Logo
image

ৰাস্তাই-ঘাটে এই পৰ্যন্ত ১১১ কোটি টকা জব্দ

আমাৰ অসম, ১ এপ্ৰিলঃ বিজেপিয়ে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা নিৰ্বাচনী বিধি উলংঘা কৰি বিজ্ঞাপন প্ৰকাশ কৰা সন্দৰ্ভত পৰীক্ষা কৰি আছে নিৰ্বাচন আয়োগে৷ বুধবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাৰেই৷ জনতা ভৱনত আয়োজন কৰা সংবাদ মেলত খাৰেই আৰু কয়– নিৰ্বাচনী প্ৰচাৰৰ সময়ত ক’ভিড প্ৰট’কল ভংগ কৰা সন্দৰ্ভত নিৰ্বাচন আয়োগে একো কৰিব নোৱাৰে৷ এয়া দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়৷ ক’ভিড প্ৰট’কল উলংঘা কৰা বিষয়সমূহ পৰীক্ষা কৰি ব্যৱস্থা ল’ব দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত একো কৰিব নোৱাৰে৷ সংবাদ মেলত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াজনে নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ দিনৰে পৰা জব্দ কৰা ধন, সুৰা তথা নিচাজাতীয় দ্ৰব্যৰ বিৱৰণো দাঙি ধৰে৷ তেওঁ কয়– চলিত অসম বিধানসভা নিৰ্বাচন-২১ৰ আদৰ্শ আচৰণবিধি ২৬ ফেব্ৰুৱাৰীত বলৱৎ হোৱাৰ পৰা নগদ ধন আৰু অন্যান্য সা-সামগ্ৰী মিলি এতিয়ালৈকে অভিলেখসংখ্যক ১১০.৮৩ কোটিটকা জব্দ কৰা হৈছে৷ অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগ আদি প্ৰৱৰ্তক আৰু নিয়ামক কতৃৰ্পক্ষসমূহৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা জব্দ কৰা হৈছে৷ ২৬ ফেব্ৰুৱাৰীত আচৰণবিধি বলৱৎ হোৱাৰ পৰা এতিয়ালৈ সৰ্বমুঠ ২৪.৫০ কোটি টকা নগদ ধন জব্দ কৰাৰ সমান্তৰালভাৱে অবৈধ সুৰাকে ধৰি ৮৬.৩২ কোটি টকাৰ সা-সামগ্ৰী জব্দ কৰা হৈছে৷ ইয়াৰ ভিতৰত অবৈধ সুৰাৰ পৰিমাণ ১৬.৬১ লিটাৰ আৰু এই সুৰাখিনিৰ বজাৰ মূল্য ৩৩.৪৪ কোটি টকা৷ আনহাতে, স্থিৰ নিৰীক্ষণকাৰী গোট আৰু ফ্লায়িং স্কোৱাডে পৃথকে পৃথকে চলোৱা অভিযানত এতিয়ালৈকে ৩৪.২৯ কোটি টকা বজাৰ মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে– হেৰোইন-৪,২২৬.৮১ গ্ৰাম, টেবলেট-১,৭৪,০৮৮টা, ক্ৰিষ্টেল্লাইন মেথামফেটামাইন-১০.২৭ কিলোগ্ৰাম, কেপচুল-১,২২,১০০টা, গাঞ্জা-৬,৮৯২.৮২৩ কিলোগ্ৰাম, মৰ্ফিন- ১,০০০ গ্ৰাম আৰু ব্ৰাউন ছুগাৰ ২৫২.৮৫ গ্ৰাম৷ তদুপৰি ৩.৬৮ কোটি টকা মূল্যৰ ২,৫৮২.৫ গ্ৰাম সোণ-ৰূপৰ অলংকাৰ জব্দ কৰা হৈছে৷ তদুপৰি ১৪.৯১ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, জালুক, পপ্পী চিডকে ধৰি অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন সামগ্ৰীও জব্দ কৰা হয়৷ বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যয় বিধি উলংঘন সম্পৰ্কীয় ৫০খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে৷ সমান্তৰালভাৱে আবকাৰী আইন ভংগ কৰাৰ বাবেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫,২৩৪খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে৷ ৩০ মাৰ্চলৈকে নিৰ্বাচনী আচৰণবিধি উলংঘন সম্পৰ্কীয় ১,২৭২টা অভিযোগ cVIGIL এপৰ যোগেদি লাভ কৰা হৈছে আৰু ইয়াৰে ৯০৮টা অভিযোগৰ সত্যতা নিৰূপন কৰি বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ আনহাতে, বি-৯ প্ৰ-পত্ৰৰ যোগেদিও ১,৪২৪টা লিখিত অভিযোগ লাভ কৰা হৈছে৷ নগদ ধনৰ অবৈধ লেনদেন, সুৰা, ড্ৰাগ্‌ছ, অলংকাৰ আৰু অন্যান্য অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰীক্ষণ দল, প্ৰৱৰ্তক আৰু নিয়ামক কতৃৰ্পক্ষসমূহে ২৪ ঘণ্টাই তদাৰক কৰি আছে৷