নেকি? অৱশ্যে দুই-চাৰিজন থলুৱা নিৰ্মাণকাৰী আৰু কোনো দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদ আৰু আমোলাকো বেত্ৰামদাৰ হিচাপে এই সুবিধা দিব পাৰে নেকি?

[৩] চৰকাৰী মাটি কিছুমান পানীৰ মূল্যত বা বিনামূল্যে কোনো অতি বৃহৎ উদ্যোগপতি চাৰি-পাঁচজনমানক অতি বিশাল ভঁড়াল আৰু শীতল ভঁৰাল (Cold Storage) বনাবলৈ দিব নেকি?

[৪] অসমৰ বজাৰত সত্য প্ৰমাণিত নোহোৱা (Uncertified) শস্য বীজ, ভেজাল কীটনাশক আৰু তৃণনাশক দৰৱ আৰু ভেজাল ঔষধৰ পৰিমাণ বাঢ়িব নেকি?

[৫] কয়লা, বাংলাদেশলৈ অবৈধভাৱে গৰু পঠোৱা, ম্যানমাৰৰ চুপাৰি, ৰাজসাহায্যযুক্ত ৰাসায়নিক সাৰ, বালি, শিল, কাঠ, পান, কণী, মাছ আদিত চলি থকা সন্দেহযুক্ত ছিণ্ডিকেটবোৰ অধিক ব্যাপক ৰূপত চলিব নেকি? তাৰোপৰি কিছুমান নতুন সামগ্ৰী যেনে কাপোৰ, খোৱা তেল, মাৰ্বল, প্ৰসাধন সামগ্ৰী, মটৰ গাড়ীৰ পাৰ্টছ আদিতো ছিণ্ডিকেট আৰম্ভ হ’ব নেকি?

[৬] পুনৰ কেলেংকাৰিযোগে ধন আত্মসাৎ কৰিবলৈ লাখ লাখ অগভীৰ নলীনাদ বহুওৱা হ’ব নেকি? য’ত দুডাল বা তিনিডাল পাইপৰ প্ৰয়োজন তাৰ বাবে ছয় বা আঠডাল পাইপ কিনি ধন আত্মসাৎ কৰা হ’ব পাৰে৷

[৭] চৰকাৰে আৰু অধিক ঋণ লৈ ইচ্ছামতে নতুন নতুন নিৰ্মাণ কাৰ্য কৰিব নেকি য’ত প্ৰাক্‌কলনবোৰ প্ৰয়োজনীয় ধনৰ পৰিমাণতকৈ বেছি ধনৰ কৰা হ’ব পাৰে৷

[৮] অসমৰ চৰকাৰী বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক কলেজ, চিকিৎসা মহাবিদ্যালয় আৰু ডাঙৰ চিকিৎসালয় কিছুমানক পানীৰ দৰত ব্যক্তিগত খণ্ডৰ উদ্যোগপতি কিছুমানক গতাই দিয়া হ’ব নেকি?

[৯] অসম বিদ্যুৎ পৰিষদ আৰু অসম পৰিবহন নিগমৰ অব্যৱহূত মূল্যবান মাটিবোৰ কোনো বহিৰাগত বণিয়াক গতাই দিয়া হ’ব নেকি? আজি ব্যৱহাৰ নহ’লেও ভৱিষ্যতে সেই মাটিবোৰ শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্থাপন কৰিবলৈ প্ৰয়োজন নহ’বনে?

[১০] ৰাজ্যত বন ধবংস বাঢ়িব নেকি? আজি ৰাজ্যৰ কাঠৰ দোকানবোৰত ক’ৰ পৰা কাঠবোৰ আহি আছে চৰকাৰে হিচাব ৰাখিছেনে?

[১১] পাহাৰীয়া জিলা তিনিখনৰ বাঁহ হোৱা অঞ্চলবোৰ, চূণশিল, অন্য শিল আৰু গ্ৰেনাইটবোৰ মুস্তিমেয় কেইজনমান বহিৰাগত আৰু কেইজনমান ছিণ্ডিকেট চলোৱাত নাম থকা ব্যক্তিৰ নামত পঞ্চাশ বা ষাঠি বছৰৰ লীজত দিব নেকি?

[১২] চৰকাৰী মাটিত বেদখল কৰি থকা খিলঞ্জীয়া ভূমিহীন লোকসকলক উচ্ছেদ কৰি খিলঞ্জীয়াৰ স্বাভিমান আৰু মনৰ জোৰ একেবাৰে ভাঙি দিয়া হ’ব নেকি?

[১৩] পট্টাৰ মাটি, চৰকাৰী মাটি আৰু বনাঞ্চলৰ মাটি বলপূৰ্বকভাৱে দখল কৰা কাৰ্য বাঢ়িব নেকি?

[১৪] পৰ্যটনৰ বিকাশৰ নামত য’তে ত’তে মদৰ বাৰ, ৰিজ’ৰ্ট, ‘হোম ষ্টে’, ‘দিচকোঠেক’ আদিৰ সংখ্যা অনিয়ন্ত্ৰিতভাৱে বাঢ়িবলৈ দি ৰাজ্যক থাইলেণ্ডৰ দৰে কৰা হ’ব পাৰে নেকি?

[১৫]  ৰাজ্যত সাহিত্যিক, শিল্পী, খেলুৱৈ, অন্যান্য বুদ্ধিজীৱি সকলৰ বাবে পুৰস্কাৰ আৰু পেঞ্চন বৃদ্ধি কৰি তাৰে একাংশক চৰকাৰৰ কাম-কাজক সমালোচনা কৰাটো কমোৱাৰ চেষ্টা কৰা হ’ব নেকি?

[১৬] চৰকাৰী খেলপথাৰ, ষ্টেডিয়াম, সভাগৃহ কিছুমান ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীক গতাই দিব নেকি?

[১৭] চৰকাৰৰ দ্বাৰা প্ৰকাশিত কিতাপ আৰু পাঠ্যপুথিবোৰ সম্পূৰ্ণৰূপে ৰাজ্যৰ বাহিৰৰ প্ৰেছত ছপোৱাৰ ব্যৱস্থা কৰি স্থানীয় ভাষাৰ কিতাপৰ প্ৰকাশকৰ সংখ্যা হ্ৰাস কৰা হ’ব নেকি?

[১৮] বন্ধ হৈ থকা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ মাটিবোৰ বিভিন্ন প্ৰকাৰে বহিৰাগত বণিয়াক গতাই দিয়া হ’ব নেকি?

[১৯] চৰকাৰে নিৰ্দ্ধাৰণ কৰা ন্যূনতম মূল্যত যাতে ৰাজ্যৰ প্ৰায় ৮০০ গাঁও পঞ্চায়ত পৰ্যায়ৰ সমিতিসমূহৰ অধীনৰ প্ৰায় ১৬,০০০ এজেণ্টৰ জৰিয়তে কৃষকে ধান আৰু মৰাপাট বেচিব পাৰে তাৰ বাবে চৰকাৰে অক্টোবৰ মাহৰ ভিতৰত একো কাৰ্যকৰী ব্যৱস্থা নল’ব নেকি? এনে হ’লে আকৌ অহা বছৰো বেপাৰী আৰু মিলবোৰে পানীৰ মূল্যত কৃষকৰ পৰা ধান আৰু মৰাপাট কিনি আমাক ক্ষতি কৰিব৷

[২০] আকৌ ঋণ লৈ হিতাধিকাৰী সৃষ্টি আৰু বৃহৎ চৰকাৰী অনুষ্ঠানবোৰৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হ’ব নেকি? এনে কাম কৰা চৰকাৰক বোধকৰো বছৰেকীয়া বাজেটৰ প্ৰয়োজন নহ’ব৷

[২১] চৰকাৰী বিষয়া-কৰ্মচাৰীসকল আৰু মন্ত্ৰী-বিধায়কসকলক বছৰেকীয়া সম্পত্তিৰ হিচাবৰ লগতে আয়ৰ উৎস আৰু আয়কৰ দিয়া প্ৰমাণ পত্ৰ দিবলৈ বাধ্য কৰা নহ’ব, দুৰ্নীতিৰে আহৰণ কৰা ধনৰ বাবদ আয়কৰ দিয়া নহয় বাবেই বোধকৰো এনে কৰা নহ’ব৷

[২২] যিবোৰ পদবীত দুৰ্নীতিৰে যথেষ্ট ধন আহৰণ কৰিব পাৰি সেই পদবোৰত [সকলো বিভাগৰে] বিষয়া পদস্থাপনৰ প্ৰস্তাৱসমূহ বিভাগৰ একেবাৰে নিম্ন স্তৰৰ পৰা সংশ্লিষ্ট কতৃৰ্পক্ষ সকলৰ মতামতসহ উদ্ধৰ্তম কতৃৰ্পক্ষক অনুমোদন বা হুকুমৰ বাবে দিয়া নহ’ব৷ এতিয়া শুনামতে সেইবোৰ প্ৰস্তাৱ সাধাৰণ কাগজত এটা ৰহস্যজনক অনুষ্ঠানৰ পৰা কোনোবা এজন বিষয়াই গোটাই এজন ভৃগুমুনিৰ জৰিয়তে উদ্ধৰ্তম কতৃৰ্পক্ষৰ অনুমোদন লয়৷ কোন বিষয়া কিমান দক্ষ আৰু সৎ নে অসৎ সেইবোৰ প্ৰয়োজন অনুযায়ী বিচাৰ কৰা নহ’ব৷

[২৩] অসম ৰাজ্যিক অসামৰিক যোগান নিগমখন শক্তিশালী কৰা নহ’ব যাতে চৰকাৰে কিছুমান সামগ্ৰী কাৰো অভিযোগ বা বাধা নামানি যিকোনো মূল্যতে কিনিব পাৰিব৷ এনেবোৰ ঘটনা হ’লে অসমৰ ৰাজভঁৰালৰ কিমান ধন আত্মসাৎ কৰা হয় দুৰ্নীতিপৰায়ণ বুলি অভিযোগ থকা নেতাক ফুল দলিওৱা ৰাইজসকলে প্ৰশ্ন কৰিবনে?

উপৰিক্ত ৰাজ্যিক নিগমৰ জৰিয়তে কিনাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় শস্যবীজ, সাৰ, কৃষি যন্ত্ৰ, পাম্প, ফাৰ্ণিছাৰ, আৰু ঔষধ আদি বিভিন্ন সামগ্ৰী যদি দুৰ্নীতিপৰায়ণ যোগনীয়াৰৰ দ্বাৰা কিনা হয় তেনেহ’লে ৰাজ্যৰ চৰকাৰী ধন বহুতে লুট কৰে৷ এইবোৰ বন্ধ কৰাৰ চিন্তা নহ’ব নেকি?

[২৪] চৰকাৰী ঋণ কমাবলৈ ৰাজ্য চৰকাৰে অত্যধিক পৰিমাণৰ ঋণ লোৱাটো বন্ধ নহ’ব যেন লাগে৷ আজি ঋণ লোৱা সকলে অহা দহ বা পোন্ধৰ বছৰ পাছত ঋণ ওভতাই দিয়াৰ বাবে দায়বদ্ধ নহ’বও পাৰে৷ গতিকে ঋণ লৈ খুচি মতে খৰচ কৰাত বাধা ক’ত?

নিৰ্বাচনত জিকি ৰাজ্যত চৰকাৰ গঠন কৰা দল বা দলসমূহে ৰাইজৰ জনাদেশৰ যুক্তি দি ওপৰত উল্লেখ কৰা কাম সকলোবোৰ বা কিছুমান খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বাৰ্থ আৰু অস্তিত্বৰ বিৰুদ্ধে কৰি যাব পাৰে৷ তাত হাত আগবঢ়াবলৈ আজি আমাৰ মাজত বদনৰ অভাৱ হ’ল৷ আমাৰ কাম হ’ল দেখাত কিছু আচৰিত যেন লাগিলেও এই সম্ভাৱনীয়তাবোৰৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাটো৷ নিজৰ স্বাৰ্থ আৰু অস্তিত্ব সম্বন্ধে যথেষ্ট পৰিমাণে সজাগ নহ’লে কেৱল কৰ্মবিমুখ আৰু প্ৰমোদপ্ৰিয় লোকৰ ভৱিষ্যৎ অন্ধকাৰ৷

ফোনঃ ৯৪৩৫৫৫৫৬২৭

[এই প্ৰৱন্ধত ব্যক্ত কৰা মতামত লিখকৰ নিজৰ]