Logo
image

বকোত গোপীনাথৰ প্ৰচাৰত বংগৰ অভিনেত্ৰী শতাব্দী ৰয়

আমাৰ অসম, ১ এপ্ৰিলঃ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া   বকো সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ৷ সমষ্টিটোৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা পূৰ্বৰ চাৰিবাৰৰ বিধায়ক গোপীনাথ দাসৰ হৈ বুধবাৰে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায় বাংলা ছবি জগতৰ মোহময়ী অভিনেত্ৰী শতাব্দী ৰয়ে৷ সমষ্টিটোৰ টুপামাৰীত তৃণমূল কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি শতাব্দী ৰয়ে সোণতলী আৰু বৰালীমাৰাতো নিৰ্বাচনী সভাত   ভাষণ প্ৰদান কৰে৷ সহস্ৰাধিক লোকৰ উপস্থিতিত নিজৰ ভাষণত শতাব্দীয়ে কয়, তৃণমূল কংগ্ৰেছৰ মূল আদৰ্শ হৈছে মমতা বেনাৰ্জী৷ যি গৰাকী নেত্ৰীৰ কাম আৰু চিন্তা  মানুহৰ হকে, মানৱতাৰ হকে কাম কৰা৷ অসম বিধান সভাত দৰিদ্ৰ, নিপীড়িত মানুহৰ হক আদায় কৰাৰ বাবে প্ৰতিনিধিৰ প্ৰয়োজন আৰু সেই প্ৰয়োজন পুৰণ কৰিবলৈ গোপীনাথ দাসক নিৰ্বাচিত কৰিবলৈ তেওঁ আহ্বান জনায়৷  সভাত বকো সমষ্টিৰ প্ৰাৰ্থী গোপীনাথ দাসে শাসনাধিষ্ঠিত বিজেপিৰ লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, নৰেন্দ্ৰ মোডীৰ নিচিনা মিছলীয়া ব্যক্তি হয়তো ভাৰতবৰ্ষত পোৱা নাযাব৷ দেশৰ সম্পদ সমূহ এপদ এপদকৈ বিক্ৰী কৰি বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰখনত ভাৰতবাসীক মোদীয়ে লজ্জানত কৰিছে বুলিও কয় গোপীনাথ দাসে৷