মৰিকলঙত জোৱাৰ তুলি আৰম্ভ হ’ল নাওখেল
বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁৱত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত নাওখেলৰ উদ্বোধন মনোজ কুমাৰ গোস্বামীৰ
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰীঃ ‘ৰূপান্তৰ সহজ নহয়৷ কেৱল টকা-পইচাৰে ৰূপান্তৰ সম্ভৱ নহয়৷ তাৰ বাবে লাগিব প্ৰবল ইচ্ছা শক্তি৷ মানুহৰ অন্তৰৰ পৰা প্ৰচেষ্টা লাগিব৷’– নগাঁৱৰ নেহৰুবালিত ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত ১১২ সংখ্যক ভোগালী বিহু উৎসৱৰ আজি অন্তিম দিনা মৰিকলং বিলত আয়োজিত নাওখেল প্ৰতিযোগিতা উদ্বোধন কৰি এইদৰে কয় বিশিষ্ট গল্পকাৰ- সাংবাদিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ মৰিকলং বিলৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ‘ৱাকিং জ’ন’ আৰু বিলৰ এটা অংশৰ সৌন্দৰ্য বদ্ধৰ্নৰ প্ৰসংগত তেওঁ কয়– এই কামখিনি যে কৰি দেখুওৱা হ’ল তাৰ বাবে শলাগ ল’বই লাগিব৷ নামনি অসমৰ পৰম্পৰাগত নাওখেল ইয়াত আৰম্ভ কৰা হৈছে, সেয়া ডাঙৰ কথা৷ আপোনালোকে এই পৰম্পৰা আৰু জীয়াই ৰাখক৷ আপোনালোক সফল হ’বই৷ কাৰণ আপোনালোকৰ সুযোগ্য নেতৃত্ব আছে৷
মৰিকলঙক সজীৱ কৰাৰ যি চেষ্টা তাক অন্তৰৰ পৰা শলাগ লৈছো৷ গোস্বামীয়ে পুনৰ কয়– আমি যে অকণমান ওলাই আহিছো৷ প্ৰকৃতি-জলাশয়, নদীৰ সৈতে সংপৃক্ত হোৱাৰ চেষ্টা কৰিছো সেইটো বৰ ডাঙৰ কথা৷ তেওঁ আৰু কয়– এই উষ্ণায়নৰ দিনত নদী-জলাশয়ৰ খুউৱ প্ৰয়োজন হৈছে৷ আমেৰিকাত কেনেকৈ দেশ জ্বলি গৈছে সেয়া সকলোৱে দেখিছে৷ মৰিকলং বিলত অনুষ্ঠিত এই নাওখেল প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন স্থানৰ ৮ টা দলে অংশগ্ৰহণ কৰে৷ উদ্বোধনী অনুষ্ঠানত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি, বিধায়ক ৰূপক শৰ্মাই প্ৰতিযোগীসকলক শুভেচ্ছা জনাই ভাষণ দিয়ে৷ অনুষ্ঠানত বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন, নগাঁৱৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা উপস্থিত থাকে৷ নাওখেল চাবলৈ মৰিকলং বিলত বহু লোকৰ সমাৱেশ হয়৷