গুৱাহাটীত বন্যহস্তীৰ বিচৰণঃ পথচাৰী-বাইক আৰোহীলৈ গজৰাজৰ খেদা
'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ৯ জানুৱাৰীঃ জিলা প্ৰশাসন আৰু বন বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ এচাম স্বাৰ্থলোভী লোকে অবাধে বনাঞ্চল ধ্বংস কৰাৰ পৰিণতিতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীয়ে মহানগৰীত সময়ে সময়ে উপদ্রৱ চলোৱা পৰিলক্ষিত হৈছে। সাতগাঁও সেনা চাউনীত বুধবাৰে আমচাং অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে তাণ্ডৱ চলায়।
কেইবাটাও পোৱালিসহ এটা বৃহৎ হাতীৰ জাকে বুধবাৰে দিনৰ ভাগত প্ৰথমে আমচিং যোৰাবাট অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই। স্বাভাৱিকতে বন্যহস্তীৰ জাকটোৰ আগমনক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত হুৱাদুৱা লাগে৷ বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ চৌহদৰ গছ-গছনি ভাঙি তাণ্ডৱ চলায়। পৰৱৰ্তী সময়ত হাতীৰ জাকটোৱে সাতগাঁও সেনা চাউনীত প্ৰৱেশ কৰি জলকেলি কৰে। তাৰ পিছত হাতীৰ জাকটোৱে সেনা চাউনীৰ মূল পথটোৰে অতিক্ৰম কৰাৰ সময়ত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে পথচাৰী আৰু মটৰ চাইকেল আৰোহীলৈ চোঁচা লয়৷
বন্যহস্তীৰ জাকটোৱে কেইবাঘণ্টা ধৰি সেনা শিবিৰত বিচৰণ কৰাৰ পিছত অৱশেষত স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক পুনৰ আমচাং অভায়ৰণ্যৰ ফালে খেদি পঠিয়াবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া কথা এই যে আমচাং অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে প্ৰায়ে সাতগাঁও, পাঞ্জাবাৰী, আমচিং যোৰাবাট আদি অঞ্চলত তাণ্ডৱ চলাই আহিছে। যাৰ পৰিপ্ৰেক্ষিতত গজৰাজৰ আগমনক লৈ বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে অঞ্চলবাসীয়ে৷