Logo
image

বন্ধন বেংকে ঋণ মকুব নকৰে

হিমন্তবিশ্বৰ প্ৰতিশ্ৰুতি মিছা!

আমাৰ অসম, ১ এপ্ৰিলঃ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বোকাজান সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ যোৱা ২৭ মাৰ্চত কৈলামাটিত অনুষ্ঠিত নিৰ্বাচনী সভাত ‘মাইক্ৰ’ফাইনেন্স কোম্পানী’ৰ পৰা ঋণ লৈ বিপদত পৰা ৰাজ্যবাসীৰ ঋণ মাফ কৰিব বুলি কৰা ঘোষণাই ৰাজ্যখনত চলি থকা মাইক্ৰ’ফাইনেন্স কোম্পানীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ কৈলামাটিৰ নিৰ্বাচনী সভাত কয় যে, যদিহে অসমৰ ভোটাৰে পুনৰ বিজেপিক শাসনৰ সুযোগ প্ৰদান কৰে, তেন্তে বিজেপি চৰকাৰে অসমৰ ৰাইজে মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা লোৱা ঋণ মাফ কৰাই দিব৷ উল্লেখ্য, অসমৰ বিভিন্ন অঞ্চলত, ঘাইকৈ গাঁৱত মাইক্ৰ’ফাইনেন্স কোম্পানী যেনে বন্ধন বেংক আদিৰ পৰা ঋণ লৈ পৰিশোধ কৰিব নোৱাৰি অলেখ পৰিয়াল চৰম সংকটৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ অধিকাংশ গাঁৱত সেয়া এতিয়া জলন্ত সমস্যা৷ শাসনত থকাৰ সময়ত বিজেপি চৰকাৰে এই ভংয়কৰ সমস্যালৈ আওকাণ কৰি সমাধান নকৰাকৈ আছিল৷ এতিয়া সুযোগ বুজি হিমন্ত বিশ্ব শৰ্মাই সেই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে ঋণ মাফ কৰাৰ কথা ঘোষণা কৰি৷ হিমন্ত বিশ্ব শৰ্মাৰ সেই ঘোষণাৰ লগে লগে ৰাজ্যত পৰিচালিত হৈ থকা মাইক্ৰ’ফাইনেন্স কোম্পানীৰ ব্যৱসায়ত মাধমাৰ পৰিছে৷ 

এনে সময়তে অসমত পৰিচালিত বৃহত্তম মাইক্ৰ’ফাইনেন্স কোম্পানী বন্ধন বেংকৰ চি ই অ’ চন্দ্ৰশেখৰ ঘোষৰ ফেচবুকৰ এটা ‘ষ্টেটমেণ্ট’ ৰাজ্যত বিয়পি পৰিছে, য’ত তেওঁ বন্ধন বেংকে ঋণ মাফ নকৰে বুলি স্পষ্টভাষাত ঘোষণা কৰিছে৷ অৱশ্যে ৰাজ্যত ভাইৰেল হৈ পৰা চি ই অ’ৰ এই ফেচবুক পেজৰ ঘোষণাৰ সত্যতা ‘আমাৰ অসমে’ নিৰূপণ কৰিব পৰা নাই৷ বন্ধন বেংকৰ ফেচবুক পেজত তেনে কোনো আপল’ড এতিয়া দেখা পোৱা নাই৷ বেংক কতৃৰ্পক্ষৰ সৈতে ফোনত যোগাযোগৰ বাবে কৰা চেষ্টাও সফল নহ’ল, কাৰ্যালয়ৰ সময় পাৰ হোৱা বুলি ‘ইলেক্টনিক কল’ৰ পৰা উত্তৰ আহিল৷ ভাইৰেল হৈ পৰা উক্ত ঘোষণাত চি ই অ’ চন্দ্ৰশেখৰ ঘোষে জনাইছে যে, সেয়া হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত আৰু ৰাজনৈতিক মন্তব্য৷ ভোটৰ সৈতে ল’নৰ কোনো সম্পৰ্ক নাই৷ সেয়ে অসমৰ মহিলাসকলৰ বন্ধন ল’ন মাফ কৰা কোনো অৱস্থাতে সম্ভৱ নহয়৷ তদুপৰি বৰ্তমান বিজেপি চৰকাৰৰ পৰা বন্ধন বেংকে প্ৰায় ৫০০০ কোটি টকা পাবলৈ আছে৷ ২০১৭ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে বন্ধন বেংকৰ পৰা ৪ হাজাৰ ৪০ লাখ টকাৰ ঋণ লৈছিল৷ কিন্তু বিজেপি চৰকাৰে সেই ঋণ আৰু তাৰ সূদ আদায় দিয়া নাই৷ এনে অৱস্থাত নিৰ্বাচনৰ পাছত মহিলাসকলৰ ঋণ মাফ কৰা সম্ভৱ নহয়৷ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ সৈতে বেংকৰ কোনো সম্পৰ্ক নাই৷ এই ঘোষণা বেংকৰ পক্ষে ক্ষতিকাৰক আৰু মানুহক বিভ্ৰান্ত কৰাৰ নামান্তৰ৷ 

আনহাতে, ‘মানি কণ্ট্ৰল ডট কম’ সংবাদ গোটে হিমন্ত বিশ্ব শৰ্মাৰ উক্ত ঘোষণাৰ বাতৰি প্ৰকাশ কৰি জনাইছে যে, এই পৰ্যন্ত বন্ধন বেংক কতৃৰ্পক্ষই উক্ত ঘোষণাৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ কিন্তু এনে ঘোষণাই ৰাজ্যখনত মাইক্ৰ’ফাইনেন্স কোম্পানীৰ ব্যৱসায়ত মাধমাৰ মাৰিব বুলি কৈছে মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ সামুহিক সংগঠন ‘সা-ধন’ৰ কাৰ্যবাহী সঞ্চালক পি সতীশে৷ সতীশৰ মতে এনে ৰাজনৈতিক আৰু নিৰ্বাচনী ঘোষণাৰ ফলত নিয়মিত ঋণ পৰিশোধ কৰি থকা গ্ৰাহকেও ঋণ পৰিশোধ নকৰা হ’ব৷ ফলত ঋণ প্ৰদানৰ এই ব্যৱসায় অসমত বন্ধ হৈ পৰিব৷ বাকী থকা হাজাৰ হাজাৰ কোটি কোটি টকাৰ অনাদায় ঋণ এন পি এ অৰ্থাৎ নন পাৰ্ফমিং এছেটলৈ পৰ্যবসিত হ’ব৷ ফলত অসমৰ বিত্তীয় ব্যৱসায়ত মাধমাৰ পৰিব৷ ২০১০ চনত অন্ধ্ৰ প্ৰদেশত এনে ৰাজনৈতিক ঘোষণাৰ ফলত ৰাজ্যখনত মইক্ৰ’ফাইনেন্স ব্যৱসায় বিধবস্ত হৈ পৰিছিল৷ যি আজিকোপতি মূৰ দাঙি উঠিব পৰা নাই৷ যিহেতু বন্ধন বেংকৰ মুঠ ব্যৱসায়ৰ ৫০-৬০ শতাংশ অসমতে আছে, সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাই বন্ধন বেংকৰ অপমৃত্যু ঘটাব পাৰে৷