Logo
image

পঞ্চায়ত ভোটক লৈ ঘোৰ অনিশ্চিয়তা

'আমাৰ অসম' ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জানুৱাৰীঃ পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত বিচৰাধীন হৈ থকা গোচৰ কেইটাৰ শুনানি শুকুৰবাৰে সম্পূৰ্ণ হয় যদিও মহামান্য ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত এক সংবাদ মেলত  ঘোষণা কৰে যে শুকুৰবাৰে নিশা ১২ বজাৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত ৰায়দান ঘোষণা কৰিলেহে ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব৷ ৰায়দান চৰকাৰৰ পক্ষত থাকিলেও যদিহে কাইলৈ ঘোষণা হয় তেন্তে  পঞ্চায়ত নিৰ্বাচন মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ  পাছতহে অনুষ্ঠিত হ’ব৷  বানপানী আন পৰিস্থিতি সাপেক্ষে হয়তো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ’বও পাৰে৷ সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশে ৰায়দান স্থগিত ৰাখে৷ আজি আবেলিৰ পৰা আমি কেবিনেট বৈঠকত ৰায়দানৰ বাবে ৩ ঘণ্টা অপেক্ষা কৰিলো৷ কিন্তু ৰায়দান ঘোষণা নোহোৱাৰ বাবে পঞ্চায়তৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলো৷ আজি নিশা ১২ বজালৈ আমি অপেক্ষা কৰিম৷ নিৰ্বাচন আয়োগ, ডিজিপিকো নিশালৈকে বহি থাকিবলৈ কৈছোঁ৷  কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে গোচৰটো গুৱাহাটী হাইক’ৰ্টত তৰিছিল৷ কৰিমগঞ্জৰ ১৯খন পঞ্চায়তকলৈ গোচৰটো তৰা হৈছিল৷ আমি কৈছিলো যে কৰিমগঞ্জক বাদ দি বাকী জিলাসমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায়৷  সাধাৰণতে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কোনো শাসকীয় চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে৷ কিন্তু আমি বিচৰাৰ পাছতো  কংগ্ৰেছৰ বিৰোধিতাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই৷ পঞ্চায়ত নিৰ্বাচনৰ সন্মুখীন হ’বলৈ তেওঁলোকৰ সাহস নাই৷ কেবিনেটৰ আন সিদ্ধান্তসমূহৰ বিষয়ে ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– আজিৰ কেবিনেটে গুৱাহাটীৰ খানাপাৰাত প্ত হাজাৰ মানুহ বহিব পৰা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহৰ বাবে ২৯০ কোটি টকা মঞ্জুৰ কৰে৷ আগষ্ট মাহৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়া হৈছে৷ গুৱাহাটী হাইক’ৰ্টৰ সমীপৰ ৰাজ্যিক অতিথিশালা আৰু কনভেনছন চেণ্টাৰ নিৰ্মাণৰ বাবে ৪৭৭ কোটি টকাৰ মঞ্জুৰী দিয়া হৈছে৷  যোৰহাট, ডিব্ৰুগড়ত ৰ লাখ লিটাৰকৈ একোটা গাখীৰ সংশোধন কেন্দ্ৰ স্থাপনৰ বাবে ১৫০ কোটি টকা অনুমোদন দিয়া হৈছে৷  অতিৰিক্তভাৱে ধেমাজি আৰু কাছাৰতো দুটা দুগ্ধ সংশোধন কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷



সমবায় সমিতিক দুগ্ধ বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলক প্ৰতি লিটাৰ গাখীৰৰ বাবে পাঁচ টকাকৈ ৰাজ সাহায্য দিয়াৰ সিদ্ধন্ত গ্ৰহণ কৰা হৈছে৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা এই ব্যৱস্থা বলৱৎ হ’ব৷ কাছাৰ কেন্সাৰ হাস্পতাল ছ’চাটিক ১০ বিঘা মাটিৰ  অনুমোদন দিয়া হৈছে৷ পাম অইলৰ খেতিক কেছক্ৰপৰ মৰ্যাদা দিয়া হৈছে৷ কেবিনেটে চাহ বাগিছাসমূহত ফাৰ্ণিছাৰ উদ্যোগ স্থাপনৰ এক নীতিটো অনুমোদন দিয়ে৷ বাগিছাসমূহে নিজৰ কাঠ বা আন কাঠ বৈধভাৱে লৈ ফাৰ্ণিছাৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰিব৷ ডিব্ৰুগড়ৰ দেওচালি প্ৰস্তাৱিত বনভূমিক  ৰাজহ গাঁৱলৈ পৰিৱৰ্তন কৰা হৈছে৷ মিছন বসুন্ধৰাৰ অধীনত বৰ্তমানলৈকে ৫ লাখ আৱেদন আহিছে৷ আজি আছিল অনলাইন আবেদনৰ অন্তিম দিন৷ নামঘৰ মন্দিৰ, স্কুল-কলেজ বা আন ৰাজহুৱা অনুষ্ঠানৰ বাবে মিছন বসুন্ধৰাত মেনুৱেল আবেদনৰ ব্যৱস্থা কৰা হৈছে৷ ৩০ জানুৱাৰীলৈকে এই আৱেদনৰ ব্যৱস্থা মুকলি থাকিব৷ বজাৰৰ মহলদাৰসকলে এতিয়াৰ পৰা শাক-পাচলি, পান-তামোলৰ দোকানীৰ পৰা কোনো কৰ ল’ব নোৱাৰিব৷ ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা প্ৰাদেশিকীকৰণৰ আওতাত নহা শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ বা আন সমস্যাই আজি সমাধানৰ কাৰণে মন্ত্ৰী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপ-সমিতি গঠন কৰি দিয়া হৈছে৷ এই কেবিনেট উপ-সমিতিয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব৷ অংগনবাড়ী, আশাকৰ্মী, মধ্যহ্নভোজনৰ কৰ্মীসকলৰ বেতন বৃদ্ধি বা আন কি সুবিধা দিব পৰা যায় বিষয়টো পৰীক্ষা কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগ, অশোক সিংঘাল আৰু পীয়ূষ হাজৰিকাক লৈ আন এখন কমিটী গঠন কৰি দিয়া হৈছে৷ এই কমিটীয়ে সকলো দিশ চোৱাচিতা কৰি প্ৰতিবেদন দাখিল কৰিব৷ আগন্তুক বাজেট অধিৱেশনৰ পূৰ্বে তেওঁলোকে প্ৰতিবেদন দিব৷