আজমল উধাও! হঠাৎ সংখ্যালঘুৰ প্ৰশংসাত পঞ্চমুখ অমিত শ্বাহ
আমাৰ অসম, ১ এপ্ৰিলঃ হঠাৎ সংখ্যালঘুৰ প্ৰশংসাত পঞ্চমুখ হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ এইবাৰ পোনে পোনে নহয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ গাত ভেজা দিহে মৌলনা বদৰুদ্দিন আজমলক সমালোচনা কৰিলে অমিত শ্বাহে৷ উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ উজনিৰ নিৰ্বাচনী সভাত ভাষণ দিবলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰায়েই প্ৰতিখন সভাতেই ঘূচপেথীয়া, বাংলাদেশীৰ অনুপ্ৰৱেশ, সভ্যতাৰ যুঁজ আদি প্ৰসংগৰ লগতে ক্ষুৰধাৰ সমালোচনাৰে মৌলনা বদৰুদ্দিন আজমলক ভিলেইন সজাইছিল৷ কিন্তু বুধবাৰে অমিত শ্বাহক দেখা গ’ল সংখ্যালঘুৰ দৰদীৰ ৰূপত৷ নামনিৰ সংখ্যালঘু মুছলমানক বিজেপিৰ চকুৰ কূটা, দাতৰ শাল সজাই উজনিত নিৰ্বাচনী প্ৰচাৰ চলোৱা অমিত শ্বাহে হঠাৎ সলনি কৰিলে ৰাজনৈতিক চেহেৰা৷ কাৰ্যতঃ বদৰুদ্দিন আজমল আৰু সংখ্যালঘু ভোটাৰক পৃথক কৰি এইবাৰ সুকীয়া সংখ্যালঘু ট্ৰাম্প কাৰ্ড খেলিলে অমিত শ্বাহে৷ নিৰ্বাচনী সভাত ভাষণ দি অমিত শ্বাহে ক’লে বিজেপি দলে নহয়, কংগ্ৰেছ দলেহে হিন্দু-মুছলমানক ভাগ কৰে৷ হিন্দু-মুছলমান, উজনি-নামনি, জানজাতি-নজনজাতি, বড়ো-অবড়োৰ ৰাজনীতি কৰে কংগ্ৰেছ দলে৷ তেওঁ দাবী কৰিলে যে হিন্দু-মুছলানক ভাগ কৰাটো বিজেপিৰ সংস্কৃতি নহয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘চব কা চাথ, চব কা বিকাশ’ নীতিৰ উদ্ধৃতি দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সংখ্যালঘু লোককো বিজেপিয়েই সমানেই চৰকাৰী আঁচনিৰ সুবিধা দিছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা কৃষাণ সন্মান নিধিয়ে হওক সকলো আঁচনিতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক সমান সুযোগ দিয়া হৈছে৷ প্ৰসংগ ক্ৰমে তেওঁ উল্লেখ কৰে যে কামৰূপ জিলাত নিৰ্মাণ হোৱা ৩৬৪০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ১২০০ টাই মুছলমান সংখ্যালঘু সম্প্ৰদায়ৰ লোকে পাইছে৷ অমিত শ্বাহে ভাষণত কয় যে অসমত হিন্দু মুছলমানে যুগ যুগ ধৰি মিলা-প্ৰীতিৰে বসবাস কৰি আহিছে৷ ইফালে ৰাহুল গান্ধীৰ গতি ভেজা দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এআইইউডিএফৰ প্ৰধান মৌলনা বদৰুদ্দিন আজমলক সমালোচনা কৰিবলৈ গৈ এনেদৰে কয়–‘ৰাহুল বাবাই কৈছে অসমৰ পৰিচয় বদৰুদ্দিন আজমল৷ কিন্তু বদৰুদ্দিন আজমল অসমৰ কেতিয়াও পৰিচয় হ’ব নোৱাৰে৷ অসমৰ পৰিচয় হ’ব পাৰে শংকৰদেৱ, মাধৱদেৱ, মা কামাখ্যা, গোপীনাথ বৰদলৈ, লাচিত বৰফুকন৷ বিজেপি দল সংখ্যালঘুৰ বিৰোধী নহয়, অনুপ্ৰৱেশকাৰীহে বিৰোধী৷ মৌলনা বদৰুদ্দিন আজমল আধুনিক কালাপাহাৰ আৰু তেওঁ কেতিয়াও অসমৰ পৰিচয় হ’ব নোৱাৰে৷’ লক্ষণীয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ শেষ হোৱাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দত্ত আদি সকলো নেতাই হঠাৎ হৈ পৰিছে সংখ্যালঘু দৰদী৷ প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বুধবাৰে এক নিৰ্বাচনী সভাত কথাই কথাই উল্লেখ কৰিলে ‘ইনচা আল্লা’ বুলি৷ যিহেতু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰিব, সেই অংকতে বিজেপি নেতাসকলৰ মৰম বাঢ়িছে সংখ্যালঘু ভোটাৰৰ প্ৰতি৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো যেন আজি ইয়াৰ পৰা ব্যতিক্ৰম হোৱা দেখা নগ’ল৷
পাঁচ বছৰে অসমত কোনো আন্দোলন দেখাই নাই অমিত শ্বাহে
বিগত পাঁচবছৰত অসমত হোৱা নাই কোনো আন্দোলন– এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ কংগ্ৰেছে অসম গণ পৰিষদক আন্দোলনত নমাই অসমৰ যুৱকৰ ওপৰত গুলী চলাই অসমীয়া যুৱকৰ প্ৰাণ কাঢ়ি লৈছিল আৰু সেই কংগ্ৰেছে বুধবাৰে বদৰুদ্দিন আজমলৰ বকোচাত উঠি আহিছে৷ চিৰাং জিলাৰ বিজনীৰ উলুবাৰীত বিজনী সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ তেওঁৰ মন্তব্যৰ পৰা এইটো প্ৰতিফলিত হয় যে, প্ৰকৃততে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে নাজানে নেকি ‘কা’ আন্দোলনৰ কথা?‘কা’ আন্দোলনৰ সময়ত পাঁচজনকৈ অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ তথ্য নাই নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত? আনফালে, তেওঁ অসমৰ যুৱকক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ভোট বিচৰাৰ অধিকাৰ নাই বুলি দাবী কৰে৷ যি পাৰ্টীয়ে বদৰুদ্দিনৰ বকোচাত উঠি আহিছে সেই পাৰ্টীয়ে অসমত অনুপ্ৰৱেশ ৰোধ কৰিব পাৰিব নেকি বুলি ৰাইজক প্ৰশ্ন কৰে৷ অনুপ্ৰৱেশ বন্ধ কৰাৰ কামতো আমি কৰিছোঁ, আমাক পাঁচবছৰ সময় দিয়ক অসমত বিদেশী কিয় পৰুৱা এটাও সোমাব নোৱাৰিব বুলি দাম্ভিকতাৰে মন্তব্য কৰে৷ তেওঁ ৰাহুল গান্ধীক সমালোচনা কৰি ৰাহুল বাবা অসমত পৰ্যটকৰ দৰে আহে আৰু অসমৰ পৰিচয় বদৰুদ্দিন আজমল বুলি কয়৷ এইক্ষেত্ৰত তেওঁ ৰাইজক অসমৰ পৰিচয় ভূপেন হাজৰিকা নে বদৰুদ্দিন আজমল বুলি প্ৰশ্ন কৰে৷ অসমত উগ্ৰপন্থীৰ অত্যাচাৰ চলিছিল, গুলী চলিছিল, অসমীয়া যুৱকৰ মৃত্যু হৈছিল, পুলিচ মৰিছিল, নাগৰিক মৰিছিল কিন্তু কংগ্ৰেছে একো কৰিব পৰা নাছিল৷ তেওঁলোকে সংঘৰ্ষ লগাই ভাল পাইছিল, কেতিয়াবা বড়ো-অনাবড়ো, আপাৰ আছাম-লোৱাৰ আছাম, কেতিয়াবা অসমীয়া-বাঙালীৰ কাজিয়া লগাইছিল৷ কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ বনাই বড়ো সমস্যাৰ সমাধান কৰিলোঁ, দুই হাজাৰতকৈ অধিক যুৱক বন্দুক সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহিলে, অসম উগ্ৰপন্থীমুক্ত হ’ল৷ তেওঁ লগতে বড়ো আলোচনাকাৰীসকলৰ লগত যি যি প্ৰতিশ্ৰুতি দিছিল ২০২২ চনৰ আগতে এটা এটাকৈ পূৰ্ণ কৰি শান্তিৰ অসম প্ৰতিষ্ঠা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ আনফালে, গৃহমন্ত্ৰীজনে অসমৰ বান সন্দৰ্ভত বিজেপিৰ সংকল্প পত্ৰত উল্লেখ কৰা ধৰণেৰে বিকশিত অসম গঢ়াৰ স্বাৰ্থত আগন্তুক পাঁচবছৰৰ ভিতৰত অসমক সম্পূৰ্ণ বানমুক্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ তেওঁ অসমত কেতিয়াও বান আহিব নোৱৰাকৈ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে৷ আনফালে, বিজেপিয়ে কাজিৰঙাৰ ভূমি বেদখলমুক্ত কৰি গঁড় হত্যা ৰোধ কৰা আৰু সত্ৰৰ ভূমি বেদখলমুক্ত কৰা বুলি দাবী কৰে৷ তদুপৰি তেওঁ চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ভাষণত মন্তব্য কৰে৷ তেওঁ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিজনী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰয়ক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, চিৰাং জিলা বিজেপিৰ সভাপতি বিপ্লৱ দেৱনাথ, কমতাপুৰ অট’নমাচ কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মন, বিটিচিৰ মনোনীত সদস্য প্ৰদীপ বায়ন, নেচনেল কাউন্সিলৰ মেম্বাৰ বিমোল এছোৱাল, কোক্ৰাঝাৰ লোকসভা সমষ্টিৰ পৰ্যৱেক্ষক বিনোদ ঘটীয়া, বিজনী বিধান পৰিষদৰ সভাপতি হৰিলাল বায়নকে ধৰি কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে৷ উক্ত নিৰ্বাচনী সভাত পাঁচশতাধিক জনতাৰ সমাগম হয়৷
হিন্দু-মুছলমানে মিলিজুলি থাকিবই লাগিবঃ অমিত শ্বাহৰ উপলব্ধি
‘হিন্দু-মুছলমানৰ সমন্বয়ৰ মিলনভূমি তীৰ্থ নগৰী হাজোলৈ আহি মই অভিভূত হৈছোঁ৷ হিন্দু-মুছলমান আমি এনেকৈয়ে মিলিজুলি থাকিব লাগিব৷ ভাৰতবৰ্ষত এটাই মাত্ৰ ৰাজনৈতিক দল আছে, সেয়া হ’ল বি জে পি৷ যিটো দলে হিন্দু -মছলমানক সমঅধিকাৰ দি আহিছে’– এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বুধবাৰে হাজোত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে হাজো উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বুধবাৰে বিয়লি অনুষ্ঠিত জনসমুদ্ৰত পৰিণতএক বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰসংগত লগতে কয়– বি জে পি চৰকাৰৰ মূল লক্ষ্যই হ’ল সব কা সাথ সব কা বিকাশ৷ বিগত সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল৷ কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বি জে পি চৰকাৰ হোৱাৰ পাছতো অসমৰ উন্নয়ন যথেষ্ট হৈছে৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৬খন দলং নিৰ্মাণ কৰা হৈছে৷ পাঁচ লাখতকৈও অধিক লোকক মাটিৰ পট্টা দিয়া হৈছে৷ মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত হিন্দু-মুছলমান বুলি কোনো ভেদভাব কৰা হোৱা নাই৷ ভাষণ প্ৰসংগত কংগ্ৰেছ -এ আই ইউ দি এফক কটাক্ষ কৰি অমিত শ্বাহে কয়– অসমত কংগ্ৰেছ শাসনলৈ আহিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব৷ কাজিৰঙা আৰু সত্ৰৰ ভূমি বেদখলকাৰীৰ পক্ষ লোৱা আজমলৰ লগ লাগিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ লগতে বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ কয়– অসমত আতংকবাদ নিৰ্মূল কৰি এখন সমৃদ্ধিশালী, বিকশিত অসম গঢ়ি তোলাটোৱেই বিজেপিৰ মূল লক্ষ্য৷ চৰকাৰে আগবঢ়োৱা কেতবোৰ জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি পুনৰবাৰ বিজেপি চৰকাৰ আহিলে অসমৰ ১০লাখ নিৱনুৱাক কৰ্মসংস্থাপন দিয়া হ’ব বুলিও উল্লেখ কৰাৰ লগতে অসমক আন্দোলনমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ খোদ অমিত শ্বাহে হাজোৰ বি জে পি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক দলীয় টিকট দিয়া বুলি সদিৰ কৰি তেওঁ হাজো সমষ্টিৰ ৰাইজক প্ৰাৰ্থীজনক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়৷ এই নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বৈজয়ন্ত পাণ্ডা, সাংসদ দিলীপ শইকীয়া, কুইন ওজা, মন্ত্ৰী কেশৱ মহন্ত, অগপ নেতা নুৰুল হুছেইন আৰু কেইবাজনো দলীয় নেতা উপস্থিত থাকে৷