ভেলাঘৰৰ জৰিয়তে সজাগতাৰ বাৰ্তাঃ হাতী-মানুহৰ সংঘাতৰ প্ৰতীকী ৰূপত ভেলাঘৰ নিৰ্মাণ
'আমাৰ অসম'ৰ ঢেকীয়াজুলিৰ বিশেষ প্ৰতিবেদকঃ সমাগত হেঁপাহৰ ভোগালী বিহু৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ বাবে চলিছে প্ৰস্তুতি৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যতিক্ৰমী আকাৰত মেজি, ভেলাঘৰ নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে ঢেকীয়াজুলিৰ ভালুকধৰা বালিশিহা গাৱঁতো ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰা হৈছ ভেলাঘৰ৷
হাতী-মানুহৰ সংঘাতক লৈ প্ৰতীকী ৰূপত এইবেলি ভালুকধৰাৰ ৰাইজে নিৰ্মাণ কৰিছে ভেলাঘৰ৷ এই ভেলাঘৰৰ জৰিয়তে সমাজত এক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে ৰাইজে৷ বন ধ্বংসৰ ফলত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত৷ বন্যপ্ৰাণীক আশ্ৰয় দিবলৈ সকলোৱে গছ ৰোপণ কৰি বন ধ্বংস ৰক্ষা কৰিব লাগে৷- এই বাৰ্তা দিব বিচাৰিছে এই ভেলাঘৰৰ জৰিয়তে৷ ইফালে, উৰুকাৰ নিশা এই ভেলাঘৰত হাঁহে-মাহে এসাঁজ খাই আনন্দ উপভোগ কৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে ভালুকধৰাৰ ৰাইজ ৷