Logo
image

কৰ’নাৰ নতুন ঢৌ অসমত, নগাঁৱত আতংক

আমাৰ অসম, ১ এপ্ৰিলঃ ৰাজ্যত পুনৰ ক’ভিডৰ সংক্ৰমণ ভয়াবহ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে৷ শাসক-বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে নিৰ্বাচন আয়োগ আৰু স্বাস্থ্য বিভাগৰ মৌন ভূমিকাৰ বাবে ৰাজ্যৰ চৌদিশে কৰ’না ভাইৰাছে ছানি ধৰিছে৷ মঙলবাৰে এটা দিনতে ক’ভিডত আক্ৰান্ত হৈছে ৫৩জন লোক৷ কামাখ্যা দৰ্শনৰ বাবে অহা পৰ্যটকৰ লগতে নিৰ্বাচনী কামত জড়িত লোকো ক’ভিডৰ চিকাৰ হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে৷ উদ্বেগজনকভাৱে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱা ব্যক্তিয়ো ক’ভিডত আক্ৰান্ত হৈছে৷ গুৱাহাটীৰ লগতে প্ৰতিখন সৰু-বৰ চহৰতে সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে৷ নগাঁও জিলাৰ ৭জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাত সমগ্ৰ জিলাখনতে আতংকই বিৰাজ কৰিছে৷ লোককেইজন নগাঁও হয়বৰগাঁৱৰ বাসিন্দা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ তদুপৰি যোৰহাটৰ পৰা নগাঁৱলৈ অহা আন দুজন ব্যক্তিয়ো কৰ’নাত আক্ৰান্ত হৈছে৷ অসমত সম্প্ৰতি ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫০০জন লোক৷ অথচ দিনে দিনে সংক্ৰমণ বৃদ্ধি পাইছে যদিও চৰকাৰ-প্ৰশাসনৰ ফালৰ পৰা বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ৰাজ্যৰ লগতে দেশৰ কেইবাখনো চহৰত ক’ভিড মৃত্যুৰ উপত্যকাৰ সৃষ্টি কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৫৩,৪৮০জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ আনহাতে এদিনতে ক’ভিডত মৃত্যু হৈছে ৩৫৪জন ৰোগীৰ৷